পুলৱামা কাণ্ড সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ চ’ছিয়েল মিডিয়া ট্ৰেণ্ডিং অভিযান

পুলৱামা কাণ্ড সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ চ’ছিয়েল মিডিয়া ট্ৰেণ্ডিং অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু আৰু কাশ্মীৰৰ তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত পুলৱামা কাণ্ডক লৈ উত্থাপন কৰা কেন্দ্ৰীয় চৰকাৰৰ গাফিলতিৰ অভিযোগ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছ দলে আজি এলালি প্ৰশ্নৰে চ’ছিয়েল মিডিয়াত এক ট্ৰেণ্ডিং অভিযান চলায়। #PulwanaPooitics, #AssamTMConPulwama সহ এই অভিযান চলায় দলটোৱে।ৰাজ্যজুৰি অসম তৃণমূলৰ নেতা-কৰ্মীসকলে ‘এফালে সত্যপাল মালিকৰ বিস্ফোৰণ, আনফালে কাৰ ষড়যন্ত্ৰত এতিয়া সত্যৰ আত্মগোপন?’, দেশৰ নিৰাপত্তাৰ কথা জড়িত থকা বিষয়ত উত্থাপিত ইচ্ছাকৃত গাফিলতিৰ অভিযোগে বিজেপিৰ বিশ্বগুৰু নৰেন্দ্ৰ মোডীক উদঙালে নেকি বিশ্বৰ সন্মুখত?,’দেশৰ সুৰক্ষাত আমাৰ প্ৰিয় বীৰ জোৱান, আৰু কাৰ ৰাজনীতিৰ সুৰক্ষাত তেওঁলোকৰ জীৱন বলিদান?’ আদি শ্ল’গান সম্বলিত প’ষ্টাৰ চ’ছিয়েল মিডিয়াত আপলোড কৰি বিষয়টো সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰে।আনহাতে সত্যপাল মালিকৰ গুৰুতৰ অভিযোগৰ প্ৰসংগত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে দলটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বিষয়টো সন্দৰ্ভত ৰাজ্যপাল মালিকক কিয় চুপ থাকিবলৈ কৈছিল বুলি দলটোৱে প্ৰশ্ন উত্থাপন কৰে। লগতে বৃহৎ পৰিমাণৰ বিস্ফোৰক ভৰ্তি বাহন লৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ বাহনখন কেইবাদিনো ধৰি জম্মুৰ বিভিন্ন ঠাইত কেনেকৈ ঘূৰা ফুৰা কৰি থাকিবলৈ সক্ষম হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে চোৰাংচোৱাৰ সকীয়নিক কিয় উপেক্ষা কৰা হৈছিল বুলি প্ৰশ্নৰ কাঠগড়াত থিয় কৰায় বিজেপি চৰকাৰক। আনহাতে ব্যৰ্থতাৰ বাবে তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিঙক কিয় কৈফিয়ৎ তলৱ কৰা নহ’ল বুলি প্ৰশ্ন কৰে দলটোৱে। আনহাতে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত পুলৱামা কাণ্ডৰ তদন্তৰ দাবী জনায় অসম তৃণমূল কংগ্ৰেছে।আনহাতে ৰাজ্যজুৰি সমূহ দলীয় সতীৰ্থই পুলৱামা কাণ্ডক লৈ শেহতীয়া অভিযোগৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ চ’ছিয়েল মিডিয়া ট্ৰেণ্ডিং অভিযান সফল কৰি তোলাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে দলৰ সভাপতি ৰিপুণ বৰা আৰু দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই।