পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা– পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পুৱতি নিশা ঝাৰখণ্ডৰ টাটানগৰৰ সমীপত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। হাওৰাৰ পৰা মুম্বাইলৈ যোৱা ১২৮১০ হাওৰা-CSMT মেইলৰ ১০টাকৈ ডবা লাইনচ্যুত। এই দুৰ্ঘটনাত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে। আনহাতে ২০গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখন। ইতিমধ্যে ৰে’ল দুর্ঘটনাৰ পিছতে ৰে’ল বিভাগে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উদ্ধাৰৰ বাবে পাটনাৰ পৰা প্ৰেৰণ কৰা হৈছে NDRFৰ এটা দল। তথ্য অনুসৰি দুদিন পূৰ্বে এই ৰে’ল পথটোত পূৰ্বে এখন মালবাহী ৰে’ল লাইনচ্যুত হৈছিল, আৰু লাইনচ্যুত ডবাৰ সৈতে হাওৰা-CSMT মেইলে খুন্দা মাৰে।চক্ৰধৰপুৰ ৰে’ল দুৰ্ঘটনাৰ পিছত ৰাঁচীত হেল্প ডেস্ক মুকলি কৰা হৈছে। ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত তথ্য লাভৰ বাবে ৰাঁচীৰ হেল্প ডেস্কৰ নম্বৰ হৈছে ০৬৫১-২৭-৮৭১১৫। ইয়াৰ উপৰিও আন আন হেল্পলাইন নম্বৰো জাৰি কৰা হৈছে। টাটা- ০৬৫৭-২২৯০৩২৪, আৰ এল ৱাই- ৭৩৫২৩ নম্বৰত ফোন কৰিব পাৰে।