অণুগল্প
পুৰুষত্ব
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
কল্যাণৰ বিয়া যাবৰ বেছি দিন হোৱা নাই,কল্যাণ এজন শিক্ষিত লৰা ৷ কল্যাণৰ কইনাৰ ঘৰ আকৌ দূৰণিবটীয়া,গাওঁখনৰ ওচৰচুবুৰীয়া লগৰীয়া,সমনীয়াৰ মাজত বুবা আৰম্ভ হ’লেই ৷ এদিন কল্যাণক লগৰবোৰে বজাৰত লগ পাই ক’লে , বুজিছা কল্যাণ দিনকাল ভাল নহয়,আজিকালি বাতৰিকাকত,টেলিভিছনত দেখিবলৈ পঢ়িবলৈ পাওঁ বুলে আমুকাৰ ঘৈণীয়েক কাৰবাৰ লগত পৰকীয়া প্ৰেমত পৰি পলাই গ’ল,গতিকে পলম নকৰি তুমি পুৰুষত্বৰ পৰিচয় দিয়া আৰু অতিশীঘ্ৰে সন্তান জন্ম দিয়াৰহে কথা চিন্তা কৰা ৷ লগৰীয়া বোৰৰ কথা শুনি কল্যাণে ভাবিবলৈ বাধ্য হ’লযে মুৰ্খৰ সমাজত জ্ঞান,সমৰ্পণ আৰু মুল্যবোধৰ কোনো মুল্য নাই,চেতনা আৰু জ্ঞান অবিহনে দেখাত মানুহৰ শৰীৰ ধাৰণ কৰিলেও সেইবোৰ একো একোজন পশু ৷