পুহমহীয়া জাৰৰ বাবে ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়
ৰঙিলী বাৰ্ত্তাসেৱা- পুহমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী। বিগত কেইবাদিনো ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ মাত্ৰা ।বিগত কেইবাদিনো ধৰি হাড় কঁপোৱা শীতে একপ্ৰকাৰ ৰাইজৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰি তুলিছে। নিয়মীয়া কাম-কাজৰ পৰা আৰম্ভ কৰি জল-স্থল আৰু আকাশমার্গতো চৌদিশে ব্যাঘাত জন্মিছে। বিগত তিনি দিন ধৰি চৌদিশে অব্যাহত থকা ঘন কুঁৱলীৰ আচ্ছাদনৰ বাবে ৰাজপথত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বহিঃৰাজ্য অভিমুখে যোৱা কেইবাখনো বিমানৰ যাত্রা বাতিল কৰা হৈছে। শীতৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় বন্ধ ঘোষণা কৰিছে চৰকাৰে । কামৰূপ (মহানগৰ) জিলাত ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে বন্ধ থাকিব সকলো চৰকাৰী বিদ্যালয়। বিদ্যালয় পৰিদৰ্শক তথা জিলা মিছন সমন্বয়কে এই নিৰ্দেশনা জাৰি কৰিছে। সমগ্র শিক্ষা বিভাগে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহো বন্ধ ৰখাৰ বাবে কর্তৃপক্ষক নির্দেশনা দিছে। উল্লেখ্য যে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ লগতে ক্ৰমাৎ নিম্নগামী হৈছে তাপমান। যোৱা ৭২ ঘণ্টাত ৰাজ্যৰ তাপমান সৰ্বাধিক ২২ ডিগ্রী চেলছিয়াছ হোৱাৰ লগতে নিম্নগামী হৈছে ১২ ডিগ্রী চেলছিয়াছলৈ। শীতৰ এনে প্রকোপৰ ফলত বিদ্যালয়লৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ছাত্র-ছাত্রীসকল এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি প্রাথমিক শিক্ষক সম্মিলনীয়ে বিদ্যালয়ৰ পাঠদান স্থগিত ৰখাৰ বাবে শিক্ষামন্ত্ৰীলৈ এক অনুৰোধ-পত্ৰ প্ৰেৰণ কৰিছিল। সম্মিলনৰ সভাপতি নীলাক্ষি গগৈ আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে এই পত্ৰযোগে শীতৰ বাবে প্রাথমিক বিদ্যালয়ৰ শিশুসকলৰ বাবে অসহনীয় পৰিৱেশৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছিল। বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি আজি সমগ্র শিক্ষা মিছনে বিদ্যালয়সমূহ ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰে। উল্লেখ্য যে, শীতৰ প্রকোপ অব্যাহত থকাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা পূর্বানুমান অনুসৰি আগন্তুক ৫ দিনলৈ ৰাজ্যত শীতৰ প্ৰচণ্ড প্রকোপ অব্যাহত থাকিব। ঠাইভেদে অসমৰ বিভিন্ন প্রান্তত পাতলীয়াৰ পৰা মজলীয়াধৰণৰ বৰষুণ অহাৰো সম্ভাৱনা আছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক সঞ্জয় অনেইল শ্ব’ই সদৰী কৰা মতে, মঙলবাৰৰ দিনটোত গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ১৮.১ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা আছিল ১৫.১ ডিগ্রী চেলছিয়াছ। মন কৰিবলগীয়া যে সততে শীতকালীন ৰাজ্যৰূপে জনাজাত মেঘালয়ৰ শ্বিলঙত সর্বোচ্চ তাপমাত্রা আছিল ১৫.২ ডিগ্রী চেলছিয়াছ। অর্থাৎ অসমতকৈ তিনি ডিগ্রী তাপমাত্রা কম আছিল শ্বিলঙত। এই ধাৰা অনাগত ৫ দিনলৈ অব্যাহত থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে আগন্তুক ইংৰাজী নৱবৰ্ষ ২০২৬ৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰীৰ দিনটোত গুৱাহাটীত তাপমাত্রা সর্বনিম্ন ১৪-১৩ ডিগ্রী চেলছিয়াছ হোৱাৰ অনুমান কৰা হৈছে। পৰৱৰ্তী ৫ জানুৱাৰীলৈকে গুৱাহাটীৰ সৰ্বনিম্ন তাপমাত্রা ১২-১৩ ডিগ্রী চেলছিয়াছলৈ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে কয়। এই সময়ছোৱাত গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দূৰণিবটীয়া যাত্ৰাৰ ক্ষেত্ৰতো ৰাইজক সাৱধান হোৱাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্রই। অসমৰ দাঁতি-কাষৰীয়া নির্জন এলেকাসমূহত কুঁৱলীৰ আচ্ছাদন উক্ত কেইদিনত অধিক বৃদ্ধি হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কবাণী প্ৰেৰণ কৰিছে।
