পুনৰগঠিত হ’ব সোণোৱাল সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিঃ ধেমাজী অধিৱেশনৰ বিষয়বাচনি সভাৰ সিদ্ধান্ত প্ৰত্যাহাৰ: সভাপতি প্ৰশান্ত শইকীয়া কুমৰালক সোণোৱাল সাহিত্য সভাৰ পৰা অব্যাহতি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজীত অনুষ্ঠিত (৭-৯ ফেব্ৰুৱাৰী) সোণোৱাল কছাৰী সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ বিষয়বাচনি সভা অবৈধ ঘোষণাৰ লগতে এই সভাৰ দ্বাৰা নিৰ্বাচিত সভাপতি প্ৰশান্ত শইকীয়া [কুমৰাল] আৰু মুখ্য সম্পাদক মৃদুল সোণোৱালক উক্ত পদৰ পৰা অপসাৰণ কৰাৰ লগতে ‘অ সোণোৱাল’ৰূপে নিবাৰ্চনত অৱতীৰ্ণ বিতৰ্কিত ব্যক্তি প্ৰশান্ত কুমৰালক সভাৰপৰা সম্পুৰ্ণৰূপে অব্যাহতি প্ৰদান কৰা হৈছে৷ যোৱা ৬ এপ্ৰিলত ডিব্ৰুগড়ত অনুষ্ঠিত সভাৰ সিদ্ধান্ত সদৰি কৰি এক প্ৰেছ বিজ্ঞপ্তিযোগে সভাৰ সভাপতি মোহন সোণোৱালে কয় যে ধেমাজীৰ জীয়াধল আমোলগুৰিত সোণোৱাল কছাৰী সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি অভূতপূৰ্ব সফলতাৰে অনুষ্ঠিত হৈছিল যদিও ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিষয়বাচনি সভাৰ বৈধতাৰ প্ৰশ্নক লৈ বিগত দুমাহ ধৰি সাহিত্য সভাৰ ভিতৰচ’ৰা আৰু সমগ্ৰ সোণোৱাল সমাজত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল৷ এক অবাঞ্চিত আৰু হুলস্থুলীয়া পৰিৱেশৰ মাজত বিষয়বাচনি সভা পৰিচালনা কৰিবলৈ দুজনীয়া পৰ্যৱেক্ষকক দায়িত্ব দিয়া হৈছিল৷ কিন্তু সাহিত্য সভাৰ সংবিধানত বিষয়বাচনি সভাত পৰ্যবেক্ষক নিযুক্তিৰ কোনো নিয়ম নথকাত দুজনীয়া কমিটিখনৰ বৈধতাক লৈ পিছদিনাৰ পৰাই সমগ্ৰ সোণোৱাল সমাজ আৰু সাহিত্য সভাৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তদুপৰি অবৈধ বিষয়বাচনি সভাত সভাপতি পদত বাচনি কৰা [অমীমাংসিত] প্ৰশান্ত শইকীয়া কুমৰালক ভাৱমূৰ্তি আৰু বৈধতাক লৈ সোণোৱাল সমাজত সৰ্বত্ৰে চৰ্চা হোৱাত সাহিত্য সভাত অচলাৱস্থাৰ সৃষ্টি হৈছিল৷ এই সময়ছোৱাত সভাপতিৰ প্ৰাৰ্থিত্বত অৱতীৰ্ণ প্ৰশান্ত শইকীয়া কুমৰালৰ বিৰুদ্ধে ‘অ সোণোৱাল’ অভিযোগকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন হোৱাত জনজাতিটোৰ স্বাৰ্থত তথা সাহিত্য সভাত অচলাৱস্থাৰ দূৰ কৰিবলৈ যোৱা ৬ এপ্ৰিলত ডিব্ৰুগড় সোণোৱাল ভৱনত সভাৰ এখন জৰুৰী বিশেষ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈ যায়৷ সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ যে ৬ এপ্ৰিলৰ বিশেষ কাৰ্যনিৰ্বাহক সভাৰ বৈঠকে সভাৰ সংবিধানত বিষয়বাচনি সভাত ‘পৰ্যৱেক্ষক নিযুক্তি’ৰ কোনো নিয়ম নথকাত পৰ্যৱেক্ষকৰূপে নিযুক্তি দিয়া দুজনীয়া সমিতিখনে লোৱা সকলো সিদ্ধান্ত বাতিল কৰা হয়৷ ইয়াৰ লগে লগে সভাপতিৰ প্ৰাৰ্থী প্ৰশান্ত শইকীয়া কুমৰাল আৰু মৃদুল সোণোৱালৰ প্ৰাৰ্থিত্বও বাতিল হৈ যায়৷ তদুপৰি কোনো চৰকাৰী চাকৰিয়ালে সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য একক পদৱীত [সভাপতি আৰু মুখ্য সম্পাদক] অধিষ্ঠিত হ’ব নোৱৰাৰ বিষয়ে বিগত ০৩-০৪-২০২২ তাৰিখৰ সংবিধান সংশোধনী সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ কিন্তু আশ্বৰ্য জনকভাৱে এই সিদ্ধান্তটো পৰৱৰ্তী সময়ত ছপা আকাৰত প্ৰকাশিত সংবিধানখনত লিপিবদ্ধ নহ’ল৷ অতি গুৰুত্বপূৰ্ণ সংশোধনী দফাটো কিয় সংবিধানখনত লিপিবদ্ধ কৰা নহ’ল এই বিষয়ক লৈ কাৰ্যনিৰ্বাহকৰ বৈঠকত সদস্যসকলে প্ৰশ্ন তুলি ইয়াৰ এটা আভ্যন্তৰীণ তদন্ত কৰিবলৈ সভাপতিক কতৃৰ্ত্ব প্ৰদান কৰে৷ উক্ত সংবিধান সংশোধনী সভাত গৃহীত এই নিয়ম আখৰে আখৰে পালন কৰিবলৈ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এজন চৰকাৰী চাকৰিয়াল হৈয়ো প্ৰশান্ত শইকীয়া কুমৰালে নিজকে সভাপতি পদত প্ৰক্ষেপ কৰাটো দুৰ্ভাগ্যজনক বুলি সকলোৱে মত পোষণ কৰে৷ ৬-০৪-২০২৫ তাৰিখে অনুষ্ঠিত বিশেষ কাৰ্যনিৰ্বাহক বৈঠকৰ আৰম্ভণিতে সভাপতিয়ে প্ৰশান্ত শইকীয়া কুমৰালৰ বিৰুদ্ধে অভিযোগসমূহ এটা এটাকৈ পাঠ কৰি দিয়াৰ পিছত লিখিত অভিযোগ দাখিল কৰা সভাৰ উপদেষ্টা মণ্ডলীয়েও বক্তব্য আকাৰে পুনৰ অভিযোগসমূহ উত্থাপন কৰে আৰু ইয়াৰ উচিত মীমাংসাৰ দাবী জনায়৷ এই সন্দৰ্ভত উপস্থিত সদস্য সকলেও নিজৰ নিজৰ অভিমত ব্যক্ত কৰি সমগ্ৰ বিষয়টোৰ এক ইতিবাচক পৰিসমাপ্তি বিচাৰে৷ বিবৃতিটোত এইবুলিও প্ৰকাশ কৰিছে যে প্ৰশান্ত শইকীয়া কুমৰালে যোৱা ১৪-১২-২০২১ তাৰিখে মুখ্য উপদেষ্টা গুণেশ্বৰ সোণোৱালক এখন আনুষ্ঠানিক সভাত অপদস্থ কৰিছিল৷ মুখ্য উপদেষ্টাগৰাকীৰ লিখিত অভিযোগৰ উত্তৰত অভিযুক্তই এখন পত্ৰ দিছিল যদিও তাৰ সাংবিধানিক মীমাংসাৰ পৰা আজিপৰ্যন্ত দোষমুক্ত হোৱা নাই৷ বৰ্তমান প্ৰশান্ত শইকীয়া কুমৰালে আন দুগৰাকী উপদেষ্টা ভূৱন চন্দ্ৰ বড়া আৰু কুলস্বামী লালোৱাৰীক অপদস্থ কৰি থৈছে৷ ০৯-০২-২০২৫ তাৰিখে অনুষ্ঠিত সভাত আইন উপদেষ্টা ভূৱন চন্দ্ৰ বড়াক অপদস্থ কৰা প্ৰশান্ত শইকীয়া কুমৰালে আন এগৰাকী উপদেষ্টা কুলস্বামী লালোৱাৰীক অপদস্থ কৰাত তেওঁৰ বিৰুদ্ধে সাংবিধানিক অনুশাসনমূলক শাস্তিৰ দাবী উত্থাপন কৰে সভাৰ গৰিষ্ঠসংখ্যক সদস্যই৷ এনে বহু অভিযোগ, প্ৰশ্নৰ সন্মুখীন হোৱা প্ৰশান্ত শইকীয়া কুমৰালে সেইদিনাৰ বৈঠকত তাৰ কোনো সন্তোষজনক সদুত্তৰ দিব নোৱাৰি দোষ একপ্ৰকাৰে মূৰ পাতি লয়৷ আনহাতে বিভিন্ন সামজিক মাধ্যম, বাতৰি কাকত আৰু বিভিন্ন মহলত প্ৰশান্ত শইকীয়া কুমৰালৰ বিৰুদ্ধে ‘অ সোণোৱাল’ ব্যক্তিৰ অভিযোগ উত্থাপন হোৱাত সেইদিনাৰ বৈঠকত এই সন্দৰ্ভতো বিশদভাৱে আলোচনা হয় আৰু সাহিত্য সভাৰ পদবীত সোণোৱাল লোককহে স্থান দিয়া হ’ব বুলি সভাই স্পষ্ট কৰি দিয়ে৷ গতিকে উক্ত দিনাৰ বৈঠকত প্ৰশান্ত শইকীয়া কুমৰালৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ অতি গুৰুতৰ বুলি গণ্য কৰা হয় আৰু অভিযুক্তই দোষ স্বীকাৰ কৰি লোৱাত তেখেতৰ অনুৰোধ ৰক্ষা কৰি বহিস্কাৰৰ দৰে কঠোৰ শাস্তি প্ৰদান নকৰি তেওঁক সাহিত্য সভাৰ পৰা সম্পুৰ্ণৰূপে অব্যাহতি দিয়া হয়৷ সাহিত্য সভাখনিক গতিশীল কৰি তুলিবলৈ স্থিতাৱস্থা বাহাল ৰাখি সভাৰ সভাপতি আৰু মুখ্য সম্পাদকৰ পদত পূৰ্বৰ কেইজনকে দায়িত্ব দিবলৈ বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ বিশেষ কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্তসমূহ জিলা সমিতিসমূহলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱাৰ লগতে অতি শীঘ্ৰে এখন বিশেষ প্ৰতিনিধি সভা আহ্বান কৰিবলৈও সভাই সিদ্ধান্ত গ্ৰহণ কৰে৷