পুনৰ্জন্মৰ পাথেয় – ময়ূৰী বৰগোহাঞি

Pc Buddha Weekly

পুনৰ্জন্মৰ পাথেয়

ময়ূৰী বৰগোহাঞি
শিৱসাগৰ

মৃত্যু — এই দুটি অক্ষৰৰ মাজত লুকাই আছে সমগ্ৰ মানৱ সভ্যতাৰ সবাতোকৈ গভীৰ আৰু সবাতোকৈ অমীমাংসিত দার্শনিক সংকট । জন্মৰ পৰা মৃত্যুলৈকে মানুহে যি যাত্ৰা কৰে, সেই যাত্ৰাৰ পথত সংগ্ৰহ হোৱা অভিজ্ঞতা, বেদনা, আনন্দ, জ্ঞান আৰু প্ৰেমৰ সমষ্টিয়েই কি তেওঁৰ সত্তাৰ সম্পূৰ্ণ পৰিচয়? নে ইয়াৰ বাহিৰেও এক অনন্তকালীন প্ৰবাহ আছে, যি প্ৰবাহ কোনো শৰীৰৰ সীমাত আবদ্ধ নহয়, কোনো কালৰ পৰিসীমাত পৰিসমাপ্ত নহয় ? এই প্রশ্নটোৱেই পুনৰ্জন্মৰ দর্শনৰ মূলাধাৰ আৰু এই প্রশ্নটোৰ মুখামুখি হ’বলৈ সাহস কৰা মানুহেই প্ৰকৃত দার্শনিক ।

পুনৰ্জন্মৰ ধাৰণাটো কেৱল ভাৰতীয় উপমহাদেশৰ আধ্যাত্মিক পৰম্পৰাত সীমাবদ্ধ নহয় । গ্ৰীক দার্শনিক পাইথাগোৰাছে বিশ্বাস কৰিছিল যে আত্মা এক দেহৰ পৰা আন এক দেহলৈ স্থানান্তৰিত হয় । প্লেটোৰ “ফাইড’ন”-ত ছক্ৰেটিছে মৃত্যুৰ প্রাক্কালত আত্মাৰ অমৰত্বৰ দার্শনিক প্রমাণ উপস্থাপন কৰিছিল অদ্ভুত নিষ্ঠা আৰু প্রশান্তিৰে । মিছৰৰ প্রাচীন সভ্যতাত “কা” আৰু “বা”-ৰ ধাৰণা, কেলটিক পৰম্পৰাত আত্মাৰ পুনৰাগমনৰ বিশ্বাস, কিংবা আধুনিক পাশ্চাত্য দার্শনিকসকলৰ মাজতো পুনৰ্জন্মৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে নাকচ কৰিব নোৱাৰা এক মানসিক দ্বন্দ্ব বিদ্যমান । ইয়াৰ অৰ্থ এটাই যে মানৱ মন আদিকালৰ পৰাই এই সত্যটো অনুভৱ কৰি আহিছে যে তাৰ অস্তিত্ব এই এটি জনমৰ সীমাত সংকুচিত নহয় ।

কিন্তু এই প্ৰবন্ধৰ উদ্দেশ্য পুনৰ্জন্মৰ অস্তিত্ব প্ৰমাণ বা অপ্ৰমাণ কৰা নহয় । এই প্ৰবন্ধৰ মূল জিজ্ঞাসা হ’ল যে যদি সত্য অৰ্থত আগলৈ আৰু এটি জনম আছে, তেন্তে এই জনমত আমি কি কি সংগ্ৰহ কৰি থৈ যাব লাগিব? এই প্রশ্নটো কেৱল আধ্যাত্মিক নহয়, ই একেসময়তে দার্শনিক, নৈতিক, সাংস্কৃতিক আৰু অস্তিত্ববাদীও ।

উপনিষদীয় ঋষিসকলে ঘোষণা কৰিছিল “তমসো মা জ্যোতিৰ্গময়” অৰ্থাৎ অন্ধকাৰৰ পৰা আমাক আলোকলৈ লৈ যোৱা । এই আলোক কোনো বাহ্যিক উৎসৰ পৰা আহে নে আভ্যন্তৰীণ চেতনাৰ পৰিশোধনৰ মাধ্যমেৰে উদ্ভূত হয় — এই প্রশ্নটো চিৰকাল প্রাসঙ্গিক । জ্ঞান ! প্রকৃত জ্ঞান কেৱল তথ্যৰ সংকলন নহয় । ই হ’ল অস্তিত্বৰ গভীৰত প্রবেশ কৰিব পৰা এক বিশেষ দৃষ্টিভঙ্গি, এক বিশেষ সংবেদনশীলতা ।

এই জনমত আমি পুথিপত্ৰৰ মাজত, জীৱনৰ অভিজ্ঞতাৰ মাজত, প্রকৃতিৰ নিৰন্তৰ পৰিৱৰ্তনৰ মাজত যিখিনি জ্ঞান আহৰণ কৰিলোঁ, সেই জ্ঞান কি কেৱল এই দেহটোৰ সৈতেই বিনষ্ট হ’ব? ইয়াৰ উত্তৰত ভাৰতীয় দার্শনিক পৰম্পৰাই কয় যে— নহয় । আত্মাই তাৰ সংস্কাৰ বহন কৰে । সংস্কাৰ মানে কেৱল ধাৰ্মিক অনুষ্ঠান নহয়, সংস্কাৰ মানে হ’ল আত্মাৰ গভীৰত খোদিত চিন্তাৰ ছাপ, অভিজ্ঞতাৰ সঞ্চয়, বিকশিত চেতনাৰ স্তৰ ।

গতিকে প্রথম পাথেয় হ’ল — জ্ঞানৰ প্রতি এক অদম্য আকাঙ্ক্ষা পোষণ কৰা । কিন্তু কি ধৰণৰ জ্ঞান? ইয়াত মই শুধু একাডেমিক জ্ঞানৰ কথা কোৱা নাই, যদিওবা তাৰ গুৰুত্ব অপৰিসীম । মানৱ হৃদয়ৰ গভীৰত লুকাই থকা সৌন্দৰ্যবোধৰ জ্ঞান, বিশ্বব্রহ্মাণ্ডৰ অসীমতাৰ সন্মুখত নিজৰ ক্ষুদ্রতাক স্বীকাৰ কৰিব পৰা বিনম্রতাৰ জ্ঞান, আৰু সৰ্বোপৰি নিজকে চিনিব পৰাৰ জ্ঞান । চক্রেটিছৰ সেই বিখ্যাত উক্তি “Know thyself” আজিও সমানেই প্রাসঙ্গিক, সমানেই গভীৰ ।

শেক্সপিয়েৰৰ নাটকত মানৱ চৰিত্ৰৰ যি বহুমাত্ৰিক উন্মোচন, দস্তয়েভস্কিৰ উপন্যাসত আত্মাৰ যি অন্ধকাৰ কোণবোৰৰ সন্ধান, ৰবীন্দ্ৰনাথৰ গীতত যি অনন্ত আকাশৰ সৈতে সংযোগৰ অনুভৱ, কিংবা কালিদাসৰ কাব্যত যি প্রকৃতি আৰু মানৱ সত্তাৰ অপূর্ব মিলন — এইবোৰ কেৱল সাহিত্যিক কৃতি নহয়, এইবোৰ হ’ল মানৱ সভ্যতাৰ আত্মাৰ দলিল । এই দলিলসমূহ পঢ়া, বুজা, অনুভৱ কৰাই হ’ল পৰৱৰ্তী জনমৰ বাবে আত্মাক সমৃদ্ধ কৰাৰ এক অপৰিহার্য পদ্ধতি ।

প্রেম — এই শব্দটো বহু অর্থত ব্যৱহাৰ হয়, বহু সময়ত অৱমাননাও হয় । কিন্তু প্রকৃত প্রেম, যি প্রেম নিঃস্বার্থ, যি প্রেমে প্রতিদানৰ প্রত্যাশা নকৰে, যি প্রেম আনৰ বেদনাত নিজে বিগলিত হয়, সেই প্রেম হ’ল মানৱ অস্তিত্বৰ সৰ্বোচ্চ প্রকাশ ।

ভক্তি আন্দোলনৰ কবিসকল মীৰাবাই, কবীৰ, তুকাৰাম আদি মনীষীসকলে প্রেমক কেৱল মানৱিক সম্পৰ্কৰ মাজত আবদ্ধ ৰাখিব বিচৰা নাছিল । তেওঁলোকে প্রেমক এক মহাজাগতিক শক্তি হিচাপে দেখিছিল । এক এনে শক্তি যি আত্মাক পৰমাত্মাৰ সৈতে সংযুক্ত কৰে । মীৰাবাইৰ প্রেম কেৱল কৃষ্ণৰ প্রতি ব্যক্তিগত আবেগ নাছিল, সেয়া আছিল অনন্ত সত্তাৰ প্রতি এক চিৰন্তন আকর্ষণৰ কাব্যিক অভিব্যক্তি ।

