পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীত জনসমাৱেশ

পুহমহীয়া শীত নেওচি অসম গ্ৰন্থমেলা, গুৱাহাটীত জনসমাৱেশ
আলোচনা সত্ৰঃ অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান

ৰঙিলী বাৰ্ত্তাসেৱা-  সপ্তম দিনা পুহমহীয়া শীত নেওচি লেখক-পাঠকৰ আড্ডা, সাহিত্য-সংস্কৃতিৰ ভিন্নৰঙী অনুষ্ঠানে জীপাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ খানাপাৰা বাকৰিৰ এই গ্ৰন্থোৎসৱত আজি বিয়লি ২-৩০ বজাত আয়োজন কৰা হয় “অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান” শীৰ্ষক এখন আলোচনা সত্ৰ ৷ এই ব্যতিক্ৰমী বিষয়ক লৈ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আলোচনা সত্ৰখন উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ গুৱাহাটী গোটৰ অধ্যাপক ড° গজেন্দ্ৰ অধিকাৰীয়ে ৷ তেওঁ বিষয় প্ৰসংগত কয় যে সাহিত্যত ৰাজনৈতিক মতাদৰ্শৰ প্ৰতিফলন হয় বা হ’ব পাৰে ৷ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বিচাৰ কৰিলেও পাম যে বিভিন্ন গল্প-উপন্যাসত এনে প্ৰতিফলন আছিল আৰু এতিয়াও আছে ৷ কিন্তু এনে ব্যাখ্যানৰ আঁৰত অসমীয়া সাহিত্যত কোনো ধৰণৰ গোপন এজেণ্ডা বা বেয়া পৰিকল্পনা কিম্বা কু অভিপ্ৰায় আগতে নাছিল ৷ লেখকৰ চিন্তা বা মতবাদ সমাজৰ হিতাৰ্থে সাহিত্যৰ জৰিয়তে প্ৰকাশিত হোৱা দৰকাৰ ৷ অসমীয়াত এতিয়াও বুৰঞ্জীৰ বিষয়, বিভিন্ন ঐতিহাসিক চৰিত্ৰক লৈ গল্প-উপন্যাস সৃষ্টি হৈছে ৷ লেখকৰ ৰাজনৈতিক চিন্তাৰ প্ৰতিফলন ইয়াত আছে যদিও অন্যধৰণৰ পৰিকল্পনা নাই ৷ কিন্তু কিছুমান সাহিত্যত গোপন এজেণ্ডা থাকে ৷ আলোচনা সত্ৰখন পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই ৷ তেওঁ কয় যে অসমীয়া সাহিত্যত ছদ্মৰূপী ৰাজনৈতিক ব্যাখ্যান আমাৰ বাবে নতুন আৰু ব্যতিক্ৰমী বিষয় ৷ সাহিত্যত ৰাজনীতিৰ কথা থাকিবই কাৰণ সাহিত্যত সমাজখনৰে কথা থাকে ৷ সমাজ কেতিয়াও অৰাজনৈতিক হ’ব নোৱাৰে ৷ কিন্তু সাহিত্যৰ জৰিয়তে কৰা ৰাজনৈতিক ব্যাখ্যান বৃহত্তৰ সামাজিক হিতৰ বাবে হ’লে ভাল ৷ সেয়েহে অসমীয়া সাহিত্যৰ এনে ব্যাখ্যান আমি বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে ৷ ইয়াত আলোচক অতিথিৰূপে অংশ লৈ জ্যেষ্ঠ সাংবাদিক-লেখক ৰূপম বৰুৱাই কয় যে প্ৰাচীন কালত আমাৰ সাহিত্যত ছদ্মৰূপী ব্যাখ্যান নাছিল ৷ ৰামায়ণ-মহাভাৰততো যি আছে সেয়া প্ৰত্যক্ষভাৱে মহাকাব্যিক ৰূপত আছে ৷ এতিয়া যিবোৰ ব্যাখ্যান আহিছে আৰু এয়া আমাৰ ভাষা-সাহিত্য, জতিৰ বাবে শুভকামনালৈ আহিছে নে নাই সেয়া গভীৰভাৱে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে ৷ আন এগৰাকী আলোচক, গ্ৰন্থকাৰ, জ্যেষ্ঠ সাংবাদিক পুলিন কলিতাই বিষয় প্ৰসংগত কয়——“ আচলতে