পূজা পূজা লাগিছে
ছেলিমা বেগম
নগাঁও
কোমল বতাহ জাকে ,
কাণে কাণে কৈ দিয়ে
পূজা পূজা লাগিছে।
কঁহুৱা, শেৱালি, নিয়ৰ বোৰে
কৈ দিলে পূজা আহিছে ।
নদীৰ পাৰত উতলা বতাহত
নাচি নাচি কঁহুৱা বোৰেও ৰৈ থাকে
পূজা আহিছে বুলি।
পূজা মানেই আনন্দ, পূজা মানেই ফূৰ্তি
তল সৰা শেৱালি ফুলৰ মিঠা গোন্ধা
চৌদিশে আমোলমোল ।
বতাহত কঁহুৱা নাছিলে, আকাশত
শুকুলা ডাৱৰে খেলিলে
দুবৰি বোৰ নিয়ৰৰ মুকুতা পিন্ধিলে
পূজা পূজা লাগে, আৰাধনা
কৰা হয় মা দুৰ্গাদেৱীক।
পূজাৰ বাঁহী বাজে দূৰণিত
মা দুৰ্গা আহে বছৰত এবাৰ
মা দুৰ্গাপূজাৰ নৃত্যৰ তালে তালে
মা দূৰ্গা আহে ত্রিভূবনত
তোমাৰ অপূৰ্ব ৰূপৰ মহিমা চমৎকাৰ
ধৰাৰ বুকু’লৈ নামি আহি
সকলোৰে আশা পূৰ্ণ কৰিবা।