পুনৰ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

পুনৰ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাংলাদেশী মিঞাৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। বাংলাদেশী মিঞাৰ চৰকাৰী, বনভূমি দখলৰ বিৰুদ্ধে যোৱা সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা বিজেপি চৰকাৰখনে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহিলে বাংলাদেশী মিঞাৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব বুলি ইতিপূর্বে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। এনে ঘোষণাক পুনৰ স্পষ্ট কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- বিজেপিৰ শাসনকালত অসমীয়া মানুহ বহুত সাহসী হ’ল। বাংলাদেশী মিঞাৰ যি দাদাগিৰি আছিল এতিয়া সেইবোৰ নোহোৱা হৈ গ’ল। ৰাজ্যবাসীয়ে এটা কথা মনত ৰাখিব অহা ৫ বছৰত মিঞাৰ কামিহাড় সম্পূৰ্ণৰূপে ভাঙি দিয়া হ’ব। অসমত এতিয়া কোনো বাংলাদেশী মিঞাই অসমীয়া খিলঞ্জীয়াক আৰু ৰঙাচকু দেখুৱাব নোৱাৰে। অহা ৫ বছৰত দেখিব নগাঁৱত কংগ্ৰেছৰ গঁড় হত্যা কৰা যি ডাঙৰ নেতা আছে, সেইবিলাকেও ৰাস্তাত ওলালে মূৰ তল কৰি ওলাব।

নগাঁৱত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়- এই ৫ বছৰত বাংলাদেশী মিঞাৰ কামিহাড় ভাঙিলোঁ, অহা ৫ বছৰত সমান কৰি দিয়া হ’ব। ইয়াৰ পিছত অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙাচকু দেখুৱাব নোৱাৰিব। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি নগাঁও-হোজাইত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে জিলা দুখনৰ বিভিন্ন প্রান্তত চলি থকা মিঞা বাংলাদেশীৰ অবাধ দখল তথা আগ্রাসনক লৈ অভিযোগ লাভ কৰাৰ পাছতে প্ৰচাৰ অভিযানৰ মাজতে বাংলাদেশী মিঞাৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ হুংকাৰ দিয়ে। কোনো কাৰণতে মিঞা বাংলাদেশীক মূৰ তুলিব দিয়া নহ’ব বুলি হুংকাৰ দিয়া মুখ্যমন্ত্ৰীয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পাছতে মিঞা বাংলাদেশীৰ কামিহাড় ভাঙি পেলাব বুলি একপ্ৰকাৰ সকীয়াই দিয়ে।  পুনৰ চৰকাৰ গঠন কৰিলে মিঞা বাংলাদেশীক সমূলঞ্চে নিঃশেষ কৰিব বুলি হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে।