পুনৰ অশান্ত মণিপুৰ

Pc ANI

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰায় এবছৰৰ ৰাষ্ট্ৰপতি শাসনৰ অন্তত মণিপুৰত নতুন চৰকাৰ গঠন হৈছে। কিন্তু চৰকাৰ গঠন হ’লেও অস্থিৰতা কমা নাই হিংসাজৰ্জৰ ৰাজ্যখনত। নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতেই পুনৰ অশান্ত হৈ উঠিল মণিপুৰ। মণিপুৰ চৰকাৰত উপ-মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণক লৈ এইবাৰ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । মণিপুৰৰ নতুন উপ-মুখ্যমন্ত্ৰী হিচাপে নেমচা কিপগেন আৰু ল’ছি দিখোৱে শপতগ্ৰহণৰ বিৰুদ্ধে বৃহস্পতিবাৰে চুৰাচান্দপুৰ জিলাত নিৰাপত্তা বাহিনীৰ লোকৰ সৈতে সৃষ্টি হোৱা সংঘৰ্ষ হোৱাৰ ফলত হিংসাত্মক ৰূপ ধাৰণ কৰে । বৃহস্পতিবাৰে গোটেই দিনটো পাহাৰীয়া এলেকাৰ বিভিন্ন কুকি প্ৰভাৱিত অঞ্চলত বন্ধ, বিক্ষোভ, পথ অৱৰোধ, অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। একাধিক চৰকাৰী ভৱনত আক্রমণ কৰা হয়। আনহাতে, টুইবং মেইন মাৰ্কেট এলেকাত শ শ যুৱ প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীক নিজৰ বেৰেকলৈ ঘূৰাই পঠিওৱাৰ চেষ্টা চলাইছিল। নিৰাপত্তা বাহিনীয়ে এই কথা মানিবলৈ অনিচ্ছুক হোৱাৰ সময়তে শিলগুটি নিক্ষেপ কৰে। কিছুমানে পথৰ মাজতে টায়াৰ জ্বলাই দিয়াও পৰিলক্ষিত হয়। ইয়াৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  প্ৰতিবাদস্থলীত প্ৰায় ১২ জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। লগতে বহু সা-সম্পত্তি ভস্মীভূত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অসম ৰাইফলছে কন্দুৱা গেছ আৰু লাঠিচালনা কৰিবলগীয়া হয়।  কুকি সংগঠনসমূহৰ আহ্বানত আজি চুৰাচান্দপুৰ আৰু কাংপোকপি জিলাত সম্পূৰ্ণ বন্ধ পালন কৰা হৈছে। দোকান-পোহৰ, যাতায়ত সকলো ব্যাহত হৈ পৰিছে।   উল্লেখযোগ্য যে প্রায় এবছৰৰ মূৰত ৰাজ্যখনত বুধবাৰে ৰাষ্ট্ৰপতি শাসনৰ অৱসান ঘটে। ক্ষমতাসীন বিজেপিৰ নৱনিৰ্বাচিত পৰিষদীয় নেতা ইউমনান খেমচান্দ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনৰ ১৩সংখ্যক মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰে। মেইটেই জনগোষ্ঠীৰ নেতা খেমচান্দৰ সৈতে একেলগে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ ওচৰত উপ-মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে কুকি আৰু নাগা জনগোষ্ঠীৰ দুই বিধায়ক ক্রমে নেমচা কিপগেন আৰু বিধায়ক ল’ছি দিখো। কুকি নেত্রী দিখো বিজেপিৰ সহযোগী দল নাগা পিপ’লছ ফ্ৰণ্টৰ (এনপিএফ) বিধায়ক।