পূ্ণ্যধাম বৰদোৱা থান দৰ্শন সৰ্বানন্দ সোণোৱালৰ

পূ্ণ্যধাম বৰদোৱা থান দৰ্শন সৰ্বানন্দ সোণোৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কৃষ্ণভক্তিক কেন্দ্ৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাহানিতে নগাঁৱৰ পৱিত্ৰ বৰদোৱাত দৌল উৎসৱৰ পাতনি মেলি ভক্তিৰসৰ সঞ্চাৰ কৰিছিল।দৌল পূৰ্ণিমা উপলক্ষে গুৰুজনাৰ পদধূলাৰে ধন্য পুণ্যধাম বৰদোৱা থান দৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমাজৰ সৰ্বত্ৰ মংগল কামনাৰে সেৱা জনায়। সত্ৰখনত অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণ দৌল যাত্ৰা মহোৎসৱৰ হেতুকে চৌদিশ ভক্তিপ্ৰাণ ৰাইজৰ অপাৰ উৎসাহ-উদ্দীপনাৰে মুখৰিত হৈ পৰাৰ আধ্যাত্মিক পৰিৱেশৰ অংশ হৈ তেওঁ আহ্লাদিত হৈ পৰে।