পুনৰ ৰাজ্যৰ শাসন ক্ষমতা দখলৰ লক্ষ্যৰে নির্বাচনী ৰণশিঙা বিজেপিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত বিধানসভা নির্বাচন সমাগত। ২০২৬ত ৰাজ্যৰ শাসন ক্ষমতা পুনৰ হস্তগত কৰিবৰ বাবে নির্বাচনী ৰণশিঙা বজাইছে শাসকীয় বিজেপি মিত্রজোঁটে। ‘২৬ৰ নিৰ্বাচনৰ ৰূপৰেখা প্রস্তুতৰ বাবে সাজু হৈছে ৰাজ্যিক বিজেপি। এই লক্ষ্যৰে সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ব প্ৰথমখন ৰাজ্যিক কার্যনির্বাহক বৈঠক। ২৬ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগা এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্রস্তুত কৰা হ’ব। নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ উপস্থিতিত অনুষ্ঠিত হ’বলগা এই বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় উপ-সভাপতি তথা নির্বাচনী প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীকে ধৰি কেইবাজনো শীর্ষ নেতা। ইফালে বৈঠক সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগা এই বৈঠকত ৯০০ প্রতিনিধিয়ে ভাগ ল’ব। উল্লেখ্য যে চলিত বৰ্ষৰ ১৭ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিলেও দিলীপ শইকীয়াৰ নেতৃত্বত এইখনে হ’ব প্রথম কার্যনির্বাহক বৈঠক। এই বৈঠকত দলটোৱে কেইবাটাও বিষয়ক লৈ বিস্তৃত আলোচনা কৰাৰ সম্ভাৱনা আছে। জিলা সভাপতিৰ পৰা আদি কৰি বুথ, মণ্ডলৰ সভাপতি-সম্পাদকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগা এই কাৰ্যনিৰ্বাহকত দলৰ ভিতৰচ’ৰাত সৃষ্টি হোৱা কেইবাটাও সংঘাতৰ সম্পর্কত আলোচনা হোৱাৰ লগতে আগন্তুক নির্বাচনত তৃণমূল পর্যায়ত দলীয় নেতৃত্বই কিদৰে দলক আগুৱাই নিব তাৰো চলিব পর্যালোচনা। একেদৰে ‘২৬ৰ নিৰ্বাচনৰ দলীয় টিকট সন্দর্ভতো কার্যনির্বাহক বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সভাপতি দিলীপ শইকীয়াই বৈঠক সন্দৰ্ভত প্রকাশ কৰা অনুসৰি দলক সম্মুখৰ পৰা আগুৱাই নিয়া জিলা সভাপতিৰ পৰা আদি কৰি ৰাজ্যিক বিষয়ববীয়া, মন্ত্রী-বিধায়ক, সাংসদ, বিভিন্ন স্তৰৰ নির্বাচিত প্রতিনিধিয়ে এই দুদিনীয়া কার্যনির্বাহকত উপস্থিত থাকি ‘২৬ৰ বিধানসভা নির্বাচনৰ ৰণকৌশল-ৰণনীতি আৰু আগন্তুক দিনৰ কাৰ্যসূচী প্ৰস্তুত কৰিব।
