পুৰুষ প্ৰধান সমাজত এতিয়াও মহিলাৰ স্থান ক’ত…….   – মানসী মিশ্ৰ

pc Information Age

          সংবিধানে স্বাধীন দেশৰ নাগৰিক বুলি আমাক বহু ধৰনৰ সুবিধা দিছে। কিন্তু ইয়াৰ পিছতো আমি সুৰক্ষিত হ’ব পাৰিছোনে ?  এই প্ৰশ্নটো আমি নিজেই নিজকে কৰিলেও ইয়াৰ সঠিক উত্তৰ বিচাৰি পোৱা নাযায়। কোনোবাজন হয়তো নিজৰ কৰ্মক্ষেত্ৰত অসুৰক্ষিত, কোনোবাজন ৰাজহুৱা সামাজিক জীৱনটো অসুৰক্ষিত, কোনোবাজন নিজৰ পৰিয়ালৰ মাজতেই অসুৰক্ষিত। আমাৰ চৌপাশৰ সমাজখনত পুৰুষতকৈ মহিলা অসুৰক্ষিত হৈ থকাৰ হাৰ যথেষ্ট পৰিমাণে বেছি। কিছুদিন আগতে অসমৰ একেবাৰে আগশাৰীৰ কটন মহাবিদ্যালয়ৰ দৰে এখন সম্ভ্ৰান্ত শিক্ষানুস্থানত এগৰাকী নেতৃত্ববিজ্ঞান বিভাগৰ অধ্যাপিকাই এটি সাধাৰণ কথাকে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দ্বাৰাই অপদস্ত হোৱা ঘটনাই সংবাদ বাধ্যমত বহলভাৱে চৰ্চিত হৈছিল। অৱসৰৰ বাবে মাত্ৰ দুদিন থকা অৱস্থাত এগৰাকী জেষ্ঠ অধ্যাপিকাক এটি সাধাৰণ কথাতে পঞ্জিয়কে টেবুলত চপৰিয়াই চপৰিয়াই চিঞৰ বাখৰ কৰি বাহিৰ কৰি দিয়া দূৰ্ভাগ্যজনক ঘটনাই অসমৰ শৈক্ষিক জগতত, সামাজিক জগতত তোলপাৰ লগাইছিল। তিনিটা দশক এই মহাবিদ্যালয়ত দক্ষতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰি যাবলৈ ওলোৱা মূহুৰ্তত এনেদৰে অপমানিত হ’বলগীয়া ঘটনা অসমৰ শৈক্ষিক জগতখনৰ লগতে ৰাজ্যখনৰ সমূহ কৰ্মক্ষেত্ৰত নিয়োজিত মহিলাসকলৰ বাবেও দূৰ্ভাগ্যজনক। এই ঘটনাটোৱে এই কথাটো স্পষ্টভাৱে প্ৰমাণ কৰিলে যে আমাৰ ৰাজ্যখনত দিন দুপৰতেই মহিলা / যুৱতীসকলৰ তিলমানো নিৰাপত্তা নাই।

            মনালিছা শৰ্মা গুৱাহাটীৰে এক সম্ভ্ৰান্ত সংস্কৃতিৱান ঘৰৰ একমাত্ৰ কন্যা সন্তান। সৰুৰে পৰাই ভদ্ৰ অমায়িক মনালিছাই সুখ্যাতিৰে উচ্চ শিক্ষা সমাপ্ত কৰি চৰকাৰী পদত উচ্চ পদত কাম কৰি আহিছে। সাহিত্য, সংস্কৃতিৰ জগততো কম বয়সত যথেষ্ট সুনাম অৰ্জন কৰিছে মনালিছাই। নিজে পছন্দ কৰি অমায়িক, ভদ্ৰ ল’ৰা এজনৰ লগত বিয়া হৈছে আৰু নিজৰ জীৱন যাত্ৰাত কাকোৱেই অকণো আমনি নিদিয়াকৈ আগবাঢ়ি গৈছে। কিন্তু ইমাখিনিৰ পিছতো মনালিছাই নিজৰ মাকৰ ঘৰখনতেই তেওঁতকৈ বয়সত কিছু হ’লেও সৰু ভাতৃৰ দ্বাৰাই সময়ে সময়ে অপমানিত, অপদস্ত হৈ আহিছে। মনালিছাতকৈ বয়সত কনিষ্ঠ ভাতৃয়ে কৈশোৰ আৰু যৌৱনৰ দিনসমূহত বিনা কাৰণত, বিনা অপৰাদত যথেষ্ট অঘোষিত মানসিক নিৰ্য্যাতন দি আহিছে, শাৰীৰিকভাৱেও প্ৰহাৰ কৰিছে দুই-তিনিবাৰ। অত্যন্ত খঙাল মতগৰ্বী ভাতৃয়ে পৰায়ালৰ বহুজনক সাধাৰণ কথাতে বেয়া ব্যৱহাৰ কৰিব পৰে। কিহৰ বাবে মনালিছাৰ ওপৰত ভায়েকে মনালিছাৰ ওপৰত ভায়েকে অত্যাচাৰ চলায়, মনালিছাই ইয়াৰ সঠিক উত্তৰ বিয়াৰক পিছতো বিচাৰি নাপালে। বিয়াৰ আগৰ কথা বাদেই, বিয়াৰ পিছতো দুই-তিনিমাহৰ মূৰত ভাতৃৰ ঘৰলৈ গ’লেও ভায়েকৰ পৰা এষাৰ ভালমাত পোৱা মনত পেলাব নোৱাৰে। আনকি ঘৰখনৰ সন্মানলৈ চাই ভায়েকৰ এই মনগৰ্বী আচাৰ আচৰণৰ প্ৰতিবাদ কৰিবলৈ কোনেও সাহস গোটাব নোৱাৰে। ভাল পদবীত চাকৰী কৰা ভায়েকেও সময়ত একেবাৰে সৰু ঠাই এখনৰ পৰা ছোৱালী এজনা বিয়া কৰাই আনিলে। মনালিছাই লক্ষ্য কৰিবলৈ বাধ্য হ’ল যে বিয়াৰ পিছত ভতৃৰ বেয়া ব্যৱহাৰ আগতকৈও দুগুণ চৰিল। মনালিছাৰ ভাতৃ আৰু ভাই বোৱাৰী তথাকথিত পিতৃ তান্ত্ৰিক সমাজৰ এক উল্লেখযোগ্য প্ৰতিভু। নিৰপৰাধী মনালিছাই এই কথাসমূহৰ উত্তৰ বিচাৰি নাপায় ঘৰখনত। নিজকে “মই বৰ” বুলি ভাবি অহা জেষ্ঠ ভাতৃৰ সৈতে মানিবলৈ বাধ্য ঘৰখনৰ মান সন্মানৰ কথালৈ চাই। এই কথাখিনিয়ে মনালিছাক মাজে সময়ে যথেষ্ট মানসিক অন্তৰ্দ্বন্দ্ব দি থাকে। মাজে মাজে হুক হুকাই কান্দি উঠে মনালিছাই। হয়তো জীৱন কালটোত মনালিছাই এই যন্ত্ৰণা কঢ়িয়াই ফুৰিব লাগিব। সচাঁকৈয়ে আজিৰ একবিংশ শতিকাৰ যুগত মনালিছাই নিজৰ পৰিয়ালৰেই পিতৃতান্ত্ৰিকতাৰ হেচা আৰু পীড়াৰ বাৰুকৈয়ে জৰ্জৰিত।

            ওপৰত উল্লেখ কৰা এই দুয়োটা ঘটনা আমাৰ সমাৰ চৌপাশে ঘটি থকা সত্য ঘটনা। ঘটনাৰ চৰিত্ৰৰ নাম সমূহহে সলনি কৰি দিয়া হৈছে। দুয়োটা ঘটনা আমাৰ পিতৃ তান্ত্ৰিক ধ্যান-ধাৰণাৰে পৰিবেষ্টিত বৈষম্যমূলক সমাজ ব্যৱস্থাৰ একো একোটা জীয়া কাহিনী। আটাইকেইগৰাকী মহিলাৰ সমাজৰ উচ্চ শিক্ষিত, নিজে স্বাৱলম্বী মহিলা অথচ তেওঁলোকে আজি বিভিন্ন স্তৰত নিৰ্যাতিত হৈ আছে। আমাৰ সৰ্বসাধাৰণৰ মনত সদায় এক ধাৰণা আছে যে আমি কেৱল দৰিদ্ৰ পৰিয়ালত, কম পঢ়া-শুনা কৰা, ভিতৰুৱা আঞ্চলৰ মহিলাসকলকহে নিৰ্যাতিত হয় বুলি ভাবি থকোঁ যদিও এই প্ৰচলিত ধাৰণাটো মুঠেই শুদ্ধ নহয়।

            প্ৰতিটো বৰ্ষতে নাৰীৰ সুৰক্ষাৰ নিমিত্তে, অধিকাৰ ৰক্ষাৰ বাবে ৰাজ্যখনৰ কেইবাটাও কাৰ্যসূচী পালন কৰা হয়। ইয়াৰ ভিতৰত আন্তৰ্জাতিক নাৰী দিৱস, বিশ্ব মাতৃ দিৱস, কন্যা শিশু দিৱস, মহিলাৰ বিৰুদ্ধে হিংসা বিৰোধ পষেকীয়া অভিযান আদি অনুষ্ঠিত হৈ থাকে। কিন্তু এইবোৰৰ মাজতে মহিলাৰ ওপৰত হত্যা হিংসা আদি চলিয়ে থাকে। নাৰীৰ অধিকাৰ সুৰক্ষা আদিৰ দৰে কথাবোৰ বহু সময়ত কাগজৰ পৃষ্ঠাতে আবদ্ধ হৈ থকা যেন লাগে। বাস্তৱক্ষেত্ৰত সময়ত অধিকাংশ মহিলাই সাংবিধানিক সুৰক্ষা/ অধিকাৰ আদিৰ পৰা বঞ্চিত হৈ আছে। আজিৰ একবিংশ শতিকাতো পিতৃ তান্ত্ৰিকতাক নিকপকপীয়াকৈ জীয়াই ৰাখিবলৈ বিচৰা পিতৃ তান্ত্ৰিকতাৰ এইসকল ধ্বজা বাহকৰ বাবেই এচাম নিৰপাৰাধী মহিলা / যুৱতীয়ে সমাজত মনোকষ্ট পাই থাকিব লগীয়া হৈছে। পিতৃ তান্ত্ৰিকতা বজাই ৰাখিব গৈ পৰিয়াল আৰু সমাজ ব্যৱস্থাত মহিলাৰ ওপৰত দমন নীতি চলাই থাকিলে আমাৰ সমাজখন বহু দূৰলৈ পিছুৱাই যাব। মহিলা সকলে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰ গ্ৰহণত সমানতা আনিব পাৰিলেহে সমাজত মহিলা সকলে কিঞ্চিত হ’লেও সুৰক্ষা পাব বুলি আশা কৰিব পাৰি।

 

ফোনঃ  ৯৪৩৫৩ ০৯২৭৯

 

***