পূজাত সুৰাৰ মহাসাগৰ হ’ল মহানগৰ – নাছিৰ আহমেদ

পূজাত সুৰাৰ মহাসাগৰ হ’ল মহানগৰ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
পূজা-পাৰ্বনৰ সময়ত সুৰাৰ ৰাগীত মতলীয়া হৈ পৰে আমাৰ অসম ৰাজ্যৰ জনগণ   ; বিশেষকৈ ৰাজ্যৰ যুৱক-চামৰ  এই সময়ত সুৰাৰ বিপনী সমূহলৈ লেঠেৰি-নিছিগা সোঁত  বয়। এটা পূজা-পাৰ্বনৰ পিছত অইন এটা পূজা-পাৰ্বনলৈ সুৰা বিক্ৰী কৰাৰ আগৰ অভিলেখ ভাঙি নতুন অভিলেখ সৃষ্টিৰ যেন তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হয়। এই বছৰ  দুৰ্গাপূজাৰ অষ্টমী,নৱমী আৰু দশমী এই তিনিদিনেই কেৱল গুৱাহাটী মহানগৰীত ২২.৫ কোটি টকাৰ সুৰা বিক্ৰী হৈছে। বিশ্বকৰ্মা পূজাৰ সময়ত কেৱল গুৱাহাটীতে সৰ্বমুঠ ৮.৪০ কোটি টকা, ২০২৩ চনৰ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গোটেই অসমতে ৮.১ কোটি টকাৰ সুৰা  আৰু ৮ মাৰ্চত ১ কোটি টকাৰ সুৰা আৰু বিশ্বকৰ্মা পূজাৰ সময়ত গোটেই অসমতে ১৮ কোটি টকাৰ সুৰা, হোলীৰ সময়ত ১০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে।ভাৱিলেই আচৰিত লাগে যে, আমাৰ ৰাজ্যত প্ৰতি দিনে ৫ লাখ লিটাৰৰ প্ৰায় ওপৰত সুৰা বিক্ৰী হয়।তাৰে ৩,০৬,৭৭২ লিটাৰ বিলাতী সুৰা , ১,৬৬,৫৮৯ লিটাৰ বিয়েৰ আৰু ৫৭, ৮১৮ লিটাৰ দেশীয় সুৰা বিক্ৰী হয়। এতিয়া অসমত অবাধ ভাবে চৰকাৰী অনুজ্ঞাপত্ৰৰ সুৰাৰ বিপনী গাঁৱে-ভুঞে চহৰে-নগৰে গঢ়ি উঠিছে। বৰ্তমান অসমত ১৬৮৪খন সুৰাৰ বিপনী, ৮৯৬ খন বাৰ আৰু হোটেল, ৰেস্তোৰাঁ আদিত আবেদন আৰু প্ৰয়োজন অনুসাৰে আই,এম,এফ,এল অন স্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে । মুঠতে অসমৰ এনে এখন ঠাই নাই, য’ত সুৰাৰ বিপনী গঢ়ি উঠা নাই।সেয়ে, অইন সময়ত সুৰা পান কৰা মানুহ থাকে যদিও যেতিয়া কোনো পূজা-পাৰ্বন বা উৎসৱ আহে, তেতিয়া  ৰাজ্যৰ প্ৰায় বেছিভাগ মানুহেই সুৰাৰ ৰাগীত মতলীয়া হৈ পৰে , সুৰাত মহাসাগৰ হয় মহানগৰ  ; অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈকৈ যেন সুৰাৰ স্ৰোত বয় । যেন সুৰা পান নকৰিলে পূজাৰ আনন্দ -উৎসৱ আধৰুৱা হয়।চৰকাৰে এই ক্ষেত্ৰত সুৰা বিক্ৰী কৰা বন্ধ কৰাৰ পৰিৱৰ্তে নিতৌ সুৰাৰ বিপনী খোলাৰ অনুমতি দি আছে । কাৰণ,এই সুৰাৰ বিপনীসমূহ হ’ল চৰকাৰৰ সোণৰ কণী পৰা একো একোটা হাঁহ । কাৰণ, সুৰাৰ বিপনীসমূহৰ পৰা অসম চৰকাৰৰ আবকাৰী বিভাগে প্ৰতিদিনে ১০.৮৫ কোটি ৰাজহ সংগ্ৰহ কৰে। সেই হিচাপে প্ৰতি বছৰে সুৰাৰ বিপনীসমূহৰ পৰা ৰাজহ সংগ্ৰহ হয় ৪ হেজাৰ কোটি টকা। নিঃসন্দেহে অন্যান্য শিতানতকৈ বহুত বেছি ৰাজহ সংগৃহীত হয় এই সুৰা বিপনীৰ পৰাই।আৰু এই সুৰা বিপনীৰ পৰা পোৱা ৰাজহৰ ধন ৰাজ্যিক চৰকাৰে ৰাজ্যৰ উন্নয়ন খণ্ডত বিনিয়োগ কৰে। গতিকে সুৰাৰ বিপনী বৃদ্ধি কৰাৰ বাবে চৰকাৰে সদায় আগ্ৰহ প্ৰকাশ কৰে।  