পুনৰ চলচ্চিত্র মহোৎসৱত উজলিল ‘অনচুনী চিখেঁ’
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান অর্জন কৰা ড° পাৰ্থসাৰথি মহন্তৰ ‘অনচুনী চিখেঁ’ চুটি ছবিখনে মুম্বাইত অনুষ্ঠিত ‘উত্তৰ-পূব ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ’ত তিনিটাকৈ বঁটা লাভেৰে পুনৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মহোৎসৱৰ ‘উত্তৰ-পূব বিশেষ শিতান’ত ছবিখনে ‘শ্রেষ্ঠ পৰিচালক’ আৰু ‘শ্রেষ্ঠ চুটি ছবি’ বঁটাৰ লগতে ভাৰতীয় শাখাত প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে ‘শ্রেষ্ঠ অভিনেত্রী’ৰ সন্মান অর্জন কৰে। যোৱা ২৭ ছেপ্টেম্বৰত মহোৎসৱৰ সামৰণী অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্র জগতখনত খলকনি তুলিবলৈ সক্ষম হোৱা ড০ পাৰ্থসাৰথি মহন্তৰ এই চুটি ছবিখনে চেন্নাইত অনুষ্ঠিত কল্পীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘শ্রেষ্ঠ এছিয়ান চুটি ছবি’ৰ উপৰি জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইন্ডিয়ান ইনডিপেন্ডেন্ট চলচ্চিত্র মহোৎসৱতো ‘শ্রেষ্ঠ চুটি ছবি’ৰ বঁটা লাভ কৰিছিল। ড° পার্থসাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটি ছবিখনৰ কাহিনী ড° মহন্তৰে এটি কবিতাৰ আধাৰত ৰচনা কৰা হৈছে। ছবিখনত এককভারে অভিনয় কৰিছে প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়ৰ যোগেদি ছবিখনত এগৰাকী যুৱতীৰ প্রত্যাহবানেৰেভৰা দুর্বিসহ আৰু কষ্টকৰ এক শক্তিশালী জীৱন যাত্ৰাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সম্মুখীন হয়, তাৰ প্ৰকৃত ছবিখন ইয়াত প্রতিফলিত হৈছে।