পুনৰ গ্ৰেপ্তাৰ এচিএছ নূপুৰ বৰা

পুনৰ গ্ৰেপ্তাৰ এচিএছ নূপুৰ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা- দুর্নীতিৰে পৰ্বতসম সম্পত্তি গঢ়ি গ্ৰেপ্তাৰ হোৱা বিতর্কিত এচিএছ বিষয়া নূপুৰ বৰাক চিএম ভিজিলেঞ্চে পুনৰ গ্ৰেপ্তাৰ কৰে । গোটানগৰৰ বাসভৱনৰ পৰা ভিজিলেঞ্চৰ এটা দলে বৰাক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে আয়-বহির্ভূত সম্পত্তি সন্দর্ভত ২৫/২৫ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত বৰাক চিএম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। পাঁচটা বছৰত ৫০০ শতাংশ সম্পত্তি আহৰণ কৰা নূপুৰ বৰাৰ ঘৰৰ পৰা প্ৰায় ২ কোটি টকা নগদ ধন জব্দ কৰিছিল তদন্তকাৰী আৰক্ষীয়ে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত দুর্নীতিগ্ৰস্ত বিষয়াজনে আদালতৰ পৰা জামিনত মুকলি আকাশৰ তললৈ ওলাবলৈ সক্ষম হৈছিল। কিন্তু চাকৰিত থকাৰ সময়ত বৰপেটা জিলাত জালিয়াতিৰে মাটি নামজাৰি কৰাক লৈ বৰপেটা জিলা আযুক্ত আৰু সহকাৰী আয়ুক্তই পুনৰ ৩২/২৫ নম্বৰত আন এটা গোচৰ চিএম ভিজিলেঞ্চত দাখিল কৰে। উক্ত গোচৰৰ ভিত্তিতে দুর্নীতিগ্রস্ত নূপুৰ বৰাক আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে।