অপাৰেচন শিৱশক্তিঃপুনৰ দুই সন্ত্ৰাসবাদীক গুলীয়াই হত্যা সেনাবাহিনীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত ভাৰতীয় সেনা জোৱানে পুনৰ দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে । ২ দিন পূৰ্বে সেনাই ‘অপাৰেচন মহাদেৱ’ৰ জৰিয়তে ২২ এপ্ৰিলত পেহেলগাম আক্ৰমণৰ লগত জড়িত তিনিজন সন্ত্ৰাসবাদী কাশ্মীৰৰ ডাচিগাম বনাঞ্চলত গুলীয়াই হত্যা কৰাৰ পিছত এই ঘটনা সংঘটিত হয় ৷ পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্দেহজনক কাৰ্যকলাপ দেখা পোৱাৰ পিছতে ‘অপাৰেচন শিৱশক্তি’ আৰম্ভ কৰা হয়। সামাজিক মাধ্যম এক্সযোগে সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পছে কয়, “আন এটা অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰা হৈছে। সজাগ ভাৰতীয় সেনা জোৱানে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ২ টা সন্ত্ৰাসবাদীক হত্যা কৰে। নিৰাপত্তা বাহিনীৰ দ্ৰুত কাৰ্য আৰু নিৰন্তৰ গুলীচালনাই তেওঁলোকৰ কুৎসিত অভিপ্ৰায় বিফল কৰে। ঘটনাস্থলীৰ পৰা ৩টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে।” পোষ্টটোত আৰু কোৱা হৈছে যে, “আমাৰ নিজৰ চোৰাংচোৱা ইউনিট আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ প্ৰচেষ্টা আৰু সমন্বিত চোৰাংচোৱা তথ্যৰ বাবেই এই অভিযান সফল হৈছিল।” ইফালে, কাঠুৱা জিলাৰ ৰাজবাগ ছেক্টৰৰ ৰামপুৰৰ ছাব্বা চক আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত দুজন সন্দেহজনক লোকক দেখা পোৱাৰ পাছতে নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে।