পুৰণি কাকত খনো হ’ব পাৰে অমূল্য সম্পদ – নিবেদিতা হাজৰিকা

পুৰণি কাকত খনো হ’ব পাৰে অমূল্য  সম্পদ

নিবেদিতা হাজৰিকা,লখিমপুৰ

শিৰোনামাটো দেখি হয়তো বহুতৰে মনত প্ৰশ্ন হ’ব পাৰে , এখন বাতৰি কাকতো সম্পদ হ’ব পাৰেনে? হয়, এখন কাকতো সম্পদ স্বৰূপ হ’ব পাৰে।এখন বাতৰি কাকত -কেৱল এখন সাধাৰণ কাকত নহয়। সাধাৰণ যেন লগা বাতৰি কাকতখনো  অমূল্য সম্পদ হ’ব পাৰে। বহু তথ্য  সম্বলিত বাতৰি কাকতখনে ভিন্ন ৰুচিৰ  পাঠকৰ মনৰ তৃষ্ণা দূৰ কৰিব পাৰে। বহু জনৰ বাবে অৱসৰ সময়ৰ সংগী এই কাকতখন। ব্যস্ততাৰ বাবে খৰচি মাৰি পঢ়িবলৈ সময়-সুবিধা নোপোৱা বহুতে আকৌ সপ্তাহটোৰ  অন্তত সকলো খিনি পঢ়িবলৈ বুুলি উলিয়াই লয়।পুৱাৰ চাহ কাপত চুমুক দি কাকতখনত  মূৰ গুজি আগবেলাটো পাৰ কৰা বহুলোক আমাৰ মাজত আছে। বহুতৰে ঘৰত এই দৃশ্যটো সুলভ বুলি ক’ব পাৰি।ব্যস্ততাৰ মাজতো কাকতৰ মূখ্য বাতৰি কেইটাত চকু ফুৰাই থোৱা লোক যিদৰে আছে , ঠিক  সেইদৰে বাতৰি কাকতখনৰ এটা শব্দও বাদ নপৰা ,আনকি  প্ৰচাৰিত বিজ্ঞাপন কেইটাতো চকু ফুৰোৱা মানুহ আছে। এই সকল লোকৰ বাবে বাতৰি কাকতখন পৰম বান্ধৱ সম। বহু সমল যুক্ত বাতৰি কাকতখনৰ পৰা ভিন্ন জন ভিন্ন ধৰণে উপকৃত হ’ব পাৰে,লাভাম্বিত হ’ব পাৰে। খবৰ বা সংবাদ কেতিয়াও পুৰণি নহয়। কেতিয়াবা চকুত নপৰা সৰু বাতৰি এটাও সময়ত ডাঙৰ তথ্যৰ বাবে সহায়ক হ’ব পাৰে।

বহুতৰ মনত আকৌ আজি পুৱাৰ বাতৰি কাকতখনো পুৰণি যেন। আগদিনাৰ কাকত মানেই  যেন মূল্যহীন , পুৰণি কাকত। সেয়ে পৰি ৰয় কোঠাৰ এচুকত আৰু ঠাই বন্দী কৰি ৰখা বুলি ভাবি বিক্ৰী কৰি দিয়ে। সেই থুপাই থোৱা বাতৰি সমূহো এটা -এটা তথ্যৰ ভঁৰাল সম । পুৰণি বাতৰি-কাকত আদিক আৱৰ্জনা ,পেলনীয়া, কামত নহা বস্তু বুলি ভবা সকলে হয়তো এই কথা কল্পনাই কৰিব নোৱাৰে যে প্ৰকাশিত বাতৰি সমূহ আজিৰ তাৰিখত বিশেষ তাৎপৰ্যপূৰ্ণ নহ’লেও সময়ত এই সমূহৰ আত ধৰিয়ে বহুজনে বহু বিষয়ৰ  জ্ঞান লাভৰ সমল লাভ কৰিবৰ পূৰ্ণ সম্ভাৱনীয়তা থাকে।