পুৱাই টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প

পুৱাই টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে পুৱাই ৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ’ল টাইৱান।ফলত টাইৱানৰ একাধিক অঞ্চলত বিস্তৰ ক্ষতিৰ খবৰ পোৱা গৈছে। এই ভূমিকম্পত কিমান লোক হতাহতি হৈছে সেই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি বহু লোক হতাহতি হোৱাৰ অনুমান কৰা হৈছে। ইফালে এই ভূমিকম্পৰ পাছতে জাপানে চুনামিৰ সতৰ্কতা জাৰি কৰিছে। ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল ছাৰ্ভেৰ মতে টাইৱানৰ স্থানীয় সময় অনুসৰি পুৱা ৮ বজাত আহে এই ভূমিকম্প। ভূমিকম্পৰ উৎপত্তিস্থল টাইৱানৰ দক্ষিণ হুৱালিয়েন চিটিৰ পৰা ১৮ কিলোমিটাৰ দূৰৰ ভূগৰ্ভৰ ৩৪.৮ কিলোমিটাৰ গভীৰত। এই ভূমিকম্পৰ ফলত সৰ্বাধিক ক্ষতি হৈছে টাইৱানৰ চহৰ অঞ্চলসমূহত। জাপান বতৰ বিজ্ঞান সংস্থাৰ তথ্য অনুসৰি জাপানৰ দক্ষিণ-পশ্চিম উপকূলৰ বিস্তৃত অঞ্চলত ৩ মিটাৰ পৰ্যন্ত ছুনামিৰ প্ৰভাৱৰ সম্ভাৱনা আছে।তাৰ মাজতে বহু কেইটা দ্বীপৰ বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰশাসনৰ ফালৰ পৰা উদ্ধাৰকাৰী নিয়োগ কৰা হৈছে। চুনামিৰ সতৰ্কতা জাৰি কৰাৰ বাবেই একাধিক বিমান বন্দৰত বিমান উৰণ বন্ধ কৰা হৈছে। জাপানৰ দৰেই ফিলিপাইনছতো চুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে। উল্লেখ্য যে, প্ৰায় ২৫ বছৰ পাছত টাইৱানত এনে ধৰণৰ ভূমিকম্প আহিছে। ১৯৯৯ চনত ৭.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পত প্ৰায় ২৪০০ লোকৰ মৃত্যু হোৱাৰ পিছত এই দ্বীপটোত সংঘটিত হোৱা এইটো ভূমিকম্প আটাইতকৈ ডাঙৰ ভূমিকম্প।