পূব ভাৰতৰ প্ৰথমখন একক চুপাৰ স্পেচিয়েলিটি কিডনী হস্পিতাল

পূব ভাৰতৰ প্ৰথমখন একক চুপাৰ স্পেচিয়েলিটি কিডনী হস্পিতাল – ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেজ (আই ইউ কে ডি)-ত ভাৰতৰ প্ৰথমটো চুপাৰ স্পেচিয়েলিটি চাব-ক্লিনিক “ষ্টোন ক্লিনিক” মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা- দ্ৰুত উদ্যোগীকৰণৰ সময়ৰ পৰা পৰিৱৰ্তিত খাদ্যাভ্যাস আৰু শ্ৰমবিমুখ জীৱনশৈলীৰ বাবে সাম্প্ৰতিক সময়ত কিডনী ষ্টোনৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমিষ আহাৰৰ প্ৰচলনকে আদি কৰি অন্যান্য আৰ্থ-সামাজিক ব্যৱস্থাৰ বাবে ভাৰতবৰ্ষৰ অন্য ঠাইৰ তুলনাত (১২%) উত্তৰ-পূৰ্বাঞ্চলত কিডনী ষ্টোনৰ প্ৰদুৰ্ভাৱ কিছু বেছি (১৫%)।এনে পৰিস্থিতিত কিডনী ষ্টোনৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে লগতে ইয়াৰ প্ৰতিৰোধ আৰু শ্ৰেষ্ঠতম চিকিৎসা প্ৰদানৰ বাবে এক সুকীয়া আৰু উৎসৰ্গিত ব্যৱস্থাৰ দৰকাৰ আহি পৰে।এই উদ্দেশ্য সাৰোগত কৰিয়েই পূৱ ভাৰতৰ প্ৰথমখন কিডনী হস্পিতাল ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেজ (আই ইউ কে ডি)-ত আজি ষ্টোনমেন অৱ ইণ্ডিয়াখ্যাত প্ৰখ্যাত ইউৰ’লোজিষ্ট ডাঃ দেৱজিৎ বৈশ্যৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰথমখন ষ্টোন ক্লিনিক মুকলি কৰা হয়।বিশ্বমানৰ শ্ৰেষ্ঠতম স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দ্যেশ্যেৰে স্বনামধন্য ইউৰ’লোজিষ্ট ডাঃ অৰূপ কুমাৰ নাথে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰত প্ৰতিষ্ঠিত কৰে ইনষ্টিটিউট অৱ ইউৰ’লোজি এণ্ড কিডনী ডিজিজেজ, চমুকৈ আই ইউ কে ডি। ১২ ছেপ্তেম্বৰৰ, ২০২৩-ৰ পৰা স্বাস্থ্য সেৱা আগবঢ়াই অহা ১০০ খন বিচনাযুক্ত আই ইউ কে ডিত ভাৰতবৰ্ষৰ প্ৰথমখন চুপাৰ স্পেচিয়েলিটি চাব-ক্লিনিক “ষ্টোন ক্লিনিক” আনুস্থানিকভাৱে উদ্বোধন কৰি অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ড° পাৰ্থ সাৰথি মহন্তই আই ইউ কে ডিৰ উৎসৰ্গিত স্বাস্থ্যসেৱাৰ মনোভাবক ভূয়সী প্ৰশংসা কৰে। এই অনুস্থানত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডাঃ পি এম ডেকা আৰু বিশিষ্ট প্ৰৱন্ধকাৰ তথা কলা-সমালোচক অংকুৰ ডেকাও উপস্থিত থাকে। ভাষণ প্ৰসংগত তেওঁলোকে কয় যে মহানগৰৰ কোলাহল আৰু যান-জঁ‌টৰ পৰা আতৰত সোণাপুৰৰ সুন্দৰ নৈঃসৰ্গিক পৰিৱেশৰ মাজত এক সুবিশাল এলেকাত অৱস্থিত আই ইউ কে ডিৰ পৰিষ্কাৰ-পৰিচ্ছন্ন চৌহদৰ শলাগ লয়।আই ইউ কে ডিৰ আপাতকালীন বিভাগে সপ্তাহৰ সাতোটা দিনেই ২৪ ঘণ্টাই নিৰৱচ্ছিন্নভাৱে চিকিৎসা সেৱা আগবঢ়াই আহিছে৷উল্লেখ্য যে জন্মলগ্নৰে পৰা আই ইউ কে ডিয়ে প্ৰতি বৃহস্পতিবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, অটল অমৃত আৰু আয়ুস্মান ভাৰত যোজনাৰ কাৰ্ডধাৰীসকলকে ধৰি চৰকাৰী আঁ‌চনিৰ অন্তৰ্ভুক্ত ব্যক্তিসকলৰ বাবে আৰু লগতে সংবাদ কৰ্মীসকলৰ বাবে বিনামূলীয়া বহিঃবিভাগ সেৱা আগবঢ়াই আহিছে।উল্লেখ্য যে ভিন্ন ভিন্ন শল্য চিকিৎসাৰ বাবে চৰি প্ৰকাৰৰ ভিন্ন লেজাৰ মেচিন উপলব্ধ আই ইউ কে ডি সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তথা একমাত্ৰ হস্পিতাল।ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে সোধা এক প্ৰশ্নৰ উত্তৰত আই ইউ কে ডিৰ মুখ্য পৰিচালন সঞ্চালক তথা লেজাৰমেন অৱ ইণ্ডিয়াখ্যাত মুখ্য ইউৰ’লোজি বিশেষজ্ঞ ডাঃ অৰূপ কুমাৰ নাথে কয় যে অনতি পলমে আই ইউ কে ডিত বৃক্ক সংৰোপনৰ লগতে ইউৰ’লোজিৰ ডি এন বি শিক্ষাও আৰম্ভ কৰা হ’ব। লেজাৰমেন ডাঃ নাথে প্ৰসংগক্ৰমে উল্লেখ কৰে যে অনতি পলমে আই ইউ কে ডিৰ চৌহদত এখন নাৰ্চিং মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ’ব। তেওঁ আকৌ কয় যে আই ইউ কে ডিত অদূৰ ভৱিষ্যতে ৰ’বোটিক চিকিৎসা সেৱাও আৰম্ভ কৰা হ’ব।