পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য

পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যত অনুভূত দুটাকৈ ভূমিকম্প।সোমবাৰে পুৱতি নিশা ৪.৪৬ বজাত অনুভূত হয় ভূমিকম্প। National Center for Seismologyৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। উত্তৰ অসমৰ শোণিতপুৰত এই ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে। মাটিৰ পৰা ১৩ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।উল্লেখ্য যে শনিবাৰে পুৱা ৭.৩৮ বজাত ৰাজ্যত অনুভূত হৈছিল ভূমিকম্পৰ জোঁকাৰণি। National Center for Seismologyৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ২.৯। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নগাঁও।