পুৱাৰে পৰা উৰিয়ামঘাটত চলিছে আৰক্ষী-প্ৰশাসনৰ উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- আজি পুৱাৰে পৰা গোলাঘাট জিলাৰ উৰিয়ামঘাটত উচ্ছেদ অভিযান আৰম্ভ কৰিছে আৰক্ষী-প্ৰশাসনে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বিদ্যাপুৰ বজাৰত পুৱাৰে পৰা চলে উচ্ছেদ অভিযান ৷ স্থানীয় আৰক্ষী, জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীৰ সৈতে একেলগে ১৫০খন বুলড’জাৰে ধ্বংস কৰে বহু বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি থকা মিঞা বসতিৰ ঘৰুৱা নিৰ্মাণ আৰু অবৈধ স্থাপনাসমূহ। স্থানীয় ৰাইজে বহুদিন ধৰি অভিযোগ কৰি আহিছিল যে উৰিয়ামঘাটত মিঞা অধ্যুষিত একাংশই জংঘল আৰু চৰকাৰী ভূমি বেদখল কৰি গঢ়ি তোলে এক বৃহৎ অবৈধ বসতি। স্থানীয় জনজাতি গোট, সম্পাদকীয় বিশেষকৈ “বীৰ লাচিত সেনা” আদিয়ে এই বেদখলকাৰীসকলৰ উচ্ছেদৰ দাবীত প্ৰচণ্ড আন্দোলন চলাই আহিছিল। অভিযানৰ সময়ত কোনো অপ্রীতিকৰ ঘটনা সংঘটিত নহ’বলৈ জোৰদাৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছে। এক প্ৰতিবেদন অনুসৰি, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই জনাইছে যে, সৰুপথাৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১১ হাজাৰ বিঘা (৩৬০০ একৰৰো অধিক) মাটিত হোৱা বেদখল মুক্ত কৰিবলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। বিদ্যাপুৰ অঞ্চলৰ মূল বজাৰৰ পৰাই এই উচ্ছেদ অভিযান আৰম্ভ হৈছে। এক্সকেভেটৰৰ সহায়ত এফালৰ পৰা ধ্বংস কৰা হৈছে বেদখলকাৰীৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি । অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত সন্দেহযুক্ত নাগৰিকে গঢ়ি তোলা ১২ খনকৈ গাঁৱৰ ২,৬৪৮টা ঘৰ উচ্ছেদ কৰাৰ লক্ষ্য লৈছে প্ৰশাসনে। উচ্ছেদৰ তালিকাত থকা গাঁওসমূহ হৈছে ক্ৰমে- সোণাৰীবিল টোপ, ২নং পিঠাঘাট, ২নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, দলনীপথাৰ, খেৰবাৰী, বিদ্যাপুৰ, বিদ্যাপুৰ বজাৰ, ২নং মধুপুৰ, আনন্দপুৰ ইত্যাদি । উচ্ছেদস্থলীত হ’ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সষ্টম হৈ আছে আৰক্ষী-প্ৰশাসন ৷ মুঠৰ ওপৰত এক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে অসম চৰকাৰৰ এই উচ্ছেদ অভিযান।প্ৰশাসনে দাবী কৰিছে যে, উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১০,৫০০ বিঘাৰ পৰা ১১,০০০ বিঘা মাটি বেদখল কৰিছে। বিষয়াগৰাকীয়ে কয় যে, “সেই অঞ্চলসমূহত প্ৰায় ২০০০ পৰিয়াল বাস কৰি আছে। ইয়াত অবৈধভাৱে বসতি স্থাপন কৰা প্ৰায় ১৫০০ পৰিয়ালক জাননী প্ৰেৰণ কৰা হৈছিল। বাকী পৰিয়ালসমূহ অদিবাসী আৰু তেওঁলোকৰ হাতত বন অধিকাৰ সমিতিৰ প্ৰমাণপত্ৰ আছে।”খবৰ অনুসৰি, উচ্ছেদস্থলীত বন বিষয়া-কৰ্মচাৰী উপস্থিত থকাৰ লগতে বিশাল আৰক্ষী বাহিনী, চিআৰপিএফ আৰু কমাণ্ডো বাহিনী নিয়োজিত কৰা হৈছে । উল্লেখ্য যে, এক প্ৰকাৰে উজনি অসমৰ বেদখলকাৰীৰ অভিকেন্দ্ৰ হৈ পৰিছিল উৰিয়ামঘাট সীমান্ত । বিভিন্ন ধৰণৰ অনৈতিক তথা কুখ্যাত, সমাজ বিৰোধী কাম এই স্থানৰ পৰাই সংঘটিত কৰিছিল বেদখলকাৰীসকলে । কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ পোৱাৰ পিছতেই তৎকালীনভাৱে উচ্ছেদস্থলীৰ জৰীপ কাৰ্য সম্পূৰ্ণ কৰিছিল বন বিভাগে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰেংমা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে ৷ তাৰ কিছুদিন পিছতেই অৰ্থাৎ আজি চলে উচ্ছেদ অভিযান । বনাঞ্চলৰ ভূমি সম্পূৰ্ণ বেদখলমুক্ত কৰাৰ স্বাৰ্থতেই চলোৱা হৈছে এই উচ্ছেদ ৷ উল্লেখ্য যে, কিছুদিনপূৰ্বে ড্ৰোণযোগে লোৱা এই স্থানৰ কিছু ভিডিঅ’ ব্যাপকভাৱে সামাজিক মাধ্যমত প্ৰকাশ পাইছিল ৷ স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ একাউণ্টৰ পৰাই প্ৰকাশ পাইছিল বেদখলকৃত ভূমিৰ ভিডিঅ’ ৷ উল্লেখযোগ্য যে অঞ্চলটোৰ একাংশ লোকে উচ্ছেদ অভিযানক সমর্থন জনাই উল্লাস প্রকাশ কৰে। বহুকেইজনৰমতে, “এই অভিযানৰ পিছতেই উৰিয়ামঘাটত শান্তি আৰু স্থিতি ঘূৰাই আনি ৰখা সম্ভৱ হ’ব।” প্রশাসনে কয়, “এই ভূমিসমূহ চৰকাৰী, আৰু যিবোৰ লোক বহু বছৰ ধৰি বিনাঅনুমতিত এই ঠাইত বাস কৰি আছিল, তেওঁলোকক পূৰ্বেই উচ্চেদৰ জাননী দিয়া হৈছিল।” এই উচ্ছেদ অভিযানৰ পাছত প্রশাসনে অঞ্চলটোত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ কথাও কয়।