পূজনীয় পিতাই
সত্যজিৎ গগৈ, ডিব্ৰুগড়
আই আৰু পিতাই মিলি প্ৰথম মই হ’লো।মইৰ পৰা আমি হ’লো।আমাৰ পৰা গঁজালি মেলি পোনা এটি হ’ল।ঘৰখন পূৰঠ যদিও কিবা যেন নাই!অকলশৰীয়া আৰু নিসংগতাই আৱৰি থকা জীৱন।যেন মুধচ্ নোহোৱা ঘৰ।ঘৰখন ঠিকেই আছে কিন্তু আমিবোৰ হে…! দেউতাবিহীন উকা জীৱনটো লৈ আইজনী।বৰপুত্ৰই পৰিবাৰৰ কৰ্মসূত্ৰে এটি সন্তান সহ দূৰৈত।মাজু পুত্ৰও কৰ্মসূত্ৰে দূৰৈত।সৰু পুত্ৰও ভাৰতীয় সেনাবাহিনীৰ সদস্য হৈ অন্য ৰাজ্যত কৰ্মৰত। পিতৃ গৃহত অকলশৰীয়া আইগৰাকীৰ কথা এবাৰ কল্পনা কৰকচোন।পিতাইলৈ বৰকৈ মনত পৰে।কেতিয়াবা এনে লাগে যেন পিতাইৰ সাহসতেই মোৰ আইও সাহসী।পুত্ৰ-বোৱাৰীৰ আকলুৱা মৰম আৰু নাতিৰ চেনেহেৰে আশাৰ কঠিয়া সিঁচা আইজনীয়ে হয়তো পিতাইৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰে।কোনেও নেদেখাকৈ দুচকুৰে বৈ যায় দুখৰ নিজৰা।এপলক সুখৰ বাবেই অধীৰ আগ্ৰহেৰে ৰৈ থকা আইজনীৰ দুচকুত কেৱল ধোঁৱা আৰু ধোঁৱা।কেতিয়া আঁতৰিব সেই ধোঁৱা?পিতাই জানো উভতি আহিব অজান মুলুকৰ পৰা।বহুদিন হ’ল আইৰ কোলাত টোপনি নোযোৱা।আইজনীয়েও চাগে ৰৈ আছে এমুঠি সুখৰ সন্ধানত।যিদৰে পুত্ৰই ৰৈ থাকে মাতৃৰ কোলাত জিৰণি ল’বলৈ।কেতিয়া আহিব সেই সু-দিন!কেতিয়া ভৰিব আইৰ কোলা।আজি যেন কিবা নাই নাই।সকলো ভাগৰুৱা,নিৰোৎসাহী অথবা দুৰ্বল।কাৰণ পিতাইহীন আমাৰ জীৱন।