পূৱ মাজুলী মহাবিদ্যালয়ত তিনিদিনীয়া ‘ফিউচাৰ ইয়ুথ লিডাৰশ্বিপ বুথ কেম্প’ৰ সফল সামৰণি

পূৱ মাজুলী মহাবিদ্যালয়ত তিনিদিনীয়া ‘ফিউচাৰ ইয়ুথ লিডাৰশ্বিপ বুথ কেম্প’ৰ সফল সামৰণি

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ যোৰহাট কেন্দ্ৰৰ “মাই ভাৰত” উদ্যোগত পূৱ মাজুলী মহাবিদ্যালয়ত আয়োজন কৰা তিনিদিনীয়া ‘ফিউচাৰ ইয়ুথ লিডাৰশ্বিপ বুথ কেম্প’ৰ আজি সফলতাৰে সামৰণি পৰে। এই প্ৰশিক্ষণ শিবিৰ বিশেষকৈ মাজুলী সমষ্টিৰ বিধায়ক ভূৱন গামৰ তৎপৰতাত আয়োজন কৰা হৈছিল। শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ-পূৱ মণ্ডলৰ সভাপতি  নিতুল কুমাৰ নাথ, পূৱ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ  দীপক কুমাৰ বৰা আৰু মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS) গোটৰ হৈ সূৰ্য কুমাৰ দলে উপস্থিত থাকে।

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোৰ আঁত ধৰে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত যুৱ সমাজকৰ্মী মাধুৰ্য বেজবৰুৱাই। যুৱ প্ৰজন্মৰ মাজত নেতৃত্বৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ তিনিগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰোপৰি যোৰহাটৰ ‘মাই ভাৰত কেন্দ্ৰ’ৰ জ্যেষ্ঠ গাণনিক বিষয়া বুলি হাতীবৰুৱা, কনিষ্ঠ গাণনিক বিষয়া মাধুৰ্য শৰ্মা আৰু যোৰহাটৰ ৰূপক ৰঞ্জন দত্ত বিশেষভাৱে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰে। উল্লেখ্য যে, মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৩৫ গৰাকী যুৱক-যুৱতীয়ে এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি উপকৃত হয় ।