পৃথিৱীৰ অসুখ – নাছিৰ আহমেদ

Pc Family Health Care of Siouxland
পৃথিৱীৰ অসুখ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা 
যোৱা কেইবাদিনৰ পৰাই
পৃথিৱীৰ খুৱ অসুখ ;
সৰ্ব্ব শৰীৰত প্ৰচণ্ড উত্তাপ  ;
42 ডিগ্ৰী চেলচিয়াছৰ ঘৰ স্পৰ্শ কৰিলেই ।
দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ যৌৱন-প্ৰাপ্ত
পৃথিৱীৰ দেহ ভাঙি-চিঙি তচনচ হৈ গৈছে  ;
এতিয়া অৱশিষ্ট আছে মাথো অস্থিসাৰ অৱয়ব !
যোৱা বছৰেও পৃথিৱী ঋতুমতী আছিল
দেহৰ শিৰা-উপ-শিৰাৱেদি প্ৰৱাহিত হৈছিল
স্ৰোতস্বিনী,চিৰ প্ৰৱাহিনী গঙ্গা-যমুনা আৰু লুইত,
বিশাল বুকুত গজি উঠিছিল সেউজ পৰ্বত মালা,
চৰাই-চিৰিকটিৰ সাঙ্গীতিক মূৰ্চ্ছনাত
পৃথিৱী ৰজনজনাই গৈছিল  ;
ডেকা-গাভৰুৰ প্ৰাণত যৌৱন উথলি উথলি উঠিছিল !
এতিয়া , সকলো সপোন সপোন লাগে।
পৃথিৱীয়ে হেৰুৱাইছে ৰূপ-ৰস-ৰং-সৌন্দৰ্য্য
একেবাৰে হৈ পৰিছে নিঃস্ব,সৰ্ব্বস্বান্ত !
হয়তো যি কোনো মুহূৰ্ততে পৃথিৱী
কবৰৰ এন্ধাৰ গহ্বৰত বা
শ্মশানৰ চিতাত উঠি  চিৰদিনৰ বাবে হেৰাই যাব !
পৃথিৱীৰ যে খুৱেই অসুখ !!
যোৱা বছৰো পৃথিৱী ঋতুমতী আছিল!!