পূৱৰ আকাশত জিলিকি উঠক ৰাঙলী সুৰুয – ডঃ লখিমী গগৈ

PC - Stacy Corwin
পূৱৰ আকাশত জিলিকি উঠক ৰাঙলী সুৰুয
ডঃ লখিমী গগৈ
প্ৰতিদিনেই  প্ৰেমত পৰো
এটা ভাল দিনৰ আশাত
আশাৰ আকাশত এজাক বালিমাহী উৰুৱাও
বিশ্বাসত লব পৰা এটা সময়ৰ আশাত
প্ৰেমবোৰ বুকুত আছে বাবেই
জীয়াই আছো
এটা সুন্দৰ সপোনৰ আশাত
কোনে জানে ৰাতিপূৱালে বা কি হ’ব
কোন কাৰ শতৰু হ’ব
কোন কাৰ বাবে ঘাতক হৈ ৰ’ব
অথবা কালিকা লগা  সময়বোৰত
জীৱনৰ ঠিকনাই সলনি হ’ব ।।
বিশ্বাস অবিশ্বাসৰ দোমোজাত আজি প্ৰতিটো পল
সৰি পৰে এটি এটি আলফুলীয়া সময়
নিৰ্জনতাৰ কোলাহলত  হৃদয়ৰ  মৌন  উচুপনি
সময়ে আজুৰি নিয়ে
জীৱনৰ খৰশ্ৰুত গতি
শৰতে শৰতে এতিয়া অলেখ প্রতিশ্রুতি
এটা অংকৰ সমাধানত হাজাৰ সমীকৰণ
জ্যামিতিক অথবা বৈজ্ঞানিক সূত্রৰ
ৰাসায়নিক পৰীক্ষা গৱেষণাগাৰত
উত্তৰ কিন্তু ধ্রুৱক চিৰশাশ্বত
সহায়হীন সকলো
উত্তৰহীন
জীৱন এতিয়া নজৰবন্দী
অচিন ঘাতকৰ
কোনে জানে,
কোনে কেতিয়া অকণমান উশাহৰ অভাবত
হাঁহাকাৰ কৰিব লাগে
এই যে আপোন মানুহবোৰৰ লগত কৰা ধেমালী বোৰ
সকলো  স্মৃতি হৈ ৰ’ব পাৰে
জীৱন এতিয়া তেনেকুৱাই
আস্থাহীন
জিকি জিকিও হাৰি যায় সকলো আপেক্ষিক
ভাল বোৰ যদি মোৰ
ভুলবোৰো মোৰেই
ময়েই কঢ়িয়াও দুখৰ বীজ
সুখৰ মদিৰা বিচাৰি
বাজিলেও বাজক আজি ৰণশিঙা দুন্দুভি
পূৱৰ আকাশত জিলিকি উঠক
ৰাঙলী সুৰুযটি
জীৱনৰ জয় হওক
সময় বোৰ হৈ পৰক সকলোৰে বাবে সুখৰ
উশাহখিনি হৈ পৰক চিৰন্তন বিশ্বাসৰ।