বৰ্তমান এই চৰকাৰৰ সময়ত ক্ৰমে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে   ; আনহাতে  সুৰাৰ বিপনী বৃদ্ধি হৈ আছে। এক সমীক্ষামতে দেখা গৈছে যে, আমাৰ প্ৰতিৱেশী পশ্চিমবঙ্গত সুৰাৰ বিপনীতকৈ পুথিভঁৰালৰ সংখ্যা চাৰিগুণ বেছি ; আমাৰ অসমত সুৰাৰ বিপনীতকৈ পুথিভঁৰালৰ সংখ্যা আধাৰো কম। এইবোৰলৈ পৰিৱৰ্তনশীল চৰকাৰৰ কোনো ভ্ৰুক্ষেপ নাই। সুৰাৰ বিপনী বাঢ়ি যোৱাৰ ফলত ৰাজ্যখনত সুৰাপায়ীৰ সংখ্যা বৃদ্ধি হৈ আছে। প্ৰথমতে এজন মদপীয়ে সৰু-সুৰা পাৰ্টিত অলপ পৰিমাণে মদ্যপান কৰে।  তেতিয়ালৈকে মদপীজনে শক্তিহীন (Powerless) হৈ পৰে যদিও ভাৰসাম্য ৰক্ষা কৰি চলি থাকে। লাহে লাহে সুৰাসক্ত হৈ পৰি মদপীজনে ভাৰসাম্য হেৰুৱাই পেলায় (Unmanageable)  । তেতিয়া তেওঁ  সুৰাপায়ী (Alcoholic) হোৱাৰ বাবে ত অতি শীঘ্ৰে পুনৰ্স্থাপন (Re-habilitation Centre) কেন্দ্ৰত দীৰ্ঘ দিনৰ বাবে চিকিৎসা চলাইহে সুস্থ কৰা সম্ভৱ হয় । বহুত সুৰাপায়ীয়ে সঠিক সময়ত চিকিৎসা সেৱা লাভ কৰিবলৈ সুযোগ নোপোৱাকৈ অকাল মৃত্যুক আকোঁৱালি লোৱা দেখা যায়। ইয়াৰ উপৰিও, ৰাজ্যত সুৰাপায়ী মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত দৈনিক দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাই আছে। এসময়ত আমাৰ অসমৰ জনসাধাৰণ আছিল হোলাৰ ভাই মোলা , সহজ সৰল। আমাৰ ৰাজ্যত বৰ বেছি সিন্ধি খন্দা চোৰে উপদ্ৰৱ কৰা শুনা বা দেখা গৈছিল। এতিয়া অসমৰ সকলো প্ৰান্ততে দিন দূপৰতে হত্যা, লুট , ধৰ্ষণ আদি অপৰাধজনিত কাৰ্য দ্ৰুত গতিত বৃদ্ধি পাই আছে। বৰ্তমান গুৱাহাটী মহানগৰীতো অপৰাধ কাৰ্যৰ ৰম্যভূমি হৈ পৰিছে। তাৰ মূলতেই হ’ল সুৰা পান আৰু ধপাঁত জাতীয় নিচা জাতীয় খাদ্য ভক্ষণ। এই সুৰা পান আৰু ধপাঁত জাতীয় নিচা জাতীয় খাদ্য ভক্ষণ কৰা অবৈধ কাৰ্যসমূহ আইন কৰি বন্ধ কৰিব নোৱাৰিলে অসমখন অতিশীঘ্ৰে জঘন্যতম অমানুষিক কাৰ্যৰ ঘাটি হৈ পৰিব । এসময়ত চীন দেশৰ মানুহবোৰে বৰ বিহ সদৃশ কানি ভাং খাই পৃথিৱীৰ ভিতৰত অকৰ্মণ্য এলেহুয়া জাতি হিচাপে চিহ্নিত হৈছিল। চীনৰ কমিউনিষ্ট নেতা মাও চে টুঙৰ নেতৃত্বত চীনাসকলে কানি ভাং খোৱা বন্ধ কৰি এতিয়া পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শক্তিশালী জাতি হিচাপে আখ্যায়িত হৈছে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ অন্য ৰাজ্যৰ দৰেই অসমীয়া স্বাধীনতা আন্দোলনৰ স্বেচ্ছাসেৱকে  কানি ভাং বৰ্জন কৰাৰ বাবেও আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। অথচ, আমাৰ ৰাজ্যত আকৌ চৰকাৰী উদ্যোগত ২০১৭ চনৰ দেশীয় সুৰা বিধি অনুযায়ী লালী গুড় উৎপাদনৰ উদ্যোগ গঢ়ি তোলা কাৰ্য অতি নিন্দনীয়। সুৰাৰ নামত এই জাতীয় বিষাক্ত সুৰা পান কৰি গোলাঘাট জিলাৰ চেলেঙী গাঁৱত ডেৰ শতাধিক অসমীয়াই কৰুণ মৃত্যুক আকোঁৱালি লৈছিল। এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত গোলাঘাটৰ কিছুমান স্বেচ্ছাসেৱী তিৰোতা সংগঠনে মদ্যপান কৰা ব্যক্তিক ১২ বছৰৰ বাবে সমাজৰ পৰা এঘৰীয়া আৰু ২০ হেজাৰ টকা জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে।গতিকে, অসমৰ সকলো জনগণে একত্ৰিত হৈ কেৱল চৰকাৰৰ আইন-কানুন বা নিৰ্দেশলৈ অপেক্ষা নকৰি এখন সুৰামুক্ত অসম গঢ়িবলৈ বিভিন্ন কাৰ্যসূচীৰে আন্দোলন গঢ়ি তোলাৰ সময় আহি পৰিছে।