পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

Pc World Bank Live

পুনৰ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্রচাৰত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে পুনৰ এবাৰ অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী উপস্থিত হয়।  প্রধানমন্ত্রী মোদীয়ে বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত পোনে পোনে কইনাধৰালৈ যায়। কইনাধৰাত নিশাটো পাৰ কৰাৰ পিছত প্রধানমন্ত্রী মোদীয়ে সোমবাৰে ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠিত হ’বলগীয়া নির্বাচনী প্রচাৰত অংশগ্ৰহণ কৰিব। দেওবাৰে পশ্চিমবংগৰ কোচবিহাৰৰ নির্বাচনী ৰেলীত অংশগ্রহণ কৰাৰ পিছত প্রধানমন্ত্রী মোদী বিমানযোগে অসমত উপস্থিত হৈছে।  প্রধানমন্ত্রী মোদীয়ে ৰাজ্যৰ তিনি স্থানত নির্বাচনী প্রচাৰত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সমষ্টিসমূহক সামৰি মৰাণৰ প’ল’ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্রচাৰ সভা। এই নির্বাচনী প্ৰচাৰ সভাত চৰাইদেউ জিলাৰ সোণাৰি আৰু মাহমৰা, শিৱসাগৰ জিলাৰ নাজিৰা, ডিব্ৰুগড় জিলাৰ খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, চাবুৱা-লাহোৱাল আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা অহা ৰাইজে অংশগ্রহণ কৰিব। আনহাতে, বৰপেটাৰোডতো নির্বাচনী প্রচাৰ সভাত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰিব। প্রায় ১০ বছৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণৰ বাবে বৰপেটাৰোড মিনি ষ্টেডিয়ামত উপস্থিত হ’ব। ৭ টা সমষ্টিক সামৰি সোমবাৰে প্রধানমন্ত্রী মোদীৰ জনসভা অনুষ্ঠিত হ’ব। এই সমষ্টিকেইটা হৈছে ক্রমে-বজালী, বৰপেটা, ভৱানীপুৰ-সৰভোগ, মানাহ, বিজনী, অভয়াপুৰী আৰু বঙাইগাঁও। প্রায় এক লাখ জনতা প্ৰধানমন্ত্ৰীগৰাকীৰ সভাত উপস্থিত থকাৰ সম্ভাবনা আছে। ইয়াৰোপৰি হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰস্থিত খেলপথাৰত সোমবাৰে প্রধানমন্ত্রী মোদীৰ বিশাল জনসভা অনুষ্ঠিত হ’ব। হোজাই, লামডিং, বিন্নাকান্দি, ৰংখাং আৰু হাফলং বিধানসভা সমষ্টিৰ দলীয় প্রার্থীসকলৰ হকে প্রধানমন্ত্রীয়ে প্ৰচাৰ চলাব। এই ভ্ৰমণৰ জৰিয়তে প্রধানমন্ত্রী মোদীয়ে হোজাই অঞ্চলৰ ভোটাৰসকলক আকৰ্ষণ কৰাৰ চেষ্টা কৰিব। দিনৰ ১ বজাত প্রধানমন্ত্ৰীগৰাকীয়ে হোজাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।