পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কোকৰাঝাৰত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এই এনকাউণ্টাৰত আৰক্ষীৰ গুলীত আহত হত্যাৰ অভিযুগত অভিযুক্ত শম্ভু কাহাৰ। বুধবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীয়ে।এই গুলীচালনাৰ ফলত ভৰিত গুলীবিদ্ধ হয় অভিযুক্ত শম্ভু কাহাৰ। জানিব পৰামতে, পশ্চিমবংগৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শম্ভু কাহাৰক। উল্লেখ্য যে, তপন চক্ৰৱর্তী নামৰ এজন অৱসৰপ্ৰাপ্ত অভিযন্তাৰ হত্যাৰ অভিযুগত গ্ৰেপ্তাৰ কৰা হৈছিল শম্ভু কাহাৰ।