পুনৰ খাৰঘুলিত ফুটিল পানীৰ পাইপ

পুনৰ খাৰঘুলিত ফুটিল পানীৰ পাইপ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ মহানগৰীৰ খাৰঘুলিত ফুটিল পানীৰ পাইপ। জাইকাৰ পানীৰ পাইপ ফাটি বৃহস্পতিবাৰে আগবেলা সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ । পানীৰ পাইপ ফাটি ছুনামিসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে খাৰঘুলিত। ফলত ২০-৩০ ফুট ওপৰলৈ উঠিল পানীৰ ফোঁৱাৰা। জলবিস্ফোৰণ ইমানেই ভয়ায়ক যে সমগ্র অঞ্চল জলমগ্ন হৈ পৰিছে। খাৰঘূলিৰ এই জলবিস্ফোৰণত নিমিষতে ধ্বংসস্তুপত পৰিণত হ’ল কেইবাটাও বাসগৃহ আৰু কেইবাখনো দোকান ৷ খাৰঘূলিৰ নামঘৰ চ’কৰ সমীপৰ জজ কলনীৰ সন্মুখত বৃহস্পতিবাৰে পুৱা প্ৰায় ৯-৪৫ মিনিটত ঘটে এই অঘটন । পুৱা দৈনন্দিন কামকাজলৈ, কোনোবা ঘৰৰ পৰা ওলাই যাবলৈ সাজু হৈছে, কোনোবাজনে আকৌ নিজৰ দোকান বা ব্যৱসায় প্ৰতিষ্ঠান খুলিছিলহে মাত্ৰ । তেতিয়াই ঘটিল এই অঘটন । এই জলবিস্ফোৰণত জলমগ্ন হৈ পৰা অঞ্চলটোত ৫ খনকৈ দোকানৰ লগতে কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হয় । জলবিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে পথৰ কাষৰ ১০ ফুট উচ্চতাৰ ঘৰৰ দেৱাল ভাঙি পৰে মুহূৰ্ততে ৷ মুহূৰ্ততে দেৱালৰ লগতে ভাঙি পৰে এটা সম্পূৰ্ণ বাসগৃহ । ছেদেলি-ভেদেলি হৈ পৰে সা-সম্পত্তি ৷ বিস্ফোৰিত জলপ্ৰৱাহে উটুৱাই লৈ যায় কেইবাখনো মটৰ চাইকেল, অটোৰিক্সা, ৰিক্সা আদি যান-বাহন৷ বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ হিচাপ হোৱা নাই যদিও স্থানীয় লোকৰ দাবী- ৫০/৬০ লাখ টকাৰ ক্ষতি হৈছে জাইকাসৃষ্ট এই জল বিস্ফোৰণত । ইফালে ঘটনাৰ পিছতে পৰিস্থিতি পর্যবেক্ষণৰ বাবেই খাৰঘুলিত উপস্থিত হয় মন্ত্রী জয়ন্ত মল্ল বৰুৱা। খাৰঘুলিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পানী যোগান আঁচনিৰ পাইপ বিস্ফোৰণ ঘটনাৰ সবিশেষ বুজ লয় আৰু ঘটনাস্থলী পৰিদৰ্শন কৰে। লগতে সংশ্লিষ্ট কর্তৃপক্ষ, স্থানীয় ৰাইজ আৰু সংবাদ মাধ্যমৰ লগত সাময়িক পৰিস্থিতি আৰু ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।