পূজাৰ বজাৰ – ৰশ্মি ৰেখা দুৱৰা

Pc- Zanziworld tours

পূজাৰ বজাৰ

                          ৰশ্মি ৰেখা দুৱৰা
                            ডিব্ৰুগড়(অসম)

তয়ে লবি এইবাৰ।মই নলওঁ।বিহুত মই এটা ফ্ৰক লৈছিলোঁ নহয়।সেইটোৱে মই পূজা চাব পাৰিম।বিহুত লোৱা ফ্ৰকটো মোৰো ভালে হৈ আছে।ময়ো নলওঁ।যিকেইটা পইচা মাই দিব,দুয়োজনীয়ে মিলি মালৈকে কাপোৰ লৈ আহিম।মাৰ ক’ৰবালৈ যাবলৈ ভাল কাপোৰ নায়েই দেখোন।

—“লাকি,ৰিনি ভাত বাঢ়িলোঁ খাই লহি আহ  সোনকালে।মই পুতুকণ বৰদেউতা ঘৰলৈ যাম।পূজা আগে আগে ভঁৰাল খালী কৰিছে।সেয়েহে মোক ধানবোৰ জাৰি দিবলৈ কৈছে।তাৰ বিনিময়ত পোৱা টকাকেইটাৰে অন্ততঃ তহঁত দুজনীয়ে ভালকৈ সমনীয়াৰ লগত গৈ ওচৰৰ পূজাখন দৰ্শন কৰিব পাৰিবি।”

–“হ’ব মা’,তুমি যাবা।আমি দুজনীয়ে ঘৰৰ সকলো কাম কৰিম।” দুয়োজনীয়ে একেলগে মাত দিলে।যিহেতু দেওবাৰ স্কুলো বন্ধ।

–“ঠিক আছে।ভালকৈ থাকিবি।কাজিয়া নকৰিবি।”

দুয়োজনী মিলাপ্ৰীতিৰ একেডাল জৰীৰে বান্ধ খাই থাকে।কোনেও বান্ধ চিঙিব নোৱাৰাকৈ।তথাপিও ক’ৰবালৈ এৰি গ’লে দুয়োজনীকে মাকে কৈ যায় কাজিয়া নকৰিবলৈ।কিজানিবা মাক নথকাৰ সময়ত কাজিয়া কৰিব পাৰে।লাকি,ৰিনি দুয়ো যমজ সন্তান।লাকি কেইমুহূৰ্ত মানৰ আগত ভূমিষ্ঠ হৈছিল বাবে ৰিনিয়ে বাই বুলিয়ে সম্বোধন কৰে।সৰুৰে পৰা দুখ কষ্টবোৰ  অতি ওচৰৰ পৰা দেখা পাইছে।মাতৃয়ে নিজৰ দায়িত্বৰ লগতে পিতৃৰ দায়িত্বও সুকলমে পালন কৰিছে।সন্তানৰ পঢ়াত যাতে একো বেমেজালি নঘটে,তাৰ প্ৰতি লক্ষ্য ৰাখি জীৱনৰ টুলুং-ভুটুং নাঁওখন চলাই গৈছে।

খাই-বৈ আজৰি হৈ দুয়োজনীয়ে কামত লাগিল।বাচন ধোৱা,ঘৰ চফা কৰা,ফুলত পানী দিয়া ইত্যাদি।মাক ঘূৰি অহালৈ সকলো কাম শেষ কৰি দুয়ো অলপ জিৰণি ললে।দুয়োজনীৰ এটাই চিন্তা।পঢ়া-শুনাবোৰ ভালকৈ কৰি নিজেই উপাৰ্জন কৰিব।তাৰপাছত মাকক কাৰো ঘৰত কাম কৰিবলৈ নিদিয়ে।ইমান কম বয়সতে উচ্চ চিন্তাধাৰা কৰা লাকি আৰু ৰিনি সকলোৰে বৰ মৰমৰ।

৪ বছৰ বয়সতে পিতৃহাৰা হোৱা লাকি আৰু ৰিনিয়ে মাকৰ সংগ্ৰাম সৰুৰে পৰাই দেখি আহিছে।পিতৃৰ অভাৱ পূৰ কৰিবলৈ কত যে কি কৰিছে।প্ৰখৰ ৰ’দ,প্ৰচণ্ড বৰষুণকো নেওচি ঘৰখন চলাবলৈ অশেষ কষ্ট কৰি আহিছে।সেয়া চকুৰ আগত সদায় দেখি আহিছে।যিখিনি পাৰে সেইখিনি সদায় দুয়োজনীয়ে কৰে,তাত অলপো কৃপণালি নকৰে।

–“ৰিনি,লাকি ঘৰত আছানে।”

–“আছোঁ।আহা,চুমি দেখোন।”

একেবয়সৰে যদিও চুমিক বৰ বেছি লগ পোৱাই নহয়।যিহেতু বিদ্যালয়খন বেলেগ।তিনিওজনীয়ে বহুদিনৰ মুৰত লগ পাই কথাৰ তাঁতখন  চলাবলৈ ধৰিলে।হাঁহিত মচগুল।কোনোবাই মাত দিলেও শুনা নাপায়,ইমান স্ফূৰ্তি।

–“পূজা কাপোৰ ল’লানে।”চুমিয়ে সুধিলে।

–“দুয়োজনীয়ে একেলগে উত্তৰ দিলে,এইবাৰ আমি পূজাত নতুন কাপোৰ নলওঁ।বিহুত লোৱা যোৰ ভালেই হৈ আছে।”

চুমিয়ে কি ল’লে সুধাত কৈছে-ময়ো নলওঁ।মাৰ বেমাৰত বহুত টকা খৰচ হ’ল।দেউতাৰ ব্যৱসায় একেবাৰে জঁই পৰিল।ওপৰলৈ উঠিবলৈ কিমানযে সময় ল’ব।বহুদিনলৈ কাপোৰ দিবই নোৱাৰিব, আগৰ কাপোৰ পিন্ধিয়েই পূজা চাম।একেলগে চাম দেই আমি আটাইকেইজনীয়ে।

লোনা,ৰোমা,প্ৰীতিহঁতে বহুত দামী দামী কাপোৰ কিনিছে পূজা চাবলৈ।তাত অলপো দুখ কৰা নাই চুমি,লাকি,ৰিনিহঁতে।তাহাঁতি ঘৰৰ জটিল পৰিৱেশটোৰ লগত যুঁজি আগুৱাইছে।যি পাইছে তাতেই সুখী।লা-বিলাসত পূজা চোৱাৰ সপোন পুহি ৰখা নাই।মা-দুৰ্গাৰ শ্ৰী চৰণত আশিস লৈ ঘৰখনৰ লগতে সমাজখনলৈ শান্তি আহক,সেয়াই কাম্য।

কম বয়সতে সকলো বুজি উঠিছে।মাতৃয়ে দুনয়নে দুধাৰি চকুলো বোৱাই ডাঙৰ কৰিলে দুয়োজনীক।অলপ ডাঙৰ হোৱাত দুয়োজনীয়ে যেতিয়া আমি আছোঁ দুখ নকৰিবা বুলি সান্তনা দিব পৰা হ’ল; মাকৰ মুখলৈ আগৰ সেই হাঁহিটো ঘূৰি আহিল।তাহাঁত দুজনীক বুকুত সামৰিয়ে পাৰ কৰিছে প্ৰতিটো কষ্টৰ মুহূৰ্ত।সকলোৰে বাবে জীৱনটো সহজ নহয়।কাৰোবাৰ বাবে পথটো পোন হ’লেও কাৰোবাৰ বাবে জটিল একা-বেঁকা পথ হ’ব পাৰে।

ৰান্ধনী বেলি ওলাল।সন্ধিয়া হোৱাৰ ক্ষণ আহি পৰিল।হাতত মোনা এটা লৈ মাতৃয়ে ঘৰ সোমাল।এজনীয়ে মাকক পানী দিছে,আনজনীয়ে চাহ বনাইছে মাকৰ বাবে।মাকে সকলো কষ্ট পাহৰি পেলাই সন্তানৰ এনে কাৰ্যত।লাকি,ৰিনি পূজা চাবলৈ কাইলৈ দুয়োকে কাপোৰ কিনি দিম।বজাৰলৈ ওলাবি।দুয়োজনীয়ে মাকৰ কষ্টৰ বুজ লৈ চাহ খাই পঢ়া টেবুললৈ গ’ল।মাকে দুখবোৰ সামৰি দুই সন্তানৰ উজ্জ্বল মুখ দুখনতেই শান্তিৰে বিচৰণ কৰিলে।