পুনৰ গ্ৰেপ্তাৰ শংকৰজ্যোতি বৰুৱা
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম ছাত্র সন্থা (আছু)ৰ প্রাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ৯০/২০২৫ গোচৰত জামিন লাভ কৰিলেও দুলীয়াজান থানাত ৰুজু হোৱা ৮৯/২০২৫ নম্বৰৰ দ্বিতীয়টো গোচৰত আৰক্ষীয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰে। যিটো গোচৰৰ শুনানি নোহোৱা পর্যন্ত বৰুৱাক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ বিৱৰণী অনুসৰি দুলীয়াজানৰ পেট্ৰ’ল ডিপোত আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ হয় আছুৰ অপসাৰিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শনিবাৰে দুলীয়াজান আৰক্ষী থানাৰ সমীপৰ বি এন সিং পেট্রল পাম্প ষ্টেচনত আক্রমণ আৰু পেট্র’ল ডিপোটো দখলৰ চেষ্টা চলোৱাৰ অভিযোগত দুলীয়াজান আৰক্ষী থানালৈ মাতি অনা হৈছিল শংকৰজ্যোতি বৰুৱাক। ডিব্ৰুগড়ৰ পৰা শীৰ্ষ আৰক্ষী বিষয়াৰ দলে দুলীয়াজান থানাতে বহু সময় ধৰি জেৰা চলোৱাৰ পাছত ৰবিবাৰে নিশা প্রায় ১২ বজাত ডিব্ৰুগড় সদৰ থানালৈ বৰুৱাক লৈ আনে। নিশাটো সদৰ থানাতে ৰাখি সোমবাৰে দিনৰ প্ৰায় ১১ বজাত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি ডিব্রুগড় জিলা মুখ্য ন্যায়িক আদালতত হাজিৰ কৰোৱা হয়। জানিব পৰা মতে, শংকৰজ্যোতি বৰুৱাক দুলীয়াজান থানাৰ ৯০/২৫ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। শংকৰজ্যোতিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬ (১)(এই)/১৯৬ (১) (বি)/১৯৭ (১) (বি)/১৯৭ (১) (চি)/১৯৭(১)(ডি)/৩ (৫)/৩৫২/৩৫৩ (১) (বি)/৩৫৩ (১)(চি)/৩৫৩ (২) ধাৰা আৰোপ কৰা হৈছে। শংকৰজ্যোতি বৰুৱাৰ অধিবক্তাই জানিবলৈ দিয়া মতে, আৰক্ষীয়ে তিনি দিনৰ জিন্মাত বিচাৰি আবেদন জনাইছিল আদালতত। কিন্তু আদালতে সেই আবেদন নাকচ কৰে। আনহাতে বৰুৱাৰ জামিন বিচাৰি আবেদন দাখিল কৰিছে অধিবক্তাই। জামিন লাভ কৰিলেও পুনৰ বৰুৱাক আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত লাভ কৰা তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ নয়ডাৰ বি এন সিং মালিকানাধীন পেট্র’ল ডিপোটো দীর্ঘদিন ধৰি ৰীতেশ সিং নামৰ এজন লোকে লীজত লৈ চলাই আছিল। কিন্তু কেইদিনমান পূর্বে পেট্র’ল ডিপোটোৰ স্বত্বাধিকাৰীয়ে হঠাৎ শ্বাহি উপাধিৰ এজন যুৱকক ডিপোটো চলাবলৈ দিয়ে। ইয়াক লৈ দুয়োটা পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। যাৰ পৰিণতিত শনিবাৰে পেট্র’ল ডিপোটোত ৰীতেশ সিং আৰু জনৈক শ্বাহি পক্ষৰ লোক উপস্থিত হৈ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে হতাহতিত