পৃথিৱীৰ ৰং
সঁচাকৈয়ে আজি পৃথিৱীৰ ৰং
পুৰণি হল…
আধুনিক মানৱ সমাজ
অৰ্ধনগ্ন হৈ ঘূৰি ঘূৰি ফুৰা
আদিম সমাজত পৰিণত হল,
হত্যা হিংসা ধৰ্ষণ লুণ্ঠনে
চৌপাশে আৱৰিছে আজি
মিছা মিছা লাগিছে আজিৰ পৃথিৱী
এই মনোমোহা সেউজী প্ৰকৃতি।।
মানৱতাৰ যেন মৃত্যু হল…!
হেৰাই গল সাতামপুৰুষীয়া একতাৰ এনাজৰী,
আপোন মাটিত ভাইয়ে ভাইয়ে
আজি ঠাই ঠাই হৈ পৰিছে।
জাতিৰ বাবে দোহৰ বাবে
নিশা ঘুৰি ফুৰা ডেকাজন ও আজি
দিন দুপৰতে ৰাজপথত হত্যাৰ বলি হৈছে।
আজি চৌকাষে শুনো
হৃদয় ভঙা মাতৃৰ কৰুণ বিননী
কত শত জনৰ আশাৰ চাকি
পলকতে গল মৰহি
মিছা মিছা লাগে আজিৰ এই পৃথিৱী।
অমৰেন্দ্ৰ দাস
শোলমাৰা,নলবাৰী