পুৱতিনিশা ৫.১ প্রাবল্যৰ বৰভূঁইকঁপত কঁপিল ৰাজ্য
ৰঙিলী বাৰ্ত্তাসেৱা- পুৱতিনিশা অহা তীব্ৰ ভূঁইকঁপে ৰাজ্যৰ বিভিন্ন স্থানত যথেষ্ট ক্ষয়-ক্ষতি কৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, পুৱতিনিশা প্রায় ৪.১৭ মিনিটত অহা ভূঁইকপটোৰ প্রাবল্য আছিল ৫.১। ভূ-গৰ্ভৰ পৰা ৫০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা ভূঁইকপটোৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও। তীব্র ভূঁইকপৰ জোকাৰণিয়ে মহানগৰী গুৱাহাটীৰ লগতে নগাঁও, শোণিতপুৰ, মৰিগাঁও আৰু নলবাৰীত কিছু ক্ষয়-ক্ষতি কৰে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ভূঁইকপটোৱে নগাঁও-শোণিতপুৰ-মৰিগাঁও আৰু নলবাৰীৰ সাতটা ৰাজহ চক্ৰ ক্ৰমে মৰিগাঁও, মিকিৰভেটা, নগাঁও, চামগুৰি, ধিং, বানেকুছি আৰু তেজপুৰৰ ১৩খন গাঁও কিছু পৰিমাণে ক্ষতি কৰে। নগাঁও আৰু নলবাৰী জিলাত মুঠ আঠটা গৃহৰ ভূঁইকপত ক্ষতি হয়। নগাঁও ৰাজহ চক্ৰৰ অধীনত এখন প্রাথমিক বিদ্যালয়ৰো ক্ষতিসাধন হয়। ভূঁইকপটোৰ সময়তে মৰিগাঁও জিলাত এগৰাকী বৃদ্ধাসহ তিনিজন লোক আহত হয়। ইয়াৰে দুজনৰ নাম হৈছে নীৰজ কুমাৰ আৰু জয়মতী দেউৰী। দুয়োগৰাকী ব্যক্তিয়ে ভূঁইকপটোৰ সময়ত দৌৰাদৌৰি কৰাৰ বাবে মূৰত আঘাতপ্রাপ্ত হয়। বৃদ্ধা জয়মতী দেউৰীৰ মূৰত ১০টা চিলাই পৰিছে বুলি জানিব পৰা গৈছে। একেদৰে নগাঁও জিলাতো যথেষ্ট হাহাকাৰসদৃশ পৰিৱেশৰ সৃষ্টি হয়। ভূঁইকপটোৰ অভিকেন্দ্ৰ মৰিগাঁও হোৱা বাবে জিলাখনত অধিক কঁপনিৰ সৃষ্টি হয়। অৱশ্যে ইয়াৰ মাজতো নিজৰ কৰ্তব্যৰ প্ৰতি দায়বদ্ধতাৰে নগাঁৱৰ নেমচি হাস্পতালৰ একাংশ নাছে ভূঁইকপৰ সময়ত নিজৰ প্ৰাণকো নেওচি চিকিৎসালয়খনত থকা নৱজাতকক ৰক্ষা কৰাৰ বাবে লোৱা প্ৰচেষ্টাই চহৰখনত যথেষ্ট চর্চা লাভ কৰিছে। উল্লেখ্য যে ভূঁইকঁপৰ সময়ত হাস্পতালখনৰ আইচিইউত কেইবাটাও নৱজাতক ভর্তি হৈ আছিল। হাস্পতালখনৰ কৰ্তব্যৰত নাছে প্ৰাণৰ মমতা এৰি চিকিৎসালয়খনত থকা নৱজাতকক ৰক্ষা কৰাৰ বাবে লোৱা ব্যৱস্থাই সকলোকে সন্তোষিত কৰি তুলিছে। হাস্পতাল কর্তৃপক্ষই পুৱাৰ ভাগত চিচি টিভিত এই সমগ্র দৃশ্য প্রত্যক্ষ কৰাৰ পাছতহে এই কথা পোহৰলৈ আহিছে।
