পূজাৰ উপহাৰ – অনামিকা (সংগীতা)কলিতা

পূজাৰ উপহাৰ 

অনামিকা (সংগীতা)কলিতা ,শুৱালকুছি

:বাবা ,মাইনা ঘৰত আছা নে?

:অ দেউতা সিহঁত নাই ওলাই গৈছে বহক।মা,ভালে আছে নে?হঠাত খবৰ নিদিয়াকৈ আহিলা। খবৰ দিলে এওক পথাই দিলোহেঁতেন ।

:এ হ’ব ইমান টেনচন নলবি ।বাপেৰে এতিয়াও ডেকা মানুহহৈ আছোঁ। নাতিহতৰ কাৰণে বজাৰ কৰিলোঁ। কাপোৰবোৰ চাচোন সিহঁতৰ পচন্দ হ’ব নে নহয় নাজানোঁ তথাপি ভাল লগাত আনিলো।

:ঠিকে আছে দেখোন জোখ মাপ সঠিকৈ আনিছ।আহিলে পিন্ধি চাবলৈ দিম।

:অ মা ককা ,কেতিয়া আহিল ?

:অলপ আগতে আহি পাইছে তহঁতৰ কাৰণে পূজাৰ কাপোৰ আনিছে ।মাইনাক মাত দুয়ো পিন্ধি চাচোন। কাইলৈ বৰ দেউতাৰেও আহিব তহঁতক লৈ কাপোৰ কিনিব যাব । পূজাৰ ধামাকা মন হেঁপাহ বোৰ পূৰণ হ’ব দে।

:এটা কথা মা,আমাৰ কাপোৰ আছেই দেখোন তাতকৈ সেই টকাৰে আমাৰ ঘৰৰ কাষৰ ৰবীনাহতকে দিয়াচোন সিহঁতে মন আনন্দ পাব ।দেউতাকে দিন হাজিৰা কৰে টকাৰ অভাৱ।

:তোমালোকে ঠিকেই কৈছা তেতিয়াহ’লে আমি সন্ধিয়া সিহঁতৰ কাৰণে কাপোৰ আৰু মিঠাই কিনিম ওলাবা।

:ধন্যবাদ মা হ’ব ।এতিয়াহে মনতো ভাল লাগিছে ।ককা তুমিও যাবা নে?আমাৰ লগত।

:নিশ্চয় ময়ো দিম যি পাৰো  ।তোমালোকৰ কুশল হওক।   জ্ঞানৰ ক্ষেত্ৰত ডাঙৰ সৰু নাই, আজিহে  অনুভৱ কৰিলোঁ।