পুনৰ গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ

পুনৰ গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  গাজাত ভয়াৱহ আক্রমণ ইজৰাইলৰ। সন্ত্রাসবাদী সংগঠন হামাছৰ ঘাটিক লক্ষ্য কৰি গাজাত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে চলোৱা আক্ৰমণত চাৰি শতাধিক পেলেষ্টাইনী লোক নিহত হৈছে। যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে হোৱা আলোচনা অনুসৰি ইজৰাইলে চলায় ভয়াৱহ আক্ৰমণটো। গাজাৰ আকাশত ২০তকৈ অধিক ইজৰাইলী যুদ্ধ বিমানেৰে আক্ৰমণ চলায়। গাজা চিটী, ৰাফাহ আৰু খান ইউনুছত সন্ত্রাসবাদী হামাছৰ ঘাটিক লক্ষ্য কৰি ২০তকৈ অধিক যুদ্ধ বিমানেৰে ইজৰাইলী প্ৰতিৰক্ষা  বাহিনীয়ে ভয়াৱহ আক্রমণ চলায়। এই আক্ৰমণত চাৰি শতাধিক পেলেষ্টাইনী নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছে। ৰমজান মাহ উপলক্ষে পুৱতিনিশা বহু লোকে খাদ্য গ্রহণ কৰি থকাৰ সময়তে ইজৰাইলী সেনাই এই আক্রমণ চলায়। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানেহু আৰু প্ৰতিৰক্ষা মন্ত্রী ইজৰাইল কাটজেই গাজাৰ আক্ৰমণৰ নিৰ্দেশ দিয়ে। প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা বিবৃতি মতে, হামাছে পণবন্দীক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ বাৰম্বাৰ প্ৰত্যাখ্যান কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ প্রতিনিধি ষ্টীভ উইটক’ফ আৰু মধ্যস্থতাকাৰীৰ পৰা লাভ কৰা কেইবাটাও প্রস্তাৱ হামাছে প্রত্যাখ্যান কৰাৰ বাবেই গাজাৰ ওপৰত আক্রমণ চলাবলৈ নির্দেশ দিয়া হৈছে। হামাছক নিঃশেষ কৰিবলৈ পণ লোৱা ইজৰাইলে সামৰিক শক্তি বৃদ্ধিৰে আজিৰে পৰা গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তোলা হ’ব বুলিও বিবৃতিত প্ৰকাশ কৰিছে। গাজাৰ উপ-গৃহমন্ত্রী তথা হামাছৰ শীর্ষ পৰ্যায়ৰ নিৰাপত্তা বিষয়া মহম্মদ আবু ৱাফা ইজৰাইলে চলোৱা আক্রমণত নিহত হৈছে বুলিও বাতৰি চৰ্চিত হৈছে। উল্লেখ্য যে যোৱা ১৯ জানুৱাৰীৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তি অনুসৰি হামাছে পণবন্দী আৰু ইজৰাইলে কাৰাবন্দী পেলেষ্টাইনীক মুকলি কৰি দিয়া প্রক্রিয়া চলাইছিল। কিন্তু যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছত হামাছে প্রস্তাৱত সমর্থন নজনোৱাত পুনৰ ইজৰাইলে আক্রমণ আৰম্ভ কৰিছে। উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত সন্ত্রাসবাদী সংগঠন হামাছে ইজৰাইল সীমান্তত অতর্কিতে আক্রমণ চলাই ১২শতকৈ অধিক লোকক হত্যা কৰাৰ লগতে ২৫১জনক পণবন্দী কৰিছিল। হামাছৰ এই আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলে যুদ্ধ ঘোষণা কৰি হামাছৰ ওপৰত গাজাত আক্ৰমণ আৰম্ভ কৰে। ইজৰাইলী সেনাৰ আক্ৰমণত গাজা চহৰ বিধ্বস্ত  হোৱাৰ লগতে প্রায় ৫০ হাজাৰ লোক নিহত হৈছে। তেনেদৰে হামাছৰ কেইবাজনো মুৰব্বী ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য মতে, ইজৰাইলৰ আক্ৰমণত গাজাত ২.১ নিযুত লোক গৃহহীন হৈ শৰণাৰ্থী হিচাপে আশ্রয় ল’বলগীয়া হৈছে। চহৰখনৰ ৭০ শতাংশ অট্টালিকা বোমাৰ আক্ৰমণত বিধ্বস্ত হৈছে। স্বাস্থ্য সেৱা, পানী যোগান, অনাময় ব্যৱস্থা বিধ্বস্ত হৈছে। খাদ্য, ইন্ধন, ঔষধ আৰু আশ্ৰয়ৰ অভাৱত ভুগিছে গাজাবাসী। এই যুদ্ধ চলি থকাৰ মাজতেই কাটাৰৰ মধ্যস্থতাত হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চুক্তি হয়।