পূব মণ্ডল খেলো ইণ্ডিয়া মহিলা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ

Pc NDTV Sports

পূব মণ্ডল খেলো ইণ্ডিয়া মহিলা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ খেলো ইণ্ডিয়াৰ তত্বাবধানত, চাইক্লিং ফেডাৰেচন অফ ইণ্ডিয়াৰ উদ্যোগত আৰু চাইক্লিং সন্থা, অসমৰ সহযোগত ১১-১২ মাৰ্চ আৰু ১৪-১৫ মাৰ্চত সোণাপুৰস্থিত লক্ষ্মিবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্ৰতিষ্ঠানত পূব মণ্ডল খেলো ইণ্ডিয়া মহিলা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হব। প্ৰতিযোগিতাখনত ৭ খন ৰাজ্য উত্তৰ প্ৰদেশ, বিহাৰ, ঋাৰখণ্ড, পশ্চিম বংগ, মণিপুৰ. ওড়িশা আৰু অসমে অংশগ্ৰহণ কৰিব। অসম চাইক্লিং সন্থাৰ সম্পাদক ড০ তপন দাসে জনোৱা অনুসৰি মহিলা ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপখন এলিট, জুনিয়ৰ আৰু ছাব জুনিয়ৰ শাখাত অনুষ্ঠিত হব। প্ৰতিযোগিতাখন স্প্ৰীন্ট, কেইৰিন, টাইম ট্ৰায়েল, ব্যক্তিগত পাৰছুইট আৰু স্ক্ৰেটচ্ ৰেচ ইভেন্টত অনুষ্ঠিত হব বুলি তেওঁ লগতে জানিবলৈ দিয়ে।