পুনৰ ভূমিকম্পই জোকাৰি গ’ল দক্ষিণ তুৰস্ক

পুনৰ ভূমিকম্পই জোকাৰি গ’ল দক্ষিণ তুৰস্ক

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি  পুনৰ তুৰস্কৰ দক্ষিণ প্ৰদেশ হাটাইত ৬.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই সমগ্ৰ অঞ্চলটো জোকাৰি যায়। খবৰ অনুসৰি, তুৰস্কৰ স্থানীয় সময় মতে, নিশা ৮:০৪ বজাত অৰ্থাৎ ভাৰতীয় সময় অনুসৰি বিয়লি ৫:০৪ বজাত ডেফনে চহৰত হোৱা এই ভূমিকম্পটো উত্তৰ দিশৰ ২০০ কিলোমিটাৰ (৩০০ মাইল) দূৰৈৰ আন্টাকিয়া আৰু আদানাত এ এফ পিৰ দলে তীব্ৰভাৱে অনুভৱ কৰে।উল্লেখ্য যে, যোৱা ৬ ফেব্ৰুৱাৰীত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত তুৰ্কীত ৪১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হয়। ভূমিকম্পৰ পিছত মৰিশালি সদৃশ হৈ পৰে দেশখন।