পুৱাৰ বিননি
এছ ইছলাম, বৰপেটা
পুৱাৰ পোহৰ ওলালেই
নিশাই মাগিলে মেলানি
চৰাই-চিৰিকতিয়ে
জনালে কৰুণ বিননি।
গছ-গছনি থিয়ৈ থিয়ৈ
পৰিছে বৰ ভাগৰি
পাতৰ পৰা সৰিছে
চকুলো নিগৰি নিগৰি।
মাত দিলে কুকুৰাই
ৰাতি পুৱাল বুলি
পাৰ চৰাইয়ে গুণ গুণাই
জুৰিলে মধুৰ কুৰুলি ।
শেৱালি বকুল ফুল
সবে জাৰত আকুল
সূৰুয দেৱতাই হৈছে
কুঁৱলীৰ মাজত ব্যাকুল।
কদম গছৰ ডালত
বাদুলী আছে ওলমি
চন্দন গছৰ আঁৰত
ময়ুৰে ধৰিছে ছালি।
কপৌজনীয়ে আছে চিঞৰি
হিয়া উজাৰি উজাৰি
আপোন জনীৰ বিচ্ছেদত
গাইছে কৰুণ বিননি ।
এমুঠি পোহৰৰ বাবে
সকলোৱে আছে ৰৈ
চালৰ পৰা নিয়ৰ সৰে
টোপ টোপকৈ ।