লিপ্ত হয়। অৱশ্যে দুলীয়াজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ৰীতেশ সিঙৰ বিৰুদ্ধে বিত্তীয় লেনদেনৰ অভিযোগত শ্বাহি উপাধিৰ যুৱকজনক ডিপোটো চলাবলৈ দিছিল। আনহাতে, বিত্তীয় লেনদেনত হোৱা খেলিমেলিৰ বাবে স্বত্বাধিকাৰীজনক মূল্যৱান সম্পত্তি চমজাই থৈছে বুলি ৰীতেশ সিঙে প্রকাশ কৰিছে। ইয়াৰ উপৰি ৰীতেশ সিঙে ডিপোটো চলাবৰ বাবে ২০২৭ চনলৈকে থকা চুক্তি-পত্রও প্রদর্শন কৰে। ইতিমধ্যে ৰীতেশ সিঙে এই সন্দৰ্ভত আদালতত গোচৰ তৰা বুলিও আৰক্ষীৰ সূত্ৰত প্রকাশ। ইফালে শনিবাৰৰ ঘটনা সন্দৰ্ভত শ্বাহি নামৰ ব্যৱসায়ীজনে দুলীয়াজান থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৮৯/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি ৰীতেশ সিং আৰু তেওঁৰ পিতৃক আটক কৰে। অৱশ্যে তেওঁলোকক ইতিমধ্যে জামিনত মুক্তি দিছে। শনিবাৰে সংঘটিত ডিপোটোত দুই ফৈদৰ মাজত সংঘাতৰ সময়ত ঘটনাস্থলীত উপস্থিত হৈছিল শংকৰজ্যোতি বৰুৱা। ইতিমধ্যে একাংশ সংবাদ মাধ্যমত প্রাক্তন ছাত্রনেতাজনে পেট্র’ল ডিপোটো এটা পক্ষৰ সহযোগত দখলৰ চেষ্টা চলোৱা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছত তেওঁ সামাজিক মাধ্যমত প্রতিক্রিয়া ব্যক্ত কৰিছে। বিষয়টো সন্দর্ভত শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত কয়- মই ঘটনাৰ সময়ত উপস্থিত হোৱাটো সত্য। কিন্তু কোনো লোকক মাৰপিট কৰা বা উচটনি দিয়া নাছিলোঁ। কোনোবাই যদি ভিডিঅ’ কৰিছিল তাত প্রত্যক্ষ কৰিব যে মই দুয়োটা পক্ষকে কাজিয়াৰ পৰা আঁতৰাই অনাৰ চেষ্টাহে কৰিছিলোঁ। দুলীয়াজানৰ মাজমজিয়াত থকা বি এন সিং পেট্র’ল পাম্পটোৰ মালিক উত্তৰ প্ৰদেশৰ নিৱাসী। সকলোৱে সকলো ঠাইত মাটি কিনি ব্যৱসায় কৰাৰ অধিকাৰ আছে, কাৰণ আমাৰ আইএলপি নাই। কিন্তু অইল ইণ্ডিয়া লিমিটেডে ব্যৱসায়ৰ বাবে পেট্র’ল ডিপোটোৰ ঠাইখিনি বহু বছৰৰ পৰা কেনেকৈ লীজত দি থৈছে? যদি অইলৰ মাটি লীজত দিয়াৰ নিয়ম আছে তেনেহ’লে স্থানীয় খিলঞ্জীয়া যুৱকে ইয়াৰ সুবিধা গ্ৰহণ কৰিব লাগে, কিয়নো দুলীয়াজানৰ মাজমজিয়াত ব্যৱসায় কৰিবৰ বাবে মাটিৰ অভাৱ। সেয়েহে বি এন সিঙক যি চুক্তিৰ আধাৰত অইলে মাটি লীজত দিছে সেই একে চুক্তিৰ আধাৰতে আমাৰ নিবনুৱাসকলকো মাটি লীজত দিয়াৰ ব্যৱস্থা কৰিব লাগে। দুলীয়াজানৰ মাজমজিয়াত আৰু আশে-পাশে অইল ইণ্ডিয়াৰ বহু খালী মাটি পৰি আছে। উক্ত মাটিসমূহ লীজত দি অইলে এতিয়া নিবনুৱাসকলক ব্যৱসায়ৰ বাবে প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰিছে। শংকৰজ্যোতি বৰুৱাৰ লগতে আৰক্ষীয়ে আন দুজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰায়।