পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘ,অসমৰ সংবাদ মেল
মুখ্যমন্ত্ৰীৰ নাম কৈ জয় ধব্নি
ৰঙিলী বাৰ্ত্তাসেৱা- পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘ,অসমৰ উদ্যোগতই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে। উক্ত সংবাদ মেলত তেওঁলোকে কৃষকৰ কৈল্যানৰ বাবে চৰকাৰে দৃঢ় পদক্ষেপ লোৱা বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক পোন প্ৰথমে অভিনন্দন জ্ঞাপন কৰে। তাৰোপৰি অসম চৰকাৰে যি বোৰ পদক্ষেপ লোৱাৰ বাবে কৃষক সকলৰ উৎপাদিত সামগ্ৰী উন্নত মানৰ হোৱাৰ লগতে চৰকাৰী ভাবে চৰকাৰী মূল্যত ক্ৰয় কৰাৰ ব্যৱস্থা কৰা, চৰকাৰৰ ৰাজ সাহায্য প্ৰদান কৰা, ইত্যাদি বিষয় বোৰৰ ওপৰত সংবাদ মেলত কয়। তেওঁলোকে আৰু কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃষক বন্ধু উপাধিৰে সন্মানিত কৰিব বিচাৰিছে। তেওঁলোকে আজি মুখ্যমন্ত্ৰী লৈ শুভেচ্ছামূলক কিছুমান কথা লিখা প্লেকাৰ্ড হাতে হাতে লৈ সংবাদ মেলত প্ৰদৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ নাম কৈ জয় ধ্বনি দিয়ে। মুখ্যত তেওঁলোকৰ প্ৰধান উদ্দেশ্য হৈছে, অসমত প্ৰাকৃতিক আৰু জৈৱিক ভাবে কৃষি কৰ্ম কৰা খেতিয়ক সকলক উদগণি আৰু উৎসাহ যোগোৱা আৰু অসম চৰকাৰে গ্ৰহণ কৰা কল্যাণ কামী আঁচনি সমূহ কৃষকৰ ওচৰলৈ লৈ যোৱা। আজিৰ সভাত কৃষক সংঘাত সভাপতি খুদেশ্বৰ পেগু, সম্পাদক পৰেশ চন্দ্ৰ বৈশ্য, উপদেষ্টা ছহিদুল ইছলাম, পৰিচালন সমম্বয়ক পিন্টু দাস, ৰেকিব খান, জয়নাল আবেদিন, পূৰ্ণ গন্ধীয়া, প্ৰগতিশীল কৃষকৰ সমৰ্জিত চৌহান, লক্ষ্যধৰ চহৰীয়া, খগেন ডেকাকে আদি কৰি সাংবাদিক সহ প্ৰায় ৩৫ গৰাকী লোক উপস্থিত আছিল। উল্লেখ কৰিব পাৰি যে এই সন্মিলিত কৃষক সংঘ যোৱা ৫ মাহ মান আগতে নতুনকৈ আত্ম প্ৰকাশ কৰিছে।