পুলৱামা কাণ্ডৰ তদন্তৰ দাবীত অসম তৃণমূল যুৱ কংগ্ৰেছৰ ধৰ্ণা

পুলৱামা কাণ্ডৰ তদন্তৰ দাবীত অসম তৃণমূল যুৱ কংগ্ৰেছৰ ধৰ্ণা

ৰঙিলী বাৰ্ত্তাসেৱা- পুলৱামাৰ বীৰ শ্বহীদ জোৱানৰ মৃত্যুৰ তদন্তৰ দাবীত অসম তৃণমূল যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে সন্ধিয়া মহানগৰীৰ দীঘলীপুখুৰীত ধৰ্ণা কাৰ্যসূচী পালন কৰে। দলীয় কৰ্মীসকলে ‘পুলৱামা কাণ্ডৰ তদন্ত লাগে’, ‘শ্বহীদ বীৰ জোৱানক ন্যায় দিয়ক’, আদি শ্ল’গান সম্বলিত বেনাৰ-প’ষ্টাৰসহ দীঘলীপুখুৰী পাৰত সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বক্তব্যৰ জৰিয়তে পুলৱামাত দেশৰ বীৰ জোৱানৰ মৃত্যুৰ আঁৰত একাংশৰ ৰাজনৈতিক মুনাফা আদায়ৰ ষড়যন্ত্ৰ জড়িত হৈ আছে বুলি মন্তব্য কৰে।সমদলৰ অন্তত প্ৰতিবাদকাৰীসকলে পুলৱামাৰ শ্বহীদৰ স্মৃতিত মমবাতি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।