পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজধানী চহৰ দিল্লীক

পুৱাই ভূমিকম্পই জোকাৰি গ’ল ৰাজধানী চহৰ দিল্লীক

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ভূমিকম্পৰ জোকাৰণি। বৃহস্পতিবাৰে পুৱা দিল্লী-এন চি আৰত ভূমিকম্পৰ জোকাৰণি। দিল্লী, নয়ডা, গাজিয়াবাদ, গুৰুগ্ৰাম, ফৰিদাবাদৰ পৰা গ্ৰেটাৰ নয়ডালৈকে ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।বৃহস্পতিবাৰে পুৱা ৯:০৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনতো অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ পিছত মেট্ৰ’ কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হয়। অৱশ্যে এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল হাৰিয়ানাৰ ঝজ্জাৰ। ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.৪ ৰিখটাৰ স্কেল। ভূমিকম্পৰ বাবে প্ৰায় ১০ ছেকেণ্ড ধৰি ভূমি কঁপি থাকিল।