ছদ্মৰূপী ব্যাখ্যানতকৈ ইয়াক ৰূপকধৰ্মী সাহিত্য বুলি কোৱাহে উচিত ৷ অসমীয়া সাহিত্যত এনে উদাহৰণ আগৰে পৰা আছে ৷ সাহিত্যত এনে ৰূপকধৰ্মীতা আৰু ৰাজনৈতিক ব্যাখ্যান স্বাভাৱিক ৷” আন এগৰাকী আলোচক, সাহিত্য-সমালোচক অভিজ্ঞান অনুৰাগে কয় যে এয়া এটা ব্যতিক্ৰমী বিষয় ৷ কিন্তু ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান নতুন কথা নহয় ৷ অসমীয়া সাহিত্যতো এয়া আগৰে পৰাই আছে ৷ এয়া আচলতে ৰূপকাত্মক ধৰণে আছে আৰু এয়া স্বাভাৱিক ৷ সাহিত্যই যিহেতু সমাজক এৰি চলিব নোৱাৰে সেয়ে ৰাজনৈতিক ব্যাখ্যান থাকিবই ৷ শাসকৰ ভুল আঙুলিয়াই দিবলৈ, সামাজিক বৈষম্যক দেখুৱাবলৈ এই ব্যাখ্যানৰ আশ্ৰয় লয় লেখকে ৷ অসমীয়া সাহিত্যত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ সময়তো এনে ৰূপক আছিল ৷ এতিয়াও আছে ৷ মহাকাব্যতো এয়া আছে ৷ শেহতীয়াকৈ অসম প্ৰকাশন পৰিষদে ইয়াক আলোচনাৰ বিষয় হিচাপে পোহৰলৈ আনি নতুন চিন্তাৰ বাট এটা দেখুৱাই দিলে ৷ একেদৰে আলোচক অতিথি , বিশিষ্ট লেখক, প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তৰ মতে সাহিত্য জনমত গঠন কৰাৰ এটা শক্তিশালী মাধ্যম ৷ গতিকে নিজৰ মতাদৰ্শৰে সাহিত্যৰ জৰিয়তে প্ৰচেষ্টা চলাবই পাৰে ৷ কিন্তু সকলোতকৈ ওপৰত দেশ ৷ সমালোচনা কৰিলেও দেশৰ হিতৰ বাবেই কৰা উচিত ৷ যিসকলৰ গ্ৰহণযোগ্যতা নাই তেওঁলোকে ছদ্মৰূপেৰে সাহিত্যৰ জৰিয়তে দেশবিৰোধী পৰিকল্পনা কৰে ৷ ৰামায়ণ, মহাভাৰতৰ গ্ৰহণযোগ্যতা সদায়ে আছে আৰু দুয়োখন মহাকাব্যত ৰাজনৈতিক কথাও আছে ৷ তেওঁ লগতে কয় যে ছদ্মৰূপী ব্যাখ্যানেৰে ভুল তথ্য, ভুল তত্বৰে দেশৰ ক্ষতি কৰা হৈছে নেকি সেয়া চাব লাগিব ৷ বিদেশী চিন্তা এটা আৰোপ কৰাতকৈ একেই ধৰণে চিন্তা কৰা আমাৰে কোনোবা ঋষি বা পণ্ডিত আছিল নেকি সেয়া আমি কিয় বিচাৰ কৰি চাব নোৱাৰো ? এই প্ৰশ্নৰ উত্তৰক গোপন কৰা মানেই ছদ্মৰূপ লোৱা ৷ ইয়াত আলোচক হিচাপে অংশগ্ৰহণ কৰি সাহিত্য-সমালোচক ভাস্কৰজ্যোতি নাথে কয় যে ছদ্মৰূপী ব্যাখ্যানৰ তত্ব অসমীয়া সাহিত্যত আজিলৈ নাই ৷ বিশ্ব সাহিত্যতো এয়া প্ৰতিষ্ঠিত তত্ব নহয় ৷ কিন্তু আগন্তুক দিনত এয়া হয়তো তত্বৰূপে প্ৰতিষ্ঠিত হ’ব পাৰে ৷ অসমীয়া সাহিত্যত এনে ব্যাখ্যান আছে ৷ সাহিত্যত ছদ্মৰূপী ৰাজনৈতিক ব্যাখ্যান ভয়ংকৰ হ’ব পাৰে যদিহে লেখকৰ সামাজিক, মানৱীয় সততা আৰু দেশৰ প্ৰতি দায়ৱদ্ধতা নাথাকে ৷ আলোচনা সত্ৰখনত উপস্থিত থাকি লেখক-সমালোচক দেৱিকা দত্তই কয় যে সাহিত্যত ৰাজনৈতিক কথা থকাটো স্বাভাৱিক ৷ কিন্তু সেয়া অপব্যাখ্যা হোৱা অনুচিত ৷ ইপিনে সন্ধিয়া অনুষ্ঠিত মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰোহণ, বেলতলা, এছ বি ডেওৰা মহাবিদ্যালয় আৰু গুৱাহাটী কমাৰ্চ কলেজে ৷