পুৱতিনিশা মেঘালয়ৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণ

পুৱতিনিশা মেঘালয়ৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ৰেট হোল মাইনিং’ৰ ভয়াৱহ পৰিণতিত বৃহস্পতিবাৰে পুৱতিনিশা মেঘালয়ৰ কয়লাখনিত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। জানিব পৰা মতে, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ তাচকুৰ চুটাংগা অঞ্চলৰ কয়লা খনিত এক বৃহৎ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত পাহাৰৰ এটা অংশ ভাগি পৰে। ফলত বহু লোক খনিটোৰ ভিতৰত আবদ্ধ হৈ পৰে। এতিয়ালৈকে খনিটোৰ ভিতৰৰ পৰা ১৮জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বর্তমানলৈকে নিহতসকলৰ ভিতৰত কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ বিহাৰা পঞ্চম খণ্ডৰ সৰিষাকুড়িৰ দিলদাৰ হুছেইন, আনোৱাৰ হুছেইন আৰু ফাৰুক আহমেদক চিনাক্ত কৰা হৈছে। দুর্ঘটনাটোৰ খবৰ পোৱাৰ পাছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে।  অৱশ্যে পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কু এলেকাত সংঘটিত দুর্ঘটনাটোত সন্ধিয়া পর্যন্ত ১৮জন শ্রমিকৰ মৃত্যু হোৱাটো মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্ৰধান আই নংৰাঙে নিশ্চিত কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ঘটনাস্থলীত ইতিমধ্যে অভিযান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। বিস্ফোৰণৰ সময়ত খনিটোৰ ভিতৰত থকা শ্ৰমিকৰ সংখ্যা এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই। অধিকসংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। সেইদৰে পূব জয়ন্তীয়া পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে কয় যে বিস্ফোৰণৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত তদন্ত কৰা হ’ব। ইয়াৰ বিপৰীতে স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে। তেওঁলোকে জানিবলৈ দিয়া মতে, ঘটনাস্থলীত ওচৰা-উচৰিকৈ চাৰিটা অবৈধ কয়লা খনি আছিল। প্রতিনিশা প্রায় ২ বজাতে শ্রমিকসকলে খনিৰ ভিতৰত প্ৰৱেশ কৰি কয়লাৰ খনন চলায়। কালিও হয়তো একে সময়তে শ্রমিকে খনিৰ ভিতৰত প্ৰৱেশ কৰিছিল। কিন্তু পুৱতিনিশা প্রায় ৪ বজাত ইয়াৰে এটা কয়লা খনিত ভয়ংকৰ বিস্ফোৰণে কঁপাই তোলে। লগে লগে ছানি ধৰে জুই আৰু ধোঁৱাই। মূলতঃ মাত্রাধিক ডিনামাইট অবৈধভাবে ব্লাষ্টিং কৰাৰ ফলতে এই অঘটন সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। বিস্ফোৰণটোৱে সমীপতে থকা আন ৩টা খনিকো প্ৰভাৱিত কৰে। সচৰাচৰ একোটা খনিত ৭০ৰ পৰা ৮০জন শ্রমিক থাকে। যাৰ বাবে হতাহত হোৱাৰ সংখ্যা যথেষ্ট হ’ব বুলি স্থানীয় লোকৰ দাবী। মৃত শ্রমিকসকলৰ ভিতৰত অসমৰ বৰাক উপত্যকাৰো ১০জন আছে বুলি প্রকাশ পাইছে। প্রাথমিক তথ্য অনুসৰি ইয়াৰে এজন কাটিগড়াৰ বিহাৰা গাঁৱৰ বাসিন্দা। ঘটনাৰ পিছতে মেঘালয় আৰক্ষীৰ লগতে এছডিআৰএফ আৰু এনডিআৰএফৰ জোৱানে উদ্ধাৰ অভিযানত নামি পৰে। কিন্তু উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি কৰিছে বিস্ফোৰণৰ ফলত খহি পৰা পাহাৰৰ এটা অংশই। পাহাৰৰ মাটিয়ে অবৈধ খনিৰ এক বৃহৎ অংশ ঢাকি পেলাইছে। উল্লেখ্য যে ২০১৪ চনতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মেঘালয়ৰ ৰেট হোল মাইনিং আৰু অন্যান্য অবৈজ্ঞানিক খননকার্য নিষিদ্ধ কৰিছিল। সমান্তৰালভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল কয়লাৰ অবৈধ পৰিবহণ। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়েও এই নিষেধাজ্ঞাক মান্যতা প্রদান কৰে। অৱশ্যে পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দি বৈজ্ঞানিক আৰু নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ অধীনত ক’লা হীৰাৰ খনন চলোৱাৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু আজি সংঘটিত দুর্ঘটনাটোৱে মেঘালয়ত কয়লাৰ অবৈধ খনন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো অব্যাহত থকাৰ সত্যতাক প্রতীয়মান কৰিলে।সম্প্রতি আৰক্ষীয়ে খনিটোৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰি তেওঁক কৰায়ত্ত কৰিবলৈ অভিযান আৰম্ভ কৰিছে। ইফালে, এই ঘটনাৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শোকাৱহ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে। মোদীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।ইতিমধ্যে ঘটনাটোত শোকপ্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সামাজিক মাধ্যম এক্সত শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে লিখিছে, পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰিছো । এই শোকৰ সময়ত ভুক্তভোগী পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । আমি মেঘালয় চৰকাৰ আৰু পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসনৰ সৈতে অহৰহ কাম কৰি আছো । ইয়াৰে কিছুসংখ্যক অসমৰ হ’ব পাৰে বুলি আমি খবৰ লাভ কৰিছো যদিও সেয়া নিশ্চিত নহয় ৷ এই শোকৰ সময়ত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলোৰে লগত আছে । যদি এই কথা সত্য, তেন্তে অসমৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আমি সকলো ধৰণৰ সহায় আগবঢ়াম । আনহাতে মন্ত্রী কৌশিক ৰায়ক কাটিগড়া সমষ্টিৰ উক্ত লোককেইগৰাকীৰ ঘৰলৈ যোৱাৰ বাবে নির্দেশ  দিয়া বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- নিহতসকলৰ পৰিয়াললৈ পাঁচ লাখকৈ টকা সাহায্য হিচাপে প্রদান কৰা হ’ব। আনহাতে, অসমৰ মুখ্য সচিবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্য সচিবৰ সৈতে যোগাযোগ চলাই আছে।