পুৱতিৰ কোমল ৰ’দালি
ছেলিমা বেগম
নগাঁও
পুৱতি পূবে উকি মাৰে ঊষাৰ ৰ’দালি
কুঁৱলীৰ আঁৰে আঁৰে বগা জাল ফালি ।
যেন বগা চাদৰ খন মেৰিয়াই লৈ নামি আহিছে
ধৰণী’ৰ বুকুত সাৱটি ধৰিছে।
পুৱতি পূব আকাশত কোমল ৰ’দালিৰ তলত
মেঘৰঞ্জনীয়ে লুকা-ভাকু খেলে বেলিৰ লগত।
পুৱাৰ কোমল ৰ’দ পাই আইতা বহে পিৰালিত
পিঠিত ৰ’দ ল’বলৈ ককা বহে ওচৰত।
পুৱতি ৰ’দালি আঘোণ মাহত থাকে পথাৰত আগুৰি
সোণালী পথাৰ শস্য’ৰে পৰিল ভৰি ।
পুৱাৰ কোমল ৰ’দালি পৰিল ঘাঁহনি বননিত
যেন মণি মুকুতা ছটিয়াই দিছে ধৰণীত।
পুৱাৰ কোমল ৰ’দালি বাইটি ভন্টি’ৰ ধেমালি
আঘোণ’ৰ পথাৰত বহি পেঁপা বজাই এবেলি।
পুৱাৰ কোমল ৰ’দালি পৰিল খাল বিলৰ তলি’ত
ৰ’দ ল’বলৈ পানী মেটেকা ৰৈ আছে বিলত।