পুনৰ ৫০ হাজাৰ নিবনুৱাক চাকৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতেই ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰি ইতিমধ্যে সফলতাৰে এক লাখ নিবনুৱাৰ নিযুক্তি সম্পূৰ্ণ কৰাৰ পাছত পুনৰ ৫০ হাজাৰ নিবনুৱাক চাকৰি দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।যোৰহাট লোকসভা সমষ্টিত নির্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা কৰি যাতে হতাশাত ভুগিব নালাগে তাৰ বাবে এক লাখ নিযুক্তিৰ কথা কোৱা হৈছিল। এতিয়া আৰু ৫০ হাজাৰ চাকৰি মুকলি কৰি দিলোঁ। অহা জুলাই মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। জুলাই মাহত আৰক্ষীৰ চাকৰিৰ সাক্ষাৎকাৰ হ’ব। এডিআৰইৰ নতুন সাক্ষাৎকাৰ হ’ব। শিক্ষক নিযুক্তিও হ’ব। মুখ্যমন্ত্রীগৰাকীৰ স্পষ্ট কথা- এক লাখ নিযুক্তি হৈ গ’ল। এতিয়া আৰু ৫০ হাজাৰ নিযুক্তিৰ টার্গেট লোৱা হৈছে। মুখ্যমন্ত্রীগৰাকীয়ে লগতে আৰু কয় যে এই ৫০ হাজাৰ নিযুক্তি হৈ যোৱাৰ পাছতো যদি ২০২৬ চনৰ বিধানসভা নির্বাচনলৈ সময় বাকী থাকে আৰু অলপ চাকৰি উলিয়াম।উল্লেখ্য যে বৰ্তমানৰ চৰকাৰখনে কাৰ্যকাল আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে প্রায় যি এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিছে সেই নিযুক্তিক লৈ কোনোধৰণৰ বিতৰ্ক বা অভিযোগৰ আঙুলি উঠা নাই। সম্পূর্ণ মেধাৰ ভিত্তিত কোনেও ক’তো এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীও ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৫০ হাজাৰ নিযুক্তিৰ ঘোষণা কৰাৰ লগে লগে নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত আশাৰ সঞ্চাৰ ঘটিছে।