পূনৰ্জন্ম, কৰ্মদক্ষতা আৰু সফলতা
বৈকুণ্ঠ প্ৰসাদ গোস্বামী
হিন্দুদৰ্শন মতে মানবজীৱনৰ কৰ্মদক্ষতা আৰু সফলতা নিৰ্ভৰ কৰে প্ৰত্যেক জীৱন পূৰ্বজন্মৰ কৰ্মফল আৰু দৈবৰ ওপৰত ৷ প্ৰত্যেক জন্মৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে পৰবৰ্তী জন্মৰ স্থান, ভাগ্য সফলতা আদিৰ৷ জীৱশ্ৰেষ্ঠ মানুহে তেওঁৰ জীৱনৰ কৰ্মৰাজী শুদ্ধ বা সৎ ভাবে পৰিচালনা কৰি নিজৰ ভৱিষ্যতৰ উৎকৰ্ষ সাধন কৰিব পাৰে৷ কিছুমান ধৰ্ম বা বিজ্ঞানমনস্ক মানুহে পুনৰ্জন্মৰ কথা বিশ্বাস নকৰে৷ হিন্দুধৰ্ম্মাবলম্বীৰ সকলৰ বাবে গীতাত ভগবান শ্ৰী কৃষ্ণই সাংখ্যযোগৰ ২২ নম্বৰ শ্লোকত অৰ্জ্জুনক কৈ গৈছে যে “মানুহে যেনেকৈ জীৰ্ণবস্ত্ৰ পৰিত্যাগ কৰি নতুন বস্ত্ৰ গ্ৰহণ কৰে সেইদৰে আত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি নতুন শৰীৰ গ্ৰহণ কৰে৷ হিন্দুধৰ্মৰ মতে আত্মাৰ হৰণ, ভগন নহয় বা মৃত্যু নহয়৷ এটা আত্মা নিজৰ কৰ্ম্ম অনুসাৰে যি কোনো জীৱ হৈ চৰাই-চিৰিকতি, কীট-পতঙ্গ, গছ-লতা, জীব-জন্তু বা মানুহ হৈ জনম লব পাৰে৷ সকলো জন্মৰ ভিতৰত অকল মানব জন্মতহে নিজৰ বিচাৰ বুদ্ধিৰে কাম কৰি আত্মাৰ উৎকৰ্ষ সাধন কৰিব পাৰে, বাকী জন্মবোৰ খালি শাস্তি ভোগাৰ বাবে অজ্ঞ ভাবে জীবন যাপন কৰিব লাগে৷৷ শ্ৰীমদ্ ভাগৱতত বৰ্ণিত ৰজা ভৰতৰ কাহিনীত পূৰ্ণজন্মৰ বিশদ বিৱৰণ পোৱা যায়৷ ৰজা ভৰতে গোতেই জীবন ভাল কাম কৰি মুক্তিৰ ওছৰ পোৱাৰ পিছত শেষ বয়সত এটা হৰিণা পোৱালীৰ মোহত পৰি পিছৰ জন্মত হৰিণা হৈ জন্ম লব লগা হয়৷ কিন্তু তেওঁ এই জন্মত কৰা ভালকামৰ বাবে জাতিস্মৰ হৈ জন্ম লয়৷ হৰিণাৰ পিছত তেওঁ জড়ভৰত হিসাবে জন্ম লাভ কৰে আৰু পূৰ্বজন্মৰ কথা মনত ৰাখি সকলো লোভমোহৰ পৰা আতৰি থাকি মুক্তিলাভ কৰে ৷ বৰ্তমান মেডিয়াৰ বহুল প্ৰসাৰৰ সময়ত দেখিবলৈ পোৱা যায় যে ভালদৰে মাতনুফুটা শিশুৱে কঠিন কঠিন হিন্দি চিনেমাৰ গান সলসলীয়াকৈ শুদ্ধ সুৰ-তালত গাই যায় আৰু কোনোকোনো শিশুৱে ডাঙৰ মানুহে নজনা কথাবোৰো প্ৰশ্নোত্তৰ শিতানত সলসলীয়াকৈ কৈ যায়৷ কিন্তু বয়সৰ লগে লগে যেতিয়া মানসিক চিন্তাবোৰ কলুষিত হবলৈ আৰম্ভ কৰে এই গুণবোৰ লাহে লাহে নাইকীয়া হয়৷ পুৰ্ব্ব জন্মৰ কিছু স্মৃতি জন্মৰ পিছত থাকি যায় কিন্তু বয়সৰ লগে লগে নাইকীয়া হৈ যায়৷ ইয়াৰ কিবা বৈজ্ঞানিক ব্যাখ্যা আছে যদি নাজানো ৷
পূৰ্বজন্মৰ কৰ্ম্মফল আৰু দৈবিক লিখনে মানুহৰ কৰ্ম্মদক্ষতা আৰু সফলতাৰ নিৰ্ণয় কৰে৷ একেটা শ্ৰেণীৰ একেজন শিক্ষকে পঢ়োৱা, একেটা বিষয়ৰ ওপৰত শ্ৰেণীটোৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে সমান ভাবে গ্ৰহণ কৰিব নোৱাৰে৷ সেইবাবে পৰীক্ষাৰ ফলাফলো বেলেগ বেলেগ হয়৷ মানুহৰ ক’ত জন্ম হ’ব বা জন্মৰ পিছত কেনেকুৱা পৰিবেশ পাব সেইটো নিৰ্ভৰ কৰিছে তেওঁলোকৰ কৰ্মফল বা দৈবৰ ওপৰত৷ এই বিষয়ে এটা কাহিনী আছে৷ এবাৰ এজন ৰাজকুমাৰ আৰু ৰজাৰ নাপিতৰ এটা ল’ৰা একে সময়তে জন্ম হ’ল৷ গতিকে নাপিতে ভাবিলে যে একে সময়তে হৈছে যেতিয়া ল’ৰাটোৰ ভাগ্য ৰাজকুমাৰৰ লগত একে হব ৷ নাপিতে ৰাজকুমাৰৰ বিষয়ে ৰজাৰ জ্যোতিষীয়ে কি কয় শুনি থাকে আৰু পুতেকাৰা একে হব বুলি ভাবে৷ এদিন ৰজাৰ জ্যোতিষীয়ে ৰাজকুমাৰে সেইদিনা এটা জীৱ উপহাৰ পাব বুলি ক’লে৷ সচাকৈয়ে ওছৰৰ ৰজা এজনে এটা হাতীপোৱালী উপহাৰ হিছাবে দিলে৷ নাসিতে পুতেকেও হাতী পোৱালী পাব বুলি ফুৰ্তিতে ঘৰলৈ গ’ল৷ দেখিলে জীব এটা পাইছে হয়, কিন্তু হাতী পোৱালী নহয়, ভেকুলী এটাহে বন্ধু এটাই ঠেংত বান্ধি তাক উপহাৰ দিছে৷ গতিকে একে সময়তে বা একেটা ক্ষণভে জন্ম হোৱা বুলিয়ে সকলোৰে ভাগ্য একে নহয়, নিৰ্ভৰ কৰিছে কি পৰিবেশত জন্ম লৈছে তাৰ ওপৰত৷
মই ভাবো যে ভগৱানে সকলো মানুহৰ সফলতা বিফলতাৰ এটা সীমা নিৰ্দ্ধাৰণ কৰি দিছে৷ কোনো মানুহে নিজৰ ইচ্ছাৰে একো কৰিব নোৱাৰে৷ সকলো প্ৰকৃতিৰ বিধান মতেহে হব৷ নহলে কোনো মানুহ ধনী-দুখীয়া, বিদ্বান-মুখ, সৰু ডাঙৰ নহলহেতেন৷ কোনোমানুহৰ মৃত্যুৱে নহলহেতেন, কাৰণ কোনোমানুহে মৰিব নিবিছাৰে, কোনো বুঢ়া হ’ব নোখোজে৷ জন্ম সময়ৰ সঠিক নিৰ্দ্ধাৰণ হ’লে জ্যোতীষশাস্ত্ৰৰ দ্বাৰা এজন মানুহৰ ভূত ভবিষ্যতৰ সকলো কথা নিৰ্ভুল ভাবে কব পাৰি ৷ বছৰৰ শেষত কেতিয়া সূৰ্য্যাস্ত বা সূৰ্যে্যাদয় হয়, কেতিয়া কেইবজাত কেনেধৰণৰ চন্দ্ৰগ্ৰহণ বা সূৰ্য্যগ্ৰহণ হব বছৰৰ আৰম্ভণিতে ওলোৱা পঞ্জীকাত লিখা থাকে আৰু ই সম্পূৰ্ণ শুদ্ধ হয়৷ কিছুমান তথাকথিত বিজ্ঞানমনস্ক মানুহে জ্যোতিষ শাস্ত্ৰক এক ভুৱা বিচাৰধাৰা বুলি উৰুৱাই দিব খোজে৷
মানুহৰ জীৱন যুক্তৰ উত্থান-পতন, সংঘৰ্ষ আদিৰ বিষয়ে এটা সৰল সূত্ৰৰে সুন্দৰ ভাবে ব্যাখ্যা কৰিব পাৰি৷ ইয়াক — পিছল খুটাৰ তত্ত্ব (Theory of sliding post) হিছাবে নামাকৰণ কৰিব পাৰি৷ এইটো স্বতঃসিদ্ধ যে মানুহৰ সকলো উত্থান পড়ন, জীৱন সংঘৰ্ষ তেওঁৰ ভাগ্য বা পূৰ্বজন্মৰ কৰ্মফলৰ ওপৰত নিৰ্ভৰ কৰে৷ এজন মানুহে ২৪ ঘণ্টা কাম কৰিও কিবা কৰি জীৱিকা নিৰ্ব্বাহ কৰি থাকে কিন্তু কোনো কোনোজনে অলপ পৰি৷ ম কৰিয়ে যথেষ্ঠ উপাৰ্জন কৰে৷ কোনোব্যক্তি অলপ কাম কৰিয়ে সৰুৰে পৰা বিখ্যাত হৈ পৰে, কিন্তু কোনোৱে গোটেই জীৱনটো কাম কৰিও যশষ্যা অৰ্জন কৰিব নোৱাৰে৷ মোৰ মতে পৃথিবীৰ প্ৰত্যেক মানুহৰ বাবে সফলতাৰ বেলেগ বেলেগ সীমা নিৰ্দ্ধাৰণ কৰি একোটা পিছল খুটা দিয়া আছে৷ প্ৰত্যেক মানুহৰ বাবে সফলতাৰ সীমা বা খুটাটোৰ মসৃনতাৰ মাত্ৰা বেলেগ বেলেগ৷ মুকেশ আম্বানি আৰু মোৰ সফলতাৰ সীমা আৰু খুুটাটোৰ মাজত আকাশ পাতাল পাৰ্থক্য৷ নিস্কৰ্মা মানুহ বিলাকৰ বাহিৰে সকলো মানুহে অলপ জনা হোৱাৰে পৰা এই খুটাত বগাবলৈ অহৰহ চেষ্টা কৰি থাকে৷ স্কুললৈ যাবলৈ আৰম্ভ কৰাৰে পৰা এই প্ৰতিযোগিতা আৰম্ভ হৈ যায়৷ আৰু লাহে লাহে বান্ধি দিয়া সীমাটোৰ ফালে অগ্ৰসৰ হয়৷ যেতিয়াই কোনো ব্যক্তিয়ে তেওঁৰ কাৰণে নিৰ্দ্ধাৰণ কৰা সীমা অতিক্ৰম কৰে তেতিয়াই বেমাৰ বা অন্যান্য উপসৰ্গৰ দ্বাৰা আকৌ তললৈ পিছলি পৰে৷ পৰিবেশ ঠিক হোৱাৰ পিছত পুনৰ বগাবলৈ আৰম্ভ কৰে আৰু এই প্ৰক্ৰিয়া জীয়াই থকালৈকে অহৰহ চলি থাকে৷ মাজে মাজে কোনো কোনো মানুহৰ সফলভাৰ সীমাটো তেওঁৰ কৰা চেষ্টাৰ [সাধনাৰ] বাবে অলপ উঠাই দিয়ে যাৰ ফলত তেওঁ আগতকৈ অলপ বেছি সফল হয়৷ বগোৱাত অলপ অন্যমনস্ক হ’লে বা কোনো অসৎ পন্থা অৱলম্বন কৰিলে এটা সময়ত কেতিয়াও উঠিব নোৱাৰাকৈ তললৈ সৰি পৰিব৷ বহুত উদাহৰণ আমাৰ হাতত আছে৷ আমি বুজি পোৱা হোৱাৰে পৰা অহৰহ এই খুুটাত বগাবলৈ চেষ্টা কৰি আছো আৰু এইদৰে আমাৰ জীবনটো শেষ হৈ যায়৷
ভগবানে গীতাত সকলো কাম ফলাফলৰ আশা নকৰাকৈ ভগৱানত অৰ্পণ কৰি কৰিবলৈ কৈছে৷ ফলাফলত আমাৰ অধিকাৰ নাই৷ আমাৰ অধিকাৰ অকল কৰ্ম্মতহে সকলো মানুহে ভগৱানে নিৰ্দ্ধাৰণ কৰি দিয়া খুটাটোৰ কথা মনত ৰাখি সন্মুখত অহা কৰ্ম্ম বোৰ কৰি গলে জীবনত কোনো নোপোৱাৰ বেদনা বা হতাশাৰ ভাব নাথাকিব৷ ভগৱানে বান্ধি দিয়া সীমাটো চুবলৈ অহৰহ চেষ্টা কৰি থাকিব লাগিব, তাতে জীবনৰ সাৰ্থকতা ৷ প্ৰতি মানুহ জন্ম হওঁতেই কিছুমান কাম কৰিবৰ বাবে নিদ্ধৰ্ৰণ কৰি দিছে৷ অমাৰ চেষ্টা হব লাগিব যাতে আমি এই কাম যিনি কৰাত গাফিলতি নকৰো৷