পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ

Pc The Indian Express

পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ। এইবাৰ মহানগৰীৰৰ পশ্চিম বৰাগাঁৱত উদ্ধাৰ এজন লোকৰ মৃতদেহ। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন দলঙৰ ওপৰত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহটো এজন ই–ৰিক্সা চালকৰ বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ নাম দীপু। লোকজনক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃতদেহত আঘাতৰ স্পষ্ট চিন দেখা পোৱা গৈছে। দুৰ্বৃত্তই হত্যা কৰি দীপুক পেলাই থৈ যোৱাৰ সন্দেহ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। বৰাগাঁওস্থিত ভগৱান দাস নামৰ এজন লোকৰ ঘৰত ভাৰাতীয় হিচাপে বসবাস কৰিছিল দীপু।