পৃথিৱীৰ হাওঁফাওঁ সুৰক্ষিত হৈ আছেনে?
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
উদ্ভিদ কেৱল এবিধ প্রাকৃতিক সম্পদেই নহয়, ই আমাৰ ৰক্ষাকবচ। সালোক -সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি অক্সিজেনক জীৱকূলৰ বাবে এৰি দিয়ে । এনেদৰে উদ্ভিদ আৰু প্ৰাণীৰ ভাৰসাম্যতা বৰ্তি থাকে । গছে অক্সিজেন উৎপাদন কৰাৰ লগতে জীৱমণ্ডলৰ বাবে সুস্থ নিটোল বায়ুমণ্ডলৰ সৃষ্টি কৰে । জীৱজগতখন চলি থাকিবলৈ উদ্ভিদৰ প্ৰয়োজনীয়তা কোনো কালেও নুই কৰিব নোৱাৰি সেয়েহে গছক “পৃথিৱীৰ হাওঁফাওঁ”(Earth’s lungs)বুলি কোৱা হয়। আমাৰ হাওঁফাওঁ বিকল হৈ পৰিলে আমি জীয়াই থকাৰ কথা কল্পনা কৰিব নোৱাৰো। তেনেদৰে পৃথিৱীৰ হাওঁফাওঁত যি বেমাৰে দেখা দিছে নাজানো প্ৰকৃতিৰ অস্তিত্ব কিমানদিন বৰ্তি থাকিব ! গছ-গছনি শান্ত , স্থিৰ তথা সহনশীলতাৰ প্রতীক । সৰ্বজনবিদিত যে বায়ু অদৃশ্যমান, কিন্তু ইয়াৰ অস্তিত্ব অনুভূত। কিন্তু যান্ত্রিকতাৰ কৰাল গ্ৰাসত ইয়াৰ অস্তিত্ব কিমান দূৰ সুৰক্ষিত? আমাৰ জীৱন ক্ৰমান্বয়ে যন্ত্ৰমুখী হৈ উঠিছে । এক নৱযুগৰ উত্তৰণ ঘটিছে , সেয়া হৈছে যান্ত্রিকতাৰ যুগ । যান্ত্রিকতাৰ পাকচক্ৰত আমি ইমানেই মগ্ন হৈ পৰিছোঁ যে আমাৰ সেউজ গৃহৰ কথা পাহৰি গৈছো। এচামে আভিজাত্যৰ কীৰ্তিস্তম্ভ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে আৰু তাৰ বাবে কাটি তহিলং কৰিছো গছ-গছনি , অৰণ্য । জীৱ- জন্তুৰ খাদ্য আৰু বাসস্থানৰ সংঘাত সৃষ্টি কৰিছে।আমি কেতিয়াবা নিজকে প্ৰশ্ন কৰোনে? প্ৰকৃতাৰ্থত কাক কাটিছো আচলতে গছক নে আমাৰ পৃথিৱীখনক ধ্বংসৰ ৰচনা ৰচিছো? আমাৰ আয়ূস টুটিছে নিজৰ দোষতেই । ল’ৰালিত মা আৰু আইতাৰ মুখত শুনা ৰাক্ষসৰ সাধুবোৰত ৰাক্ষসৰ প্ৰাণ ভোমোৰা হেনো টেমাত ভৰোৱা আছিল তদ্রূপ আমাৰ প্ৰাণ ভোমোৰা গছতে আবদ্ধ। কিন্তু সেয়া আমি বুজো কিমানজনে ? গোটেই বছৰ ক’মাত জীন যোৱা গছক নিদিৰ্ষ্ট একোটা দিৱসত অস্ৰোপচাৰ কৰি হ’লে সুস্থ কৰোৱা হয় কাৰণ সেইদিনাইতো কিছু তথাকথিত প্ৰকৃতিপ্ৰেমীয়ে নিজৰ প্ৰেমৰস্বৰূপ ফুটাই তুলে । লগতে মডেলৰ দৰে চাকচিক্য ফটো শ্বুট কৰি নিউজৰ হেডলাইনৰ লগতে কাকতৰ মুখ্যপৃষ্ঠা দখল কৰে তাৰ পিছতেই গছৰ অৱস্থা হয় তথৈবচ।সুন্দৰতাৰ বহুগুণাৰ নেতৃত্বত গঢ়ি উঠা ‘চিপকো আন্দোলন’কে আদি কৰি প্ৰকৃত প্ৰকৃতিপ্ৰেমীসকলে প্ৰাণে-পণে নানান বিপ্লৱ কৰিও কিমানদূৰ সক্ষম হৈছে ? কেৱল বিপ্লৱৰ সোণোৱালী পৃষ্ঠা দখল কৰিলে! ‘অমৃত বৃক্ষ’ ৰোপন আচঁনি গ্ৰহণেৰে চৰকাৰৰে এক প্ৰশংক্ষনীয় পদক্ষেপ হাতত লৈছে যদিও সেইবোৰ সম্পূৰ্ণ কাৰ্যক্ষম হোৱা নাই । শিক্ষানুষ্ঠানৰ পৰা আদি আন বিভিন্ন অনুষ্ঠান , আত্মসহায়ক গোট আদিলৈ গছপুলি প্ৰদান কৰা হৈছে যদিও সেইবোৰো সঠিক আপডালৰ অভাৱত মাটিতে বিলীন হৈ যোৱাৰ উপক্ৰম।তদুপৰি কিছু ক্ষেত্ৰত নিজৰ প্রয়োজন পূৰণাৰ্থে আমি ৰক্ষক হৈ পৰো ভক্ষক। আমাৰ সম্পদৰাজিৰ চোৰাং ব্যৱসায়ীতো আছেই । অবৈধতভাৱে দেশ-বিদেশত লাখ-লাখ টকাৰ বজাৰ চলে। সৰুতে পঢ়া ডঃ ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘গছ ভালপোৱা ককাৰ খং’ কবিতাটি মনলৈ আহে , গছ জোপা কাটি ৰভাখন দিয়াৰ বাবে খুৰাৰ মনত যি ক্ষুব্ধতাৰ জোৱাৰ উঠিছিল সেয়া যদিহে আমাৰ প্ৰত্যেকজনৰে মনত থাকিলেহেঁতেন , আজি হয়তো দেশৰ উদ্ভিদজগতৰ এনেকুৱা হাল নহলহেঁতেন। আমাৰ মূৰৰ আকাশখনকেই আমি সংকটাপন্ন কৰি তুলিছো । যাৰ বাবে জলবায়ুৰ ইমান দ্ৰুত পৰিৱৰ্তন ! আমি লোকচক্ষুত মহান হ’বলৈহে গছ ভালপোৱাৰ নাটকত সুন্দৰ অভিনয় কৰি যাও। বাকী ক্ষেত্রত আমি হত্যাকাৰীৰ স্বৰ্ণ মুকুট শিৰত ধাৰণ কৰিয়ে আছো ।আজি দেশত বিনাশে দেখা দিয়াৰ মূল কাৰণেই যেন গছ আধাৰিত। বৰ্তমান অহৈতুক ঋতু পৰিৱৰ্তনৰ বা বলিছে । শীত ঋতুতো শিলাবৃষ্টিয়ে চৌপাশ তচনচ কৰে , অনাকাংশিত বানৰ তাণ্ডৱে বুৰাই পেলাই জগত । অন্যহাতে বাৰিষাকালত কঙাল খৰাঙে দেখা দিয়ে, মাটি ফাট মেলে , কৃষিভূমিৰ চৰম ক্ষতি হয়। হাবি- জংঘলবোৰ কাটি তহিলং কৰি উদ্যোগবোৰ গঢ়ি তুলিছে যাৰ ফলত জীৱ -জন্তু আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে । বন্যপ্ৰাণীৰ আক্রমণত মানুহ মৃত্যুমুখত পৰাও পৰিলক্ষিত হয় । বায়ুমণ্ডলত যি শুষ্কতা, আদ্ৰতাই ঘেৰি ধৰিছে , সেই ক্ষেত্ৰত CFC গেছৰ উপদ্ৰৱ অব্যক্ত। তদুপৰি উদ্ভিদে গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ পৰা আদি কৰি গৰাখহনীয়াৰ পৰা ভূমি সংৰক্ষণ, বন্য প্ৰাণীৰ খাদ্যাদি- বাসভূমি , প্ৰদূষণ নিয়ন্ত্ৰণ তথা বাষ্পীভৱন প্ৰক্ৰিয়াৰে জীৱজগতত পানীৰ ভাৰসাম্যতা বজাই ৰখাত গুৰুদায়িত্ব পালন কৰে ।গতিকে, আমি ক’ব পাৰোঁ যে এনেকৈ অমানৱিকভাৱে গছ কটা চলি থাকিলে তথা গছ-গছনিক সুৰক্ষিত ৰখাৰ চেতনা জাগৰণ নহ’লে অদূৰ ভৱিষ্যতে আমাৰ দেশ মৰুভূমিলৈ পর্যবসিত হ’ব, সেয়া ধুৰুপ । তেতিয়া ‘ধৰিত্ৰী দিৱস’ৰ নামত যিমানেই দিন ধাৰ্য কৰা নহওক কিয় উদ্ভিদ অবিহনে সেয়া নিৰৰ্থক হৈ ৰ’ব । ‘ অৰুণ্য মানৱে’ যিখন সেউজ পৃথিৱীৰ সপোন দেখিছে সেয়াও হৈ পৰিব ব্যৰ্থ; সেয়েহে আমি সকলোৱে প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি সচেতনতা অৱলম্বন কৰা উচিত নহ’লে জীৱশ্ৰেষ্ঠ মানৱ হৈ পৰিম হাওঁফাওঁহীন যান্ত্রিক মানৱ ।