এই জনমত যিসকলক ভালপালোঁ মাতৃ-পিতৃৰ নিঃস্বার্থ স্নেহৰ মাজত, বন্ধুৰ নির্ভৰযোগ্য উপস্থিতিৰ মাজত, প্রেমিকৰ অস্তিত্বক সম্পূর্ণৰূপে গ্রহণ কৰাৰ মাজত যিখিনি প্রেম অনুভৱ কৰিলোঁ, সেই প্রেম কি মৃত্যুৰ লগে লগে বিলীন হয়? ইয়াৰ উত্তৰত ভাৰতীয় পৰম্পৰাই কয় যে — নহয় । প্রেমৰ সংস্কাৰ আত্মাৰ গভীৰত অংকিত হৈ থাকে । গতিকে আগলৈ যদি আৰু এটি জনম আছে, তেন্তে এই জনমৰ প্রেম, এই জনমৰ মায়া-মমতা সেয়াই হ’ব পৰৱৰ্তী জনমৰ হৃদয়ৰ উৰ্বৰ মাটি ।

কিন্তু এই প্রসংগত এটি গুৰুত্বপূর্ণ প্রশ্ন উত্থাপন হয় — প্রেম আৰু আসক্তিৰ মাজত পার্থক্য কি? বৌদ্ধ দর্শনে কয় যে আসক্তিয়েই দুঃখৰ মূল । কিন্তু প্রেম আৰু আসক্তি সমার্থক নহয় । প্রকৃত প্রেমে বন্ধন নৰচে, বৰঞ্চ মুক্ত কৰে । যি প্রেমে আনক স্বাধীনতা দিয়ে, আনৰ বিকাশত আনন্দিত হয়, আনৰ অনুপস্থিতিতো প্রসন্নতা অনুভৱ কৰে সেই প্রেমহে পৰৱৰ্তী জনমৰ পাথেয় হোৱাৰ যোগ্য ।

“কৰ্মযোগী” — এই শব্দটো গীতাৰ । কৃষ্ণই অর্জুনক কৈছিল “ফলৰ আশা নকৰি কৰ্ম কৰি যোৱাই হ’ল যোগীৰ পথ” । এই উপদেশটো শুনিবলৈ সহজ, কিন্তু জীৱনত প্রয়োগ কৰিবলৈ অত্যন্ত কঠিন । কাৰণ মানৱ মন স্বাভাৱিকতেই ফলমুখী । আমি কাম কৰোঁ কিছু পাবলৈ । সেয়া হ’ব পাৰে স্বীকৃতি, পুৰস্কাৰ, সম্মান নতুবা ভালপোৱা ।

কিন্তু “কৰ্মযোগী”ৰ গভীৰতম অর্থ হ’ল এই যে — প্রতিটো সৎ কর্ম, প্রতিটো ন্যায়সংগত প্রয়াস, প্রতিটো নিঃস্বার্থ সেৱা আত্মাৰ বিৱর্তনত অপৰিসীম ভূমিকা পালন কৰে । এই বিৱর্তন কেৱল এটি জনমৰ মাজত সম্পন্ন নহয়, বৰঞ্চ ই এক বহু জনমব্যাপী প্রক্রিয়া । গতিকে এই জনমত আমি যি নৈতিক ভিত্তি নির্মাণ কৰিলোঁ, যি ন্যায়বোধ আৰু সততাৰ চর্চা কৰিলোঁ সেয়াই হ’ব পৰৱৰ্তী জনমৰ চৰিত্ৰৰ আধাৰশিলা ।

ইমানুয়েল কাণ্টৰ নৈতিক দর্শনত “Categorical Imperative”-ৰ ধাৰণাটো অতি প্রাসঙ্গিক — এনেকৈ কার্য কৰা যাতে তোমাৰ কার্যনীতি এক সার্বজনীন নিয়মত পৰিণত হ’ব পাৰে । এই দৃষ্টিভঙ্গিটো আৰু ভাৰতীয় কর্মদর্শনটো এক বিন্দুত মিলিত হয় — নৈতিক কার্যৰ এক বিশ্বজনীন মূল্য আছে, আৰু সেই মূল্য কেৱল সামাজিক নহয়, আধ্যাত্মিকও ।

এই জনমত অন্যায়ৰ বিৰুদ্ধে মাত মতাটো, সত্যৰ পক্ষত থিয় হোৱাটো, দুর্বলৰ পক্ষত থকাটো — এইবোৰ কার্য কেৱল সমাজৰ বাবে নহয়, আত্মাৰ নিজৰ বিকাশৰ বাবেও অপৰিহার্য । যি আত্মাই এই জনমত ন্যায়ৰ পথত চলিলে, পৰৱৰ্তী জনমত সেই আত্মা অধিক পৰিশুদ্ধ চেতনা লৈ অৱতীর্ণ হ’ব — এই বিশ্বাস হয়তো প্রমাণসিদ্ধ নহয়, কিন্তু এই বিশ্বাসেই মানুহক সৎ হৈ থাকিবলৈ এক গভীৰ প্রেৰণা দিয়ে ।

“আত্মানং বিদ্ধি” অৰ্থাৎ নিজকে জনা । এই উপনিষদীয় আদেশটো শুনিবলৈ সহজ, কিন্তু ইয়াৰ গভীৰতা অসীম । আমি জীৱনৰ অধিকাংশ সময় বাহ্যিক জগতখনক বুজিবলৈ, বাহ্যিক বস্তুসমূহ আহৰণ কৰিবলৈ ব্যয় কৰোঁ । কিন্তু নিজৰ আভ্যন্তৰীণ জগতখনৰ প্রতি আমাৰ দৃষ্টি কিমান ?

কার্ল ইউং, যি মনোবিজ্ঞানী হ’লেও তেওঁৰ চিন্তা গভীৰভাৱে দার্শনিক । তেওঁ কৈছিল যে মানুহৰ মানসিকতাত এক “ছায়া” থাকে, যি ছায়া আমি স্বীকাৰ কৰিবলৈ অনিচ্ছুক । এই ছায়াক নিজৰ দুর্বলতা, নিজৰ ভয়, নিজৰ পৰাভৱক মুখামুখি হ’বলৈ সাহস কৰাটোৱেই হ’ল আত্মদর্শনৰ প্রথম পদক্ষেপ । যি আত্মাই এই জনমত নিজৰ ছায়াক চিনিবলৈ সাহস কৰিলে, পৰৱৰ্তী জনমত সেই আত্মা অধিক সংহত, অধিক সমন্বিত হৈ আৱির্ভূত হ’ব ।

ধ্যান, একান্তবাস, চিন্তাশীলতা — এইবোৰ হ’ল আত্মদর্শনৰ পথ । বর্তমানৰ তীব্র গতিশীল পৃথিৱীত এই পথবোৰ অপ্রাসঙ্গিক হ’ব পাৰে । কিন্তু ঠিক এই কাৰণতেই এইবোৰ অধিক প্রয়োজনীয় । বিনোদনৰ অনন্ত প্রবাহ, সামাজিক মাধ্যমৰ কোলাহল, তথ্যৰ অভূতপূর্ব উপস্থিতি এই সকলোবোৰৰ মাজত নিজৰ গভীৰতম স্তৰক স্পর্শ কৰাটো ক্রমাৎ কঠিন হৈ পৰিছে । কিন্তু যি মানুহে এই কঠিন যাত্রাটো কৰিবলৈ সংকল্পবদ্ধ হয়, তেওঁৰ আত্মাই এক বিশেষ গভীৰতা লাভ কৰে ।

আত্মদর্শনৰ এক বিশেষ দিশ হ’ল নিজৰ সীমাবদ্ধতাক স্বীকাৰ কৰা । আমি সকলোতকৈ কঠিন কামটো হয়তো এয়াই যে নিজৰ অজ্ঞানতা, নিজৰ ভুল, নিজৰ অপূর্ণতাক বিনম্রভাৱে গ্রহণ কৰা । কিন্তু এই স্বীকৃতিতেই লুকাই আছে বিকাশৰ বীজ । চক্রেটিছে কৈছিল যে “মই কেৱল এটাই জানো যে মই একো নাজানো।” — এই উক্তিটো বিনম্রতাৰ চূড়ান্ত প্রকাশ, আৰু এই বিনম্রতাই হ’ল জ্ঞানৰ দুৱাৰ মুকলি কৰাৰ প্রথম চৰ্ত ।

এতিয়া এই পাথেয়টোৰ কথা যাৰ চর্চা কম, কিন্তু ই অতি গুৰুত্বপূর্ণ । সৌন্দর্য — প্রকৃতিৰ সৌন্দর্য, শিল্পৰ সৌন্দর্য, মানৱ সম্পর্কৰ সৌন্দর্য, গণিতৰ কোনো সমাধানৰ নিগূঢ় সৌন্দর্য — এই সৌন্দর্যবোধ মানৱ আত্মাৰ এক বিশেষ বৈশিষ্ট্য । প্রাণীজগতৰ অন্য কোনো প্রাণীয়ে সূর্যাস্তৰ সন্মুখত বিস্ময়াভিভূত নহয়, বেটোভেনৰ চিম্ফনি শুনি কম্পিত নহয়, কালিদাসৰ শ্লোকত অনুভৱ নকৰে জীৱনৰ ক্ষণস্থায়িত্বৰ বিষাদমধুৰ অনুভূতি ।

দস্তয়েভস্কিৰ সেই বিখ্যাত উক্তি “Beauty will save the world” — ই কি অর্থত কোৱা হৈছিল? কেৱল বাহ্যিক সৌন্দর্যৰ কথা নিশ্চয় নহয় । ই হ’ল সেই সৌন্দর্যৰ কথা যি নৈতিক ক্ষয়ৰ মাজতো মানৱ আত্মাক উদ্ধাৰ কৰে, যি অমানবিকতাৰ সন্মুখত মানৱতাৰ পতাকা উৰুৱাই ৰাখে ।

গতিকে এই জনমত সৌন্দর্যৰ প্রতি সংবেদনশীলতা গঢ়ি তোলাটো কবিতা পঢ়া, সংগীত শুনা, শিল্পকর্ম নিৰীক্ষণ কৰা, প্রকৃতিৰ মাজত নিজকে হেৰুৱাই দিয়া — এইবোৰ কেৱল আনন্দৰ কার্য নহয়, এইবোৰ হ’ল আত্মাৰ পৰিশোধনৰ সাধনা । যি আত্মাই এই জনমত সৌন্দর্যক চিনিলে, অনুভৱ কৰিলে, পৰৱর্তী জনমত সেই আত্মা অধিক সূক্ষ্ম, অধিক পৰিমার্জিত চেতনা লৈ আহিব ।

ক্ষমা — ই হয়তো এই তালিকাৰ সকলোতকৈ কঠিন পাথেয় । অন্যায়ৰ সন্মুখত ক্ষমাশীল হোৱাটো দুর্বলতা নহয়, ই হ’ল সৰ্বোচ্চ আধ্যাত্মিক শক্তিৰ প্রকাশ । মহাত্মা গান্ধী কৈছিল “দুর্বলে ক্ষমা কৰিব নোৱাৰে, ক্ষমা শক্তিশালীৰ গুণ”।

ক্ষমা নকৰিলে কি হয়? ক্রোধ, বিদ্বেষ, প্রতিশোধৰ আকাঙ্ক্ষা — এইবোৰ আত্মাৰ ওপৰত এক ভাৰ হিচাপে থাকি যায় । যি ভাৰ কেৱল মানসিক নহয়, কর্মদার্শনিক দৃষ্টিভঙ্গিত ই হ’ল এক নেতিবাচক সংস্কাৰ যি আত্মাৰ পৰৱর্তী যাত্রাকো প্রভাৱিত কৰে । গতিকে এই জনমত যিসকলে কষ্ট দিলে তেওঁলোকক ক্ষমা কৰা । শুধু তেওঁলোকৰ বাবে নহয়, নিজৰ আত্মাৰ মুক্তিৰ বাবেও ।

কিন্তু ক্ষমা মানে অন্যায়ক স্বীকৃতি দিয়া নহয় । ক্ষমা মানে হ’ল সেই অন্যায়ৰ বিষ নিজৰ হৃদয়ত বহন কৰি আত্মাক বিষাক্ত নকৰা । যি নদীয়ে অতীতৰ ঢৌ ধৰি ৰাখিব বিচাৰে, সি বৈ যাব নোৱাৰে । ক্ষমা হ’ল সেই নদীৰ গতি যি অতীতৰ বোজা মুকলি কৰি পৰৱর্তী যাত্রাৰ দিশে এক নতুন প্রবাহ ।

ভাৰতীয় আধ্যাত্মিকতাৰ সকলো ধাৰাতেই অহম্ অর্থাৎ “মই” ভাবটো, যাক বন্ধনৰ মূল বুলি গণ্য কৰা হয় । শংকৰাচার্যৰ অদ্বৈত বেদান্ততে হওক, বুদ্ধৰ অনাত্মা তত্ত্বতে হওক, সূফী পৰম্পৰাৰ “ফনা”তে হওক — সকলোতে একেটাই বার্তা যে এই পৃথক সত্তাৰ ভাবটো এক মায়া, এক বিভ্রম ।

