পূৰ্বৰ বিশ্বৰ দীৰ্ঘতম ৰে’লখনৰ অভিলেখ ভংগ

Pc The Janambhumi

পূৰ্বৰ বিশ্বৰ দীৰ্ঘতম ৰে’লখনৰ অভিলেখ ভংগ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্বৰ দীৰ্ঘতম ৰে’লখনৰ চলাচল ছুইজাৰলেণ্ডৰ আল্লছ পর্বত হৈ গ্রাউবানডেন কেন্টনলৈ আৰম্ভ হয়।প্রায় ২ কিল মিটাৰ দীঘল এই ৰে’লখনত ১০০টা দবা আছে। ৰে’লৱেই ঘোষণা কৰে যে এই ৰে’লখনে পূৰ্বৰ বিশ্বৰ দীৰ্ঘতম ৰে’লখনৰ অভিলেখ ভংগ কৰিলে।ৰিশ্যন ৰে’লৱে ছুইজাৰলেণ্ডৰ বিখ্যাত ৰে’লৱে ছিষ্টেম আৰু এই ৰেলৱেৰ ১৭৫ সংখ্যক বার্ষিকীত নতুন ৰে’লখন প্ৰৱৰ্তন কৰা হয়।ৰে’লখন ১,৯১০ মিটাৰ (৬,২৬৬ ফুট) দীঘল আৰু ১০০টা দবা আছে।ৰে’লখন ছুইজাৰলেণ্ডৰ মনোৰম আল্পছ পৰ্বত হৈ ছুইজাৰলেণ্ডৰ পূব ভাগৰ গ্ৰাউবানডেন কেন্টনলৈ যায়।উল্লেখযোগ্য যে, ১৯৯০ৰ দশকত বেলজিয়ামত প্ৰৱৰ্তন কৰা বিশ্বৰ দীৰ্ঘতম ৰে’লখনতকৈ ছুইজাৰলেণ্ডৰ এই ৰে’লখন কেইবাশ মিটাৰ বেছি দীঘল।সন্মুখত ‘আল্পাইন ক্রুজ’ বুলি লিখা ৰে’লখনত মুকলিৰ দিনটোত ১৫০জন যাত্রীয়ে ভ্রমণ কৰে।