পুৱতিনিশা ভেনিজুৱেলাত আমেৰিকাৰ ভয়ংকৰ এয়াৰ ষ্ট্রাইক
ৰঙিলী বাৰ্ত্তাসেৱা- ভেনিজুৱেলাৰ ওপৰত পুৱতিনিশা ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ এটা বৃহৎ সামৰিক ঘাটিত আক্ৰমণ কৰিছে আমেৰিকাই। কাৰাকাছৰ নৌসেনাৰ ঘাটিত আক্ৰমণ আমেৰিকাৰ। পেন্টাগনে নৌসেনাৰ ঘাটিটোক লক্ষ্য কৰি লৈছিল। স্থানীয় সময় মতে পুৱা সূর্যোদয়ৰ পূৰ্বে শনিবাৰে পুৱা প্ৰায় ২ বজাত মার্কিন স্পেচিয়েল ফ’র্চে ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছকে ধৰি ভিন্ন প্ৰান্তত আকাশমাৰ্গেৰে বোমা নিক্ষেপ কৰে। মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে ৭টাকৈ বিস্ফোৰণত কঁপি উঠে ৰাজধানী কাৰাকাছ। ইয়াৰ সমান্তৰালকৈ মার্কিন স্পেচিয়েল ফ’ৰ্চে মিৰাণ্ডা, আৰাগুৱা আৰু লাগুৱাৰা প্ৰদেশৰ কেতবোৰ স্থানতো বোমা বিস্ফোৰণ সংঘটিত কৰে। আকস্মিক আক্রমণক লৈ ভেনিজুৱেলাত তীব্র আতংকৰ সৃষ্টি হোৱাৰ সময়তে মার্কিন স্পেচিয়েল ফ’ৰ্চে পত্নীসহ বন্দী কৰি নিয়ে ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এই কথা নিশ্চিত কৰে। লক্ষণীয়ভাৱে প্ৰথমাৱস্থাত আক্ৰমণৰ আঁৰত কোন দেশ বা শক্তি জড়িত আছে সেয়া স্পষ্ট হোৱা নাছিল। সম্ভাব্য মার্কিন আক্রমণক লৈ সর্বত্র চর্চিত হোৱাৰ মাজতে শনিবাৰে দিনৰ ভাগত সামাজিক মাধ্যমত মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এটা পোষ্ট দিয়ে। য’ত তেওঁ লিখিছে- ‘ভেনিজুৱেলা আৰু দেশখনৰ নেতা ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে আমেৰিকাই চলোৱা এক বৃহৎ অভিযান সফল হৈছে। ৰাষ্ট্ৰপতি, নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰি দেশান্তৰিত কৰা হৈছে। এই আক্ৰমণক ভেনিজুৱেলা চৰকাৰে তীব্ৰ নিন্দা কৰিছে । ভেনিজুৱেলা চৰকাৰে শনিবাৰে এক বিবৃতি প্ৰকাশ কৰি ভেনিজুৱেলাৰ ভূখণ্ডত এয়া আমেৰিকাৰ সামৰিক আগ্ৰাসন বুলি অভিহিত কৰিছে । ৱাশ্বিংটনে ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰাৰ লগতে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন কৰে ।এইক্ষেত্ৰত ইৰান আৰু কিউবাৰ দৰে দেশে ভেনিজুৱেলাৰ পক্ষত থিয় দিছে। দুয়োখন দেশে মার্কিন আক্রমণক তীব্ৰ গৰিহণা দিয়ে। সম্প্রতি তীব্র আতংকই ছানি ধৰা ভেনিজুৱেলাত জৰুৰী অৱস্থা জাৰি কৰা হৈছে। আমেৰিকা, দক্ষিণ কোৰিয়া, ব্রিটেইন আদি কেইবাখনো দেশে নিৰাপদ স্থানত অবস্থান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ভেনিজুবেলাত থকা তেওঁলোকৰ নাগৰিকসকলক। সেইদৰে আক্ৰমণকাৰী আমেৰিকাৰ বিমান পৰিবহণ সংস্থা ফেডাৰেল এভিয়েচন ২২ এডমিনিষ্ট্ৰেচন আপাততঃ ভেনিজুৱেলাৰ আকাশ সীমাত বাণিজ্যিক উৰণ বন্ধ ৰাখিছে।ভেনিজুৱেলাৰ বিৰুদ্ধে মাদকদ্রব্য সৰবৰাহৰ অভিযোগ তুলি সৰৱ হৈ পৰিছিল মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। অকল অভিযোগ উত্থাপন কৰাই নহয়, কেৰিবিয়ান অঞ্চলত ব্যাপক হাৰত আমেৰিকাই সেনা মোতায়েন কৰিছে। সমান্তৰালভাৱে মাদকদ্রব্য সৰবৰাহত ব্যৱহাৰ হোৱাৰ সন্দেহ কৰি ভেনিজুৱেলাৰ নাওবোৰক লক্ষ্য কৰি লৈছিল মার্কিন বাহিনীয়ে। সংঘাতে এনেকুৱা পর্যায় পায়গৈ যে যোৱা মাহত ভেনিজুৱেলা আৰু তাৰ আশে-পাশে থকা অঞ্চলৰ আকাশ সীমা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে। লগতে ভেনিজুৱেলাৰ তেল পৰিবাহী টেংকাৰসমূহ চলাচলত সম্পূর্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ২০২৪ চনত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোবা নিকোলাছ মাদুৰোক আমেৰিকাই আজিলৈকে স্বীকৃতি দিয়া নাই। এই সন্দৰ্ভত ট্রাম্পে ইতিপূর্বে আগবঢ়োৱা ভাষ্য এনেধৰণৰ- ভেনিজুৱেলাৰ জনগণ দুর্দশাগ্রস্ত। তাত গণতন্ত্রক পুনৰ উদ্ধাৰ কৰিবই লাগিব। আপাতদৃষ্টিত গণতন্ত্ৰ আৰু মাদকদ্রব্যৰ বিৰুদ্ধে ইয়াক যুদ্ধ বুলি আমেৰিকাই দাবী কৰিলেও ইয়াৰ আঁৰত বিৰাট ৰাজনৈতিক কৌশল-তৈলভাণ্ডাৰ-খনিজ সম্পদৰ ওপৰত আগ্রাসন চলোৱাৰ গভীৰ ষড়যন্ত্ৰ থকাৰ সন্দেহ ব্যক্ত কৰিছে বিশেষজ্ঞ মহলে।
