পুনৰ ভাৰতবিৰোধী ষড়যন্ত্ৰত নামিল চীন

পুনৰ ভাৰতবিৰোধী ষড়যন্ত্ৰত নামিল চীন

ৰঙিলী বাৰ্ত্তাসেৱা-   চীনেই পুনৰ ভাৰতবিৰোধী ষড়যন্ত্ৰৰ পৰিচয় দাঙি ধৰি আকৌ এবাৰ অৰুণাচলৰ বিভিন্ন স্থানৰ নতুনকৈ নামকৰণ কৰিছে। ভাৰতৰ ২৭টা স্থানৰ নতুন নামকৰণ কৰি বিবৃতি প্রকাশ কৰিছে চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে। দেশখনৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতেও এক বিবৃতি প্রকাশ কৰিছে ।বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে অৰুণাচল প্রদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু ভৱিষ্যতেও হৈ থাকিব। যোৱা ১২ মে’ত চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হয় যে অৰুণাচল প্ৰদেশৰ ২৭টা অঞ্চলৰ নতুন নামকৰণ কৰা হৈছে। স্মৰ্তব্য যে দীর্ঘদিন ধৰি অৰুণাচল প্ৰদেশ চীনৰ নিজ ভূখণ্ড বুলি দাবী কৰি অহা হৈছে। দেশখনৰ একাধিক মানচিত্ৰত অৰুণাচল প্রদেশক ‘জ্যাংনান’ অর্থাৎ তিব্বতৰ দক্ষিণ অংশ বুলি প্রকাশ কৰি অহা হৈছে। সেই জঘন্য পদক্ষেপ পুনৰ এইবাৰ গ্ৰহণ কৰিছে বেইজিং প্রশাসনে। দেশখনৰ এই ষড়যন্ত্ৰৰ পিছতেই তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে। বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা বিবৃতি প্রকাশ কৰি মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ নামকৰণৰ ব্যৰ্থ আৰু অযুক্তিকৰ চেষ্টা চলাইছে চীনে। সেয়া ভাৰতৰ নজৰত আছে। পূৰ্বৰ দৰে ভাৰতে চীনৰ এই ষড়যন্ত্রক নস্যাৎ কৰি যাব বুলিও ৰণধীৰ জয়ছোৱালে বিবৃতিটোত উল্লেখ কৰিছে। চীনে যিমানেই নতুন নতুনকৈ অৰুণাচল ভূখণ্ডৰ নামকৰণ নকৰক কিয়, অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব বুলি মন্তব্য কৰে বিদেশ মন্ত্রণালয়ৰ মুখপাত্ৰগৰাকীয়ে। স্মৰ্তব্য যে যোৱা বছৰ অৰুণাচল প্ৰদেশৰ ৩০টা স্থানৰ চীনে নতুনকৈ নামকৰণ কৰিছিল। শেহতীয়াকৈ একেই পদক্ষেপ গ্রহণ কৰিছে বেইজিঙে। ১২টা আৱাসিক অঞ্চল, ১১খন পাহাৰ, চাৰিখন নদী, এটা সুৰংগ আৰু দুটা খালিস্তানৰ নামকৰণ কৰিছে বেইজিং প্রশাসনে। এই ঘটনা সন্দর্ভত বিদেশ মন্ত্রণালয়ে প্রতিক্রিয়া প্রকাশ কৰি কৈছে যে নির্বোধৰ দৰে কাম কৰি আহিছে চীনে। নতুন নামকৰণ কৰিলেও বাস্তৱ কেতিয়াও সলনি কৰিব পৰা নাযায় বুলিও বিদেশ মন্ত্রণালয়ৰ প্ৰতিক্রিয়াত উল্লেখ কৰা হয়। লক্ষণীয়ভাৱে পূৰ্বৰ দৰে বেইজিং প্রশাসনৰ এই পদক্ষেপক নিন্দা কৰিছে যদিও এই সন্দৰ্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই ভাৰতৰ প্ৰতিৱেশী দেশখনে। বাৰে বাৰে অৰুণাচলক নিজৰ ভূখণ্ড হিচাপে দাবী কৰি চীনে সীমান্তত ভাৰতৰ সৈতে সংঘাত দীর্ঘদিনলৈ অক্ষত ৰাখিব বিচাৰে বুলি বিশেষজ্ঞ মহলে ধাৰণা কৰিছে।