কিন্তু এই বিভ্রমটোক অতিক্রম কৰাটো এটি জনমৰ কামটো নহয় । শংকৰে নিজেই কৈছিল — বহু জনমৰ সাধনাৰ পিছতহে এই উপলব্ধি সম্ভৱ । তেনেহ’লে এই জনমত কি কৰিব পাৰি? এই জনমত আমি “অহম্”ক সম্পূর্ণ বিসর্জন দিব পাৰিলেও অহম্ৰ প্রভাৱক ক্রমাৎ হ্রাস কৰিব পাৰোঁ । “মই” কৈ যিমান কম ভবা যায়, “আমি” কৈ যিমান বেছি ভবা যায় — এই দিশটোতে প্রতিদিন অলপ অলপকৈ আগবাঢ়িলে আত্মা ক্রমাৎ সেই বৃহত্তৰ সত্তাৰ সৈতে যুক্ত হ’বলৈ সক্ষম হৈ উঠে ।

সমর্পণ — ই নিজৰ ইচ্ছাক অস্বীকাৰ কৰা নহয়, বৰং নিজৰ ক্ষুদ্র ইচ্ছাক বৃহত্তৰ সত্তাৰ মাজত বিলীন কৰি দিয়া । ই হ’ল পার্থিৱ জীৱনৰ সর্বোচ্চ আধ্যাত্মিক উপলব্ধি । ৰবীন্দ্ৰনাথে কৈছিল — “আমাৰ মাথা নত কৰে দাও হে তোমাৰ চৰণ-ধূলাৰ তলে”। এই নত কোনো দাসত্ব নহয়, ই হ’ল সমর্পণৰ মুক্তি ।

এই সাতটি পাথেয়ৰ মাজেৰে যদি এটাই কথা উপলব্ধি হয়, সেয়া হ’ল যে পুনর্জন্মৰ প্রস্তুতি মানে মৃত্যুৰ প্রস্তুতি নহয় । পুনর্জন্মৰ প্রস্তুতি মানে জীৱনক অধিক সম্পূর্ণভাৱে জীয়াই যোৱাৰ প্রস্তুতি । কাৰণ যি মানুহে জ্ঞান আহৰণ কৰি, প্রেম কৰি, সৎ কর্ম কৰি, নিজক চিনি, সৌন্দর্য অনুভৱ কৰি, ক্ষমা কৰি আৰু অহম বিসর্জন দি এই জনমটো অতিবাহিত কৰে, সেই মানুহে কেৱল পৰৱর্তী জনমৰ বাবে নহয়, এই জনমটো নিজেই সার্থক কৰি তোলে ।

তদুপৰি পুনর্জন্ম নাথাকেও যদি এই এটি মাত্র জনমেই সত্য তেতিয়াও এই পাথেয়সমূহ মূল্যহীন নহয় । কাৰণ এই পথেৰে চলা মানুহ কেৱল নিজৰ বাবে নহয়, তেওঁৰ চাৰিওফালৰ জগতখনৰ বাবেও আলোকস্বৰূপ হৈ পৰে । তেওঁৰ উপস্থিতিয়ে জগতখনক অলপ উজ্জ্বল কৰে, অলপ সুন্দৰ কৰে, অলপ মানৱিক কৰে ।

জন্ম আৰু মৃত্যুৰ মাজত মানুহে যি জীৱন অতিবাহিত কৰে, সেই জীৱনেই হ’ল তাৰ প্রকৃত পাথেয় । আত্মাৰ যাত্রা অব্যাহত থাকে এই জনমত, পৰৱর্তী জনমত, অনন্তকাল ধৰি । কিন্তু প্রতিটো জনমত আত্মাৰ সৈতে লৈ যায় তাৰ কৃতকর্ম, তাৰ অভিজ্ঞতা, তাৰ সংস্কাৰ । গতিকে এই জনমটো যদি সুন্দৰভাৱে, অর্থপূর্ণভাৱে, নৈতিকভাৱে যাপন কৰিব পাৰোঁ, তেন্তে পৰৱর্তী যি কিছু আহে, সি অৱশ্যমেৱ শুভ হ’ব । এই বিশ্বাসেই হ’ল পুনর্জন্মৰ দর্শনৰ সর্বোচ্চ উপহাৰ “আশা” । এক অনন্ত, অক্ষয়, মৃত্যুজয়ী